কুশান নৃত্য
কুশান নৃত্য (ইংৰাজী: Kushan Dance) অথবা কুশান গান কৃত্তিবাসী ৰামায়ণৰ আধাৰত সৃষ্টি কৰা কোচ ৰাজবংশীসকলৰ এক লোককলা৷ কুশান নামটোৰ উৎপত্তিৰ সৈতে বহুতৰ মাজত মতভেদ আছে৷ কোনো কোনোৰ মতে, কোচ জাতিৰ নামৰ পৰাই কুশান নাম হৈছে; কোনোৰ মতে, ৰামায়ণৰ কুশৰ নামৰে কুশান হৈছে আৰু আন কিছুমানৰ মতে ৰামায়ণৰ পূৰ্বৰ পৰাই কুশান শব্দৰ প্ৰচলন আছে৷ যি নহওক “কুশান এক গীতি-নৃত্য আধাৰিত লোকনাট্য অনুষ্ঠান।[1] লোকনৃত্যবোৰত সাধাৰণতে নাটকীয় উপাদান থাকে৷ কুশান নৃত্য বা কুশান গান, ৰামায়ণৰ কাহিনী নিৰ্ভৰ৷ সেয়ে, শিল্পীসকলে ৰামায়ণৰ কাহিনী কামতাপুৰী বা ৰাজবংশী ভাষাত সংগীতৰ পদ্যৰ যোগেদি বৰ্ণনা কৰে। কুশন লোকনাট্য পঞ্চদশ শতিকাৰ পৰাই চলি আছে বুলি অনুমান কৰিব পাৰি যেতিয়া কোঁচ বংশই অসম, পশ্চিম বংগ, আৰু বৰ্তমানৰ উত্তৰ বাংলাদেশ শাসন কৰিছিল। কুশান নামটোৰ উৎসত সীতাৰ দ্বিতীয় পুত্ৰ কুশৰ নামত জড়িত হৈ আছে।[2] উত্তৰাকাণ্ড ৰামায়ণত ৰামৰ ৰাজসভাত লৱ-কুশই ৰামায়ণ গোৱাৰ কাহিনীৰ পৰাই এই পৰম্পৰা উৎপত্তি হৈছে বুলিব পণ্ডিতসকলে অনুমান কৰে৷ [3]
নৃত্যৰ শৈলী
সম্পাদনা কৰককুশান গান বা নাচ এবিধ দলীয় অনুষ্ঠান। এটা কুশান গানৰ দলত প্ৰায় একুৰিৰো অধিক শিল্পী থাকে। কুশান গানৰ দলৰ মূল গায়ক জনক গীদাল বোলা হয়। গীদাল গৰাকীয়ে সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে। গীদাল গৰাকীয়ে লগাই দিয়া পদবোৰ পাইল বা পালিয়ে সুৰ ধৰি গায়। কুশান গানত ব্যৱহৃত বাদ্যযন্ত্ৰ বজোৱা জনক বাদক বাইন বুলি কোৱা হয়। কুশান গানত গীতৰ তালে তালে চুকুৰী সকলে নাচে। গীদাল আৰু তেওঁৰ সংগী সকলে অৰ্থব্যঞ্জক মুদ্ৰাৰ উপস্থাপনৰ জৰিয়তে গীত-পদ পৰিৱেশন কৰে। মাজে মাজে বিসংগতিপূৰ্ণ হাস্যৰসাত্মক কাহিনী পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়ে। তেতিয়াই চুকুৰী সকলে নাচে। পূৰ্বতে পুৰুষ সকলেই নাৰীৰ সাজ-পোছাক পৰিধান কৰি চুকুৰী হৈছিল যদিও বৰ্তমান নাৰী সকলেই এই কাৰ্য সম্পাদন কৰা দেখিবলৈ পোৱা যায়। কুশান গানত বেণাৰ ব্যৱহাৰ অপৰিহাৰ্য।[3] [4]
নৃত্যত ব্যৱহৃত বাদ্য
সম্পাদনা কৰকজনজাতীয় বৈশিষ্ট্য থকা কুশান নাচত কেইবাটাও থলুৱা বাদ্য ব্যৱহাৰ কৰা হয়৷ বেনা, সাৰিন্দা, খোল, বাঁহী, জুৰি আদি লোকবাদ্য কুশান নাচত বজোৱা হয়৷ এই বাদ্যযন্ত্ৰবোৰৰ সহায়ত ঢিমা, ঢেউ, লবা, দুটুকী, লেছাৰী আদি বোলৰ তালত ছোকৰা ছুকুৰীসকলে নৃত্য কৰে৷ অনুষ্ঠিত হোৱাৰ দিনা গোটেই নিশা কুশান নাচ চলে৷ ৰামায়ণৰ কাহিনীৰ ওপৰত ৰচিত গীত গোৱাৰ উপৰি কাহিনী বহিৰ্ভূত কিছুমান গীতো গোৱা হয় আৰু এইবোৰতো শিল্পীসকলে নৃত্য কৰা দেখা যায়৷[3]
দুটিমান গীতৰ অংশ
সম্পাদনা কৰককুশান গানৰ বিষয়বস্তু মূলতঃ ৰামায়ণ কেন্দ্ৰিক। কিন্তু স্থান বিশেষে বহু কুশান গানৰ দলে মহাভাৰত আৰু অন্যান্য পুৰাণৰ কাহিনী সমূহকো উপস্থাপন তথা পৰিৱেশন কৰা দেখিবলৈ পোৱা যায়।
ৰামায়ণৰ কাহিনী
সম্পাদনা কৰকশ্ৰীৰাম ৰাবণ যুদ্ধ লাগিল আবাৰ৷
বাচিয়া বাচিয়া ৰাম কৰেন প্ৰহাৰ৷
শ্ৰীৰামেৰ বাণে ৰাজা কৰে ধৰফৰ৷
সহিতে নাপাৰি ৰাজা উঠিয়া দিল লৰ৷
সাৰথিৰে আজ্ঞা দিল ৰাজা দশানন৷
লঙ্কাতে চালাও ৰথ ত্বৰিত গমন৷..... আদি[3]
কাহিনী বহিৰ্ভূত
সম্পাদনা কৰকআই মুই সখীন দেখিয়া বসিনুং কাইন৷
দিনমনে না পৰে হাতেৰ গাইন৷
ৰাইতে দিনে আমৰা বাৰা বানি৷
কথা কইলে পৰে চৌখেৰ পানী৷
একদিন যদি মৰা কামাই কৰে৷
দুইদিন থাকে বসিয়া৷
ছোটো দেওৰায় দেয় মোক কাপোৰ কিনিয়া৷..... আদি৷[3]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ নাথ, দ্বিজেন (২০০৮). গোৱালপৰীয়া লোকসংস্কৃতি. বনলতা. পৃষ্ঠা. ১৫৮. ISBN 978-81-7339-422-5.
- ↑ "লোক পৰিবেশনৰ বাবে জীয়াই থকাৰ সংগ্ৰাম, কুশন" (as-US ভাষাত). বংগ কাহিনী - ইংৰাজী. 2018-06 -11. https://thebengalstory.com/english/a-struggle-for-survival-for-folk-performance-kushan/। আহৰণ কৰা হৈছে: 2020- 11-17.
- ↑ 3.0 3.1 3.2 3.3 3.4 ভকত, ড° লাবণ্য (২০২১). কোচ-ৰাজবংশী সংস্কৃতি কোশ. বনমালী প্ৰকাশন. পৃষ্ঠা. ৩৩১, ৩৩২, ২২৯. ISBN 978-93-81678-81-7.
- ↑ ৰাজবংশী, পৰমানন্দ; দাস, নাৰায়ণ (সম্পা:) (২০০৬). অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ৮৪.