কৃষ্ণাংগ নাৰীবাদক (ইংৰাজী: Black feminism) আমেৰিকাৰ বাহিৰত আফ্ৰিকান-নাৰীবাদ(Afro-feminism) বুলি কোৱা হয়৷ কৃষ্ণাংগ নাৰীবাদ নাৰীবাদৰ এনে এটা শাখা যি আফ্ৰিকান-আমেৰিকীয় মহিলাৰ অভিজ্ঞতাত কেন্দ্ৰীভূত আৰু বৰ্ণবাদ তথা যৌনতাবাদৰ আন্তঃবিভাজনক স্বীকৃতি দিয়ে। কৃষ্ণাংগ নাৰীবাদে কৃষ্ণাংগ মহিলাসকলে তেওঁলোকৰ সামাজিক পৰিচয়ৰ বাবে সন্মুখীন হোৱা অতিৰিক্ত প্ৰান্তীয়কৰণকো স্বীকাৰ কৰে।

কৃষ্ণাংগ নাৰীবাদৰ দৰ্শনে এই ধাৰণাটোক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে যে "কৃষ্ণাংগ নাৰী সহজাতভাৱে মূল্যৱান, যে কৃষ্ণাংগ নাৰীৰ মুক্তি আন কাৰোবাৰ সংযোজন হিচাপে নহয় কিন্তু স্বায়ত্তশাসনৰ বাবে মানৱ ব্যক্তি হিচাপে আমাৰ প্ৰয়োজনৰ বাবেই এক আৱশ্যকীয়তা।"[1]

১৯০০ৰ পৰা ১৯৬০ চনলৈ সম্পাদনা কৰক

দাসত্বৰ পিছৰ সময়ছোৱাত কৃষ্ণাংগ মহিলা বুদ্ধিজীৱী আৰু কৰ্মীসকল: যেনে: ছ'জাৰ্নাৰ ট্ৰুথ, আন্না জুলিয়া কুপাৰ, আইডা বি ওৱেলছ্, মেৰী চাৰ্চ টেৰেল আৰু ফ্ৰান্সিছ হাৰ্পাৰে কৃষ্ণাংগ নাৰীবাদৰ ভিত্তি হ'বলগীয়া নীতিসমূহ গতিশীল কৰি তুলিছিল।[2] এই মহিলাসকলে এনেকুৱা কাম সম্পন্ন কৰিছিল যিবোৰ কৃষ্ণাংগ মহিলাসকলে আগতে শুনা নাছিল, যেনে: ৰাজহুৱা বক্তৃতা দিয়া, ভোটাধিকাৰৰ বাবে যুঁজ দিয়া আৰু পুনৰ্গঠনৰ পিছত সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰা।

ভোটাধিকাৰ আছিল শ্বেতাংগ আৰু কৃষ্ণাংগ নাৰীবাদীৰ মাজত বিভাজনৰ প্ৰাৰম্ভিক ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম। ১৮০০ চনৰ শেষৰ ফালে আৰু ১৯০০ চনৰ আৰম্ভণিতে নাৰীবাদৰ আন্দোলন হিচাপে উত্থান ঘটিছিল যদিও এই আন্দোলনৰ শ্বেতাংগ নাৰীবাদীসকলে কৃষ্ণাংগ নাৰীক প্ৰায়ে অতিক্ৰম কৰিছিল আৰু অৱজ্ঞা কৰিছিল। ইয়াৰ ফলত কৃষ্ণাংগ নাৰীবাদীসকলক বাধা দিয়া নহ’ল, যিসকলে এই কাৰ্যৰ বাবে যুঁজিবলৈ ভৱিষ্যতে এক সুকীয়া পথৰ সৃষ্টি কৰিব। ইয়াৰ পৰা ১৯০৪ চনত প্ৰতিষ্ঠা হোৱা নেচনেল এছ'চিয়েচন অৱ কলাৰ্ড ৱমেনছ ক্লাব (NACWC), ১৯০৯ চনত প্ৰতিষ্ঠা হোৱা নেচনেল এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ কালাৰ্ড পিপল (NAACP) আৰু ১৯২১ চনত প্ৰতিষ্ঠা হোৱা নেচনেল এছ'চিয়েচন অৱ ৱেজ আৰ্নাৰ্ছৰ জন্ম হয়।[3]

১৯০০ চনৰ আৰম্ভণিতে নাৰীবাদী বিষয়বস্তু গ্ৰহণ কৰা কৃষ্ণাংগ লেখকসকলৰ ভিতৰত আছিল শিক্ষাবিদ আৰু কৰ্মী মেৰী চাৰ্চ টেৰেল আৰু জোৰা নীল হাৰ্ষ্টন। টেৰেলে তেওঁৰ আত্মজীৱনী এ কালাৰড ৱমেন ইন এ হোৱাইট ৱৰ্ল্ড (১৯৪০)ত বৰ্ণবাদ আৰু যৌনতাবাদ দুয়োটাৰে অভিজ্ঞতাৰ বুৰঞ্জী লিখিছে।[4]হাৰ্ষ্টনৰ যথেষ্ট সংখ্যক প্ৰকাশিত গ্ৰন্থৰ ভিতৰত জেনী ক্ৰফৰ্ডৰ এগৰাকী শক্তিশালী মহিলা নায়িকাক লৈ লিখা উপন্যাস থেয়াৰ আইজ ৱাৰ ৱাচিং গড (১৯৩৭)।[5]

আমেৰিকাৰ সংবিধানৰ ঊনবিংশ সংশোধনী গৃহীত (১৯২০) আৰু ১৯৬০ চনৰ মাজৰ দশকবোৰ নাৰীবাদৰ "ঢৌ" যুগৰ ভিতৰত অন্তৰ্ভুক্ত নহয় যদিও কৃষ্ণাংগ নাৰীবাদী সক্ৰিয়তাৰ বিকাশৰ ক্ষেত্ৰত এইটো আছিল বিশেষভাৱে গুৰুত্বপূৰ্ণ মুহূৰ্ত।[6] এই সময়ছোৱাত কেইগৰাকীমান উগ্ৰ কৃষ্ণাংগ মহিলা কৰ্মীয়ে কমিউনিষ্ট দলত যোগদান কৰে বা ইউনিয়ন কৰ্মীত মনোনিৱেশ কৰে। তেওঁলোকে সকলোৱে নাৰীবাদী বুলি পৰিচয় দিয়া নাছিল যদিও তেওঁলোকৰ তত্ত্বত এনে গুৰুত্বপূৰ্ণ ৰচনা অন্তৰ্ভুক্ত কৰা হৈছিল যিবোৰ আন্তঃবিভাজনীয়তাৰ তত্ত্বৰ ভেটি— অৰ্থাৎ জাতি, লিংগ আৰু শ্ৰেণীক একত্ৰিত কৰা। উদাহৰণস্বৰূপে; ১৯৪০ চনত এষ্টাৰ ভি কুপাৰে (বিবাহিত নাম এষ্টাৰ কুপাৰ জেকচন)দ্য নিগ্ৰো ৱমেন ডমেষ্টিক ৱৰ্কাৰ ইন ৰিলেচন টু ট্ৰেড ইউনিয়নিজম নামৰ গৱেষণা-পত্ৰ লিখে আৰু ১৯৪৯ চনত ক্লাউডিয়া জ'নে এন এণ্ড টু দ্য নেগলেক্ট অৱ দ্য প্ৰব্লেমছ অৱ দ্য নিগ্ৰো ৱমেন" লিখে।[7][8]

একৈশ শতিকাত সম্পাদনা কৰক

ছছিয়েল মিডিয়াত সম্পাদনা কৰক

নতুন শতিকাটোৱে "পৰম্পৰাগত" নাৰীবাদৰ পৰা আঁতৰি আহি কিছুমান নব্য চিন্তাৰ সৃষ্টি কৰিছে। তৃতীয় ঢৌৰ নাৰীবাদে নাৰীবাদী সক্ৰিয়তাত অধিক আন্তঃবিভাজন আৰু কৃষ্ণাংগ কিম্বা অন্যান্য সংখ্যালঘু জনগোষ্ঠীয় মহিলাসকলক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা দাবী কৰিছিল। তদুপৰি প্ৰযুক্তিৰ উন্নতিয়ে নতুন ডিজিটেল নাৰীবাদৰ বিকাশত সহায় কৰিলে। এই অনলাইন সক্ৰিয়তাত লিংগ সমতা আৰু সামাজিক ন্যায়ৰ বিষয়ে আলোচনা কৰিবলৈ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব, টাম্বলাৰ, আৰু অন্যান্য ধৰণৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ জড়িত। NOW Torontoৰ মতে, ইণ্টাৰনেটে এক "কল-আউট" সংস্কৃতিৰ সৃষ্টি কৰিছে, য'ত যৌনতাবাদ বা নাৰীবিদ্বেষক তুলনামূলকভাৱে সহজেই বিচাৰি পাব পাৰি আৰু প্ৰত্যাহ্বান জনাব পাৰি।

এই পৰিৱৰ্তনৰ শৈক্ষিক সঁহাৰি হিচাপে বহু পণ্ডিতে নাৰীবাদ আৰু বিচিত্ৰ তত্ত্বৰ আলোচনাত বৰ্ণৰ সমালোচনাৰ বিচিত্ৰতা অন্তৰ্ভুক্ত কৰিছিল।[9][10] বৰ্ণৰ সমালোচনাৰ কুইয়াৰে সামাজিক শ্ৰেণীসমূহৰ প্ৰতিনিধিত্বমূলক আৰু বৈপ্লৱিক সমালোচনা সৃষ্টি কৰিবলৈ "উগ্ৰবাদী হেটেৰ'নৰ্মেটিভিটি আৰু হেটেৰ'পেট্ৰিয়াৰ্কি"ৰ বৃহত্তৰ বিষয়বস্তুৰ সৈতে ভুল চিনাক্তকৰণৰ এক আন্তঃবিভাজনমূলক পদ্ধতি বিচাৰে।[11][12][13] বৰ্ণৰ সমালোচনাৰ কুইয়াৰৰ উদাহৰণ কম্বাহী ৰিভাৰ কালেকটিভৰ বক্তব্যত দেখা যায়, যিয়ে কৃষ্ণাংগ লেছবিয়ানসকলে সন্মুখীন হোৱা অত্যাচাৰৰ আন্তঃবিভাজনতাক সম্বোধন কৰে।[14]

২০১০ চনত কৃষ্ণাংগ নাৰীবাদৰ পুনৰুজ্জীৱন ঘটিছিল। অধিক প্ৰভাৱশালী ব্যক্তিসকলে নিজকে নাৰীবাদী বুলি পৰিচয় দিবলৈ আৰম্ভ কৰাৰ লগে লগে ছ'চিয়েল মিডিয়াত বৰ্ণবাদী আৰু যৌনতাবাদী পৰিস্থিতি উন্মোচন কৰিবলৈ ইচ্ছুক যুৱ কৃষ্ণাংগ নাৰীবাদীসকলৰ সংখ্যা বৃদ্ধি পালে।[15]

ব্লেক লাইভছ মেটাৰ সম্পাদনা কৰক

ব্লেক লাইভছ মেটাৰ নামৰ কৰ্মী আন্দোলনটো প্ৰথমে অপাল টমেটি, এলিচিয়া গাৰ্জা আৰু পেট্ৰিছ কান-কালাৰ্ছে আমেৰিকাত আফ্ৰিকান আমেৰিকানসকলৰ বিৰুদ্ধে বৰ্ণবাদ আৰু আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ হেচটেগ হিচাপে গঠন কৰিছিল।[16]এই আন্দোলনে কৃষ্ণাংগ নাৰীবাদী আন্দোলনৰ পুনৰুজ্জীৱিতকৰণ আৰু পুনৰ পৰীক্ষাত অৰিহণা যোগাইছিল।[17] ব্লেক লাইভছ মেটাৰ আন্দোলনত কৃষ্ণাংগ পুৰুষৰ মৃত্যুৱে মুখ্য ভূমিকা পালন কৰিছিল যদিও ৰেকিয়া বয়ড, মিচেল কাছ’, টানিছা এণ্ডাৰছন, শ্বেলী ফ্ৰেই, ইভেট স্মিথ, এলিন’ৰ বাম্পাৰ্ছ, চেণ্ড্ৰা ব্লেণ্ড আদি মহিলাসকলকো আৰক্ষী বিষয়াৰ দ্বাৰা হত্যা বা আক্ৰমণ কৰা হৈছিল। [18]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Combahee River Collective (1978). "The Combahee River Collective: A Black Feminist Statement". In Eisenstein, Zillah R.. Capitalist Patriarchy and the Case for Socialist Feminism. Monthly Review Press. পৃষ্ঠা. 362–372. ISBN 9780853454199. 
  2. Patricia, Hill Collins (2009). Black feminist thought : knowledge, consciousness, and the politics of empowerment ([2nd ed.] সম্পাদনা). প্ৰকাশক New York. ISBN 978-0415964722. OCLC 245597448. 
  3. Taylor, Ula (1998). "The Historical Evolution of Black Feminist Theory and Praxis". Journal of Black Studies খণ্ড 29 (2): 234–253. doi:10.1177/002193479802900206. ISSN 0021-9347. 
  4. Shaw, Esther Popel (January 1941). "Mary Church Terrell and H. G. Wells, A Colored Woman in a White World". The Journal of Negro History খণ্ড 26 (1): 108–110. doi:10.2307/2715052. ISSN 0022-2992. 
  5. "Zora Neale Hurston" (en ভাষাত). National Women's History Museum. https://www.womenshistory.org/education-resources/biographies/zora-hurston। আহৰণ কৰা হৈছে: 2019-04-15. 
  6. Hewitt, Nancy (2010). No Permanent Waves: Recasting Histories of U.S. Feminism. প্ৰকাশক New Brunswick: Rutgers University Press. ISBN 978-0813547251. 
  7. McDuffie, Eric (2008). "Esther V. Cooper's "The Negro Woman Domestic Worker in Relation to Trade Unionism": Black Left Feminism and the Popular Front". American Communist History খণ্ড 7 (2): 203–209. doi:10.1080/14743890802580040. 
  8. McDuffie, Eric (2009). Sojourning for Freedom: Black Women, American Communism, and the Making of Black Left Feminism. প্ৰকাশক Durham: Duke University Press. পৃষ্ঠা. 171. ISBN 978-0822350507. 
  9. Morgensen, Scott Lauria. Spaces between Us: Queer Settler Colonialism and Indigenous Decolonization. Minneapolis: U of Minnesota, 2011. Print.
  10. Cohen, Cathy. "Punks, Bulldaggers, and Queens: The Radical Potential of Queer Politics?" GLQ: A Journal of Lesbian and Gay Studies, vol. 3, no. 4 (1997): 437–465.
  11. Valles-Morales, Jesus. "On Queer of Color Criticism, Communication Studies, and Corporeality". Kaleidoscope: A Graduate Journal of Qualitative Communication Research 14 (2015).
  12. Albertine, Susan. "Aberrations in Black: Toward a Queer of Color Critique (Book Review)", American Literature 77.3 (2005).
  13. Ferguson, Roderick A. Aberrations in Black: Toward a Queer of Color Critique. Minneapolis: University of Minnesota, 2004. Print.
  14. The Combahee River Collective. "A Black Feminist Statement." WSQ: Women's Studies Quarterly 42.3–4 (2014): 271–80.
  15. Peck, Patrice (2014-03-05). "Has Social Media Sparked A New Black Feminist Movement?" (en-US ভাষাত). HelloBeautiful. https://hellobeautiful.com/2708338/has-social-media-sparked-a-new-black-feminist-movement/. 
  16. "Black Lives Matter: Our Co-Founders". Black Lives Matter. https://blacklivesmatter.com/about/our-co-founders/। আহৰণ কৰা হৈছে: October 8, 2018. 
  17. Jackson, Sarah J. (2016-10-01). "(Re)Imagining Intersectional Democracy from Black Feminism to Hashtag Activism". Women's Studies in Communication খণ্ড 39 (4): 375–379. doi:10.1080/07491409.2016.1226654. ISSN 0749-1409. https://repository.upenn.edu/cgi/viewcontent.cgi?article=1811&context=asc_papers. 
  18. Lindsey, Treva B. (2015). "A Love Letter to Black Feminism". The Black Scholar খণ্ড 45 (4): 1–6. doi:10.1080/00064246.2015.1080911.