কালা (ইংৰাজী: Kala) এগৰাকী ভাৰতীয় নৃত্য পৰিচালক। পেছাগতভাৱে তেওঁ কালা মাষ্টাৰ নামেৰে পৰিচিত। তেওঁ ভাৰতীয় ৰিয়েলিটি ডান্স টেলেণ্ট শ্ব' মানাদা মায়িলাদাৰ (Maanada Mayilada) পৰিচালক তথা অনুষ্ঠানটোৰ তিনিজন বিচাৰকৰ ভিতৰত অন্যতম।[1] ২০০০ চনত মালয়ালম ছবি “কোচু কোচু সন্থোশংগল”ত (Kochu Kochu Santhoshangal) লোক-নৃত্যৰ ক্ৰমৰ বাবে তেওঁক শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়।[2][3] তেওঁ ভাৰতনাট্যম, কুচিপুড়ি, কথক আদি নৃত্যৰ ক্ষেত্ৰতো ধ্ৰুপদী প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

কালা
জন্ম ২৫ এপ্ৰিল, ১৯৭১ (৫৩ বছৰ)
চেন্নাই, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা নৃত্য পৰিচালনা
বিচাৰক
সক্ৰিয় হৈ থকা সময় ১৯৮৪–বৰ্তমান
দাম্পত্যসঙ্গী গোবিন্দৰাজন (বিবাহ.১৯৯৭; বিচ্ছেদ.১৯৯৯)
মহেশ (বিবাহ.২০০৪ – বৰ্তমানলৈকে)

কেৰিয়াৰ সম্পাদনা কৰক

১৯৯০ চনত ভাৰতনাট্যমৰ বাবে নাট্য কলানিথি বঁটা লাভ কৰা প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী কালা এগৰাকী বিদ্যালয় ত্যাগ কৰা শিশু আছিল। বিদ্যালয় ত্যাগ কৰি কালাই নিজৰ ভনী জোৱাই নৃত্য পৰিচালক ৰঘুৰামৰ প্ৰভাৱত চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ১৯৮২ চনত ১২ বছৰ বয়সত সহকাৰী কৰিঅ'গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰা ১৯৮৬ চনত কমল হাছান আৰু ৰেৱতী অভিনীত “পুন্নাগাই মান্নান” ছবি নিৰ্মাণৰ সময়ত তেওঁ সুযোগ লাভ কৰে, কাৰণ পৰিচালক কে. বালাচন্দৰে কালাক ব্যস্ত ৰঘুৰামৰ ঠাই পূৰণ কৰিবলৈ পৰামৰ্শ দিছিল।[4] ইয়াৰ পিছত বালাচন্দৰে “পুধু পুধু অৰ্থাংগল” (১৯৮৯)ৰ মুখ্য নৃত্য পৰিচালক হিচাপে তেওঁক পুনৰ বাছনি কৰে।

তাৰ পিছত তামিল, তেলেগু, মালয়ালম, হিন্দী, কানাড়া, উড়িয়া, বাংলা, ইংৰাজী, ইটালীয় আৰু জাপানীকে ধৰি বিভিন্ন ভাষাৰ ৪০০০ৰো অধিক গীতত তেওঁ কাম কৰি আহিছে। “আজহাগান” ছবিৰ "কোজি ক'ভুম নেৰাম আচু" (Kozhi Koovum Neram achu) গীতটোক তেওঁৰ অন্যতম আগশাৰীৰ কাম বুলি উল্লেখ কৰাৰ লগতে অভিনেত্ৰী ভানুপ্ৰিয়াক তেওঁৰ প্ৰিয় নৃত্যশিল্পী বুলিও উল্লেখ কৰিছে। বাংগালুৰুত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ১৯৯৬ বিউটি পেজেণ্টৰ কোৰিঅ’গ্ৰাফী কৰাৰ সুযোগ প্ৰদান কৰা হয় যাৰ বাবে তেওঁ লাভ কৰে উৎকৃষ্টতাৰ বিশেষ বঁটা। তদুপৰি মালয়েছিয়াত প্ৰশান্ত আৰু সাতগৰাকী নায়িকাক লৈ অনুষ্ঠিত হোৱা এটা মঞ্চ অনুষ্ঠানে তেওঁক খ্যাতিৰ দিশত আগুৱাই লৈ গৈছিল। ২০০০ চনত মালয়ালম ছবি “কোচু কোচু সন্থোশংগল”ত লোকনৃত্যৰ ক্ৰমৰ বাবে তেওঁক শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়।[5] চেন্নাইত পাঁচটা শাখা থকা কালাৰ “কলালায়া” নামৰ চলচ্চিত্ৰ নৃত্য বিদ্যালয় এখন আৰম্ভ কৰে। এনে বিদ্যালয় আৰম্ভ কৰা তেওঁ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়। ভনীয়েকহঁতৰ লগত তাই বিদ্যালয়খন পৰিচালনা কৰে। কালাৰ যোগ্যতা হৈছে ধ্ৰুপদী, ভাৰতীয় লোক, ভাংৰা আৰু পশ্চিমীয়া খোজৰ পৰা অনুপ্ৰাণিত এটা অদ্ভুত নৃত্যৰ ৰূপ জনপ্ৰিয় কৰা।[6] চন্দ্ৰমুখী ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰে। তাৰ পিছত তেওঁ নৃত্য ৰিয়েলিটি শ্ব' পৰিচালনাৰ বিশেষজ্ঞতা লাভ কৰে, বিশেষকৈ “মানাদা মায়িলাদা”। এই অনুষ্ঠানটোৱে ইতিমধ্যে নটা ছিজন সমাপ্ত কৰিছে।[7] বৰ্তমান তেওঁ কলাইগনাৰ টিভিৰ ডান্স ৰিয়েলিটি শ্ব’ “ওডি বিলায়দু পাপা”ৰ বিচাৰক হিচাপে কাম কৰি আছে।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

সাতজনীয়া ছোৱালীৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কালাই শৈশৱত এটা কোঠাৰ এটা ঘৰত ডাঙৰ-দীঘল হোৱা বুলি প্ৰকাশ কৰে। এগৰাকী জ্যেষ্ঠ ভগ্নী জয়ন্তীয়ে, প্ৰথমে নৃত্য আৰম্ভ কৰিছিল আৰু “উথিৰিপুক্কল” আৰু “পূট্টাথা পুক্কল” নামৰ দুখন ছবিত নায়িকা হিচাপে অভিনয় কৰিছিল। কলাৰ দ্বিতীয় ভগ্নী গিৰিজা, কলাক্ষেত্ৰত ভাৰতনাট্যম শিকিছিল; আৰু নৃত্য পৰিচালক থাংগম আৰু পিছলৈ ৰঘুৰাম মাষ্টাৰৰ সৈতে কাম কৰিছিল, যাক তেওঁ পিছলৈ বিয়া কৰায় আৰু লগতে এগৰাকী স্বতন্ত্ৰ নৃত্য পৰিচালক ৰূপে প্ৰতিস্থিত হয়। কালা ষষ্ঠ কন্যা আছিল, আনহাতে তেওঁৰ সৰু ভগ্নী বৃন্দা এগৰাকী আগশাৰীৰ নৃত্য পৰিচালক।[8]

তেওঁৰ এগৰাকী ভতিজা প্ৰসন্ন সুজিতো এগৰাকী চলচ্চিত্ৰ নৃত্য পৰিচালক। তেওঁৰ এগৰাকী ভতিজী প্ৰয়াত ৰঘুৰাম মাষ্টাৰ আৰু তেওঁৰ ভগ্নী গিৰিজাৰ কন্যা মাষ্টাৰ গায়ত্ৰী ৰঘুৰামো এগৰাকী নৃত্য পৰিচালক আৰু এগৰাকী অভিনেতা। ইয়াৰ উপৰিও জয়ন্তী মাষ্টাৰৰ কন্যা তথা অভিনেতা শান্তনু বাঘ্যৰাজৰ পত্নী কীৰ্তিক তেওঁৰ নৃত্য ৰিয়েলিটি শ্ব’ “মানদা মায়লাদা”ত এংকৰ হিচাপে কাম কৰে।

ইয়াৰ পূৰ্বে ১৯৯৭ চনত ইউ. এ. ই.ৰ ব্যৱসায়ী অভিনেত্ৰী স্নেহাৰ ভাতৃ গোবিন্দৰাজনৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পিছত কালা প্ৰথমে ডুবাইলৈ স্থানান্তৰিত হৈছিল যদিও সমস্যাৰ বাবে তেওঁ চেন্নাইলৈ উভতি আহি পুনৰ কোৰিঅ’গ্ৰাফী আৰম্ভ কৰিবলৈ বাধ্য হয়। ১৯৯৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু তাৰ পিছতে কালা আৰু বৃন্দাই বিতৰ্কিতভাৱে স্নেহাৰ নৃত্য ক্ষমতাৰ বিষয়ে এখন আলোচনীৰ প্ৰতি অপমানজনক মন্তব্য কৰে।[9]

২০০৪ চনত কালা মহেশৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এয়া আছিল প্ৰেমৰ বিবাহ। ২০০৭ চনত তেওঁলোকৰ বিদ্যুৎ নামৰ এজন পুত্ৰৰ জন্ম হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. The dancing queen of Tamil TV – Rediff.com Movies. Movies.rediff.com (2010-07-13). Retrieved on 2013-11-30.
  2. "48th National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/2011/48th_nff_2001.pdf। আহৰণ কৰা হৈছে: 13 March 2012. 
  3. 48th National Film Awards.nic.in
  4. In her footsteps. The Hindu (2003-10-06). Retrieved on 2013-11-30.
  5. 48th National Film Awards. nic.in
  6. Metro Plus Pondicherry / Interview : Master of moves. The Hindu (2005-10-29). Retrieved on 2013-11-30.
  7. Metro Plus Kochi / People : She makes them dance to her tunes. The Hindu (2008-10-27). Retrieved on 2013-11-30.
  8. Ethiraj, Gopal. (2009-09-21) Sunday celebrity:Kala Master: she is ‘sagala Kala vallavi’. Asian Tribune. Retrieved on 2013-11-30.
  9. Tamil movies : Dancing sisters’ war dance against Sneha. Behindwoods.com (2006-07-07). Retrieved on 2013-11-30.