কীৰ্ত্তিমুখ বা কীৰ্তিমুখ (সংস্কৃত: कीर्तिमुख) হৈছে বিশাল দন্তযুক্ত, আৰু মেলি থকা মুখেৰে এক উগ্ৰ দানৱৰ চানেকি। ভাৰতৰ হিন্দু মন্দিৰৰ স্থাপত্যসমূহত ইয়াক সততে দেখা যায়। দক্ষিণ-পূব এছিয়া আৰু প্ৰায়ে বৌদ্ধ স্থাপত্যতো ইয়াৰ উপস্থিতি দেখা পোৱা যায়।[1]

কীৰ্ত্তিমুখ

ভাৰতৰ কৰ্ণাটকৰ গডাগ জিলাৰ লক্কুণ্ডিত কাশীবিশ্বেশ্বৰ মন্দিৰত কীৰ্ত্তিমুখ
শ্ৰেণী কিংবদন্তিমূলক জীৱ
সম্পৰ্কীয় জীৱ মকৰ
দেশ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া

ই আন হিন্দু কিংবদন্তি জীৱ যেনে মকৰ আদিৰ দৰে নহয়। কীৰ্তিমুখ মূলতঃ শিল্পৰ এক আলংকৰিক চানেকি। ইয়াৰ উৎপত্তি স্কন্দ পুৰাণ আৰু শিৱ পুৰাণৰ পৰা এক কিংবদন্তি ৰুদ্ৰ সংহিতাৰ যুদ্ধ খণ্ডৰ পৰা হৈছে।

উৎপত্তি আৰু বৈশিষ্ট্য

সম্পাদনা কৰক
 
নেপালৰ কাঠমাণ্ডুৰ এটা হিন্দু মন্দিৰৰ প্ৰৱেশদ্বাৰৰ ওপৰত কীৰ্তিমুখ

সংস্কৃতত কীৰ্তি শব্দৰ অৰ্থ হৈছে যশ বা গৌৰৱ। কীৰ্তিমুখৰ উৎপত্তিৰ কাহিনীটো অসুৰৰ ৰজা জলন্ধৰৰ সৈতে জড়িত।[2] জলন্ধৰ আছিল শিৱৰ ক্ৰোধাগ্নিৰ পৰা জন্মলাভ কৰা এক পৰম শক্তিশালী আৰু কীৰ্তিমান অসুৰ। আত্মগৰ্বৰ ফলত তেওঁ শিৱক প্ৰত্যাহ্বান জনাবলৈ নিজৰ দূত ৰাহুক প্ৰেৰণ কৰিছিল। ৰাহুৱে দূত হিচাপে গৈ শিৱৰ পৰা পাৰ্বতীক জলন্ধৰৰ পত্নী হিচাপে দাবী কৰিছিল।[3] তেতিয়া শিৱ অতিশয় ক্ৰোধান্বিত হয় আৰু তেওঁৰ তৃতীয় নয়নৰ পৰা শক্তিৰ প্ৰচণ্ড নিৰ্গমন ঘটি এক ভয়ংকৰ ভোকাতুৰ সিংহৰ সৃষ্টি কৰিছিল। আতংকিত ৰাহুৱে শিৱৰ কৃপা ভিক্ষা কৰাত শিৱই কীৰ্তিমুখৰ ক্ষুধা নিবাৰণ কৰিবলৈ নিজৰেই মাংস খাবলৈ পৰামৰ্শ দিলে।[4] গতিকে কীৰ্তিমুখে শিৱৰ আদেশ অনুসৰি ঠেংৰ পৰা আৰম্ভ কৰি স্বেচ্ছাই তেওঁৰ শৰীৰটোখ্ভক্ষণ কৰে আৰু কেৱল মুখখন বাকী ৰয়। ফলত শিৱ সন্তুষ্ট হয় আৰু ইয়াক কীৰ্ত্তিমুখ নাম দি ঘোষণা কৰে যে ই সদায় তেওঁৰ মন্দিৰৰ দুৱাৰমুখত থাকিব। সেয়ে কীৰ্তিমুখক শিৱৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

দক্ষিণ ভাৰতীয় স্থাপত্যসমূহত কীৰ্তিমুখক প্ৰায়ে মন্দিৰৰ শিখৰ বা দেৱতাৰ প্ৰতিমূৰ্তিৰ ওপৰত আলংকৰিক চানেকি হিচাপে ব্যৱহাৰ কৰা হয়। কীৰ্তন্মুখে মূলতঃ এক দানৱ-মুখা বা প্ৰৱেশদ্বাৰৰ অভিভাৱক হিচাপে কাম কৰে।[5]

কীৰ্ত্তিমুখক কেতিয়াবা আন এটা ভাস্কৰ্য্য উপাদান সিংহমুখাৰ (সিংহমুখ) সৈতে সানমিহলি কৰা হয়।[6] কিন্তু কীৰ্তিমুখ হৈছে সৰ্ব ভক্ষণকাৰীৰ আকৃতি।[7]

উখহি উঠা চকুৰ এই দানৱীয় মুখখন বহু হিন্দু মন্দিৰত অভ্যন্তৰলৈ যোৱা প্ৰৱেশদ্বাৰৰ ওপৰত স্থাপন কৰা হয়।[8] দ্ৰাবিড় স্থাপত্য আৰু অন্যান্য ঠাইত ই গৱাক্ষৰ চানেকিৰ শীৰ্ষত থাকে। অধিকাংশ স্থাপত্যত ইয়াক কেৱল এখন মুখ হিচাপে দেখা যায় যদিও কিছুমান ঠাইত ইয়াৰ বাহু দুটাও চিত্ৰিত কৰা হয়। শিৱৰ জঁটাতো কেতিয়াবা এই চানেকি পোৱা যায়।[9]

কিছুসংখ্যক লেখকে কীৰ্তিমুখক গ্ৰীক কিংবদন্তিৰ অউৰ'বৰ'ছৰ সৈতে তুলনা কৰিছে।[10]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Yalli and Mukha". http://www.khandro.net/mysterious_vyali_mukha.htm। আহৰণ কৰা হৈছে: 2007-02-25. 
  2. Heinrich Zimmer, Myths and Symbols in Indian Art and Civilisation, edited by Joseph Campbell. New York: Harper Torchbooks, 1946, p.175
  3. Ibid., p. 176
  4. Ibid., p. 180
  5. Ibid., p. 182
  6. Robert Beer. The Encyclopaedia of Tibetan Symbols and Motifs. ISBN 1-932476-10-5. 
  7. Eckard Schleberger, Die indische Götterwelt
  8. Rohan Bastin, The Domain of Constant Excess: Plural Worship at the Munnesvaram Temples in Sri Lanka
  9. Zimmer, p. 182
  10. "The Theosophical Society - The Predator, turning back on itself". Archived from the original on 2016-07-17. https://web.archive.org/web/20160717022159/http://www.pittsburghts.org/downloads/winter2006.pdf। আহৰণ কৰা হৈছে: 2023-05-05.