কামাখ্যা প্ৰসাদ তাছা (ইংৰাজী: Kamakhya Prasad Tasa) (জন্ম ১ জুন ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিক, যোৰহাট (লোকসভা সমষ্টি)ৰ ২০১৪-১৯ চনৰ সাংসদ আৰু ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যসভাৰ সাংসদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ২০১৩-১৭ চনলৈকে অসম ৰাজ্যিক উপ-সভাপতি আৰু ২০২৩ চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় সম্পাদক।

কামাখ্যা প্ৰসাদ তাছা
ৰাজ্যসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৪ জুন, ২০১৯
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী মনমোহন সিং
লোকসভাৰ সাংসদ
যোৰহাট (লোকসভা সমষ্টি)
কাৰ্যকাল
২৬ মে' ২০১৪ – ২৩ মে' ২০১৯
পূৰ্বসূৰী বিজয় কৃষ্ণ সন্দিকৈ
উত্তৰসূৰী তপন কুমাৰ গগৈ
ব্যক্তিগত তথ্য
জন্ম ১ জুন, ১৯৭৫ (৪৮ বছৰ)
যোৰহাট, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী কবিতা তাছা
শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়
৩ জানুৱাৰী, ২০১৭-ৰ তথ্য

পৃষ্ঠভূমি সম্পাদনা কৰক

তাছাৰ জন্ম হয় ১৯৭৫ চনৰ ১ জুনত যোৰহাটত। তেওঁৰ পিতৃ স্বৰ্গীয় দেওৰাম তাছা আৰু মাতৃ চম্পা তাছা। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

তাছাই ২০১৪ চনৰ ২৬ মাৰ্চত সাংসদ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।[1] ১ ছেপ্তেম্বৰ ২০১৪ চনত তেওঁ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ ষ্টেণ্ডিং কমিটিৰ সদস্য ৰূপে নিৰ্বাচিত হয়।

তথ্য উৎস সম্পাদনা কৰক