কৰ্ণেলিয়া সৰাবজি (১৫ নৱেম্বৰ ১৮৬৬ – ৬ জুলাই ১৯৫৪) এগৰাকী ভাৰতীয় বিদুষী মহিলা আছিল। তেওঁ বোম্বে বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী মহিলা স্নাতক লগতে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত আইন পঢ়িবলৈ যোৱা প্ৰথম মহিলা।[1] ইয়াৰ লগতে তেওঁ ব্ৰিটিছ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যোৱা প্ৰথম ভাৰতীয়।[2]) তেওঁ ভাৰতৰ প্ৰথম গৰাকী মহিলা অধিবক্তা[3] আৰু ভাৰত আৰু ব্ৰিটেইনত আইনৰ অনুশীলন কৰা প্ৰথম মহিলা।

কৰ্ণেলিয়া সৰাবজি
Cornelia Sorabji

লণ্ডনৰ লিংকনছ ইনত থকা কৰ্ণেলিয়া সৰাবজীৰ প্ৰতিমূৰ্তি
জন্ম ১৫ নৱেম্বৰ, ১৮৬৬
নাসিক, ব্ৰিটিছ ভাৰত
মৃত্যু ০৬ জুলাই, ১৯৫৪ (৮৭ বছৰ)
লণ্ডন, যুক্তৰাজ্য
শিক্ষানুষ্ঠান বোম্বে বিশ্ববিদ্যালয়
সোমেৰভিলে কলেজ, অক্সফোৰ্ড
পেচা অধিবক্তা, সমাজ সেৱিকা, লেখিকা

২০১২ চনত লিংকনছ ইন, লণ্ডনত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়।[4]

২০১৭ চনৰ ১৫ নৱেম্বৰত গুগলে তেওঁৰ ১৫১তম জন্মদিনৰ উপলক্ষে এক ডুদলৰ প্ৰদৰ্শন কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

দেৱলালিৰ এক পাৰ্চী পৰিয়ালত কৰ্ণেলিয়াৰ জন্ম হৈছিল।[4] ৰেভাৰেণ্ড সৰাবজী কাৰ্ছেডজী আৰু তেওঁৰ পত্নী ফ্ৰান্সিনা ফৰ্ডৰ তুলি লোৱা ন গৰাকী সন্তানৰ ভিতৰত তেওঁ অন্যতম আছিল। তেওঁৰ পিতৃ এগৰাকী মিচনাৰী আছিল আৰু তেওঁ কৰ্ণেলিয়াক বোম্বে বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয় কৃতপক্ষক মান্তি কৰাইছিল।[5]তেওঁৰ মাতৃয়ে পুণেত কেইবাখনো বালিকা বিদ্যালয় স্থাপনত আগভাগ লৈছিল।[6] সমাজত এক প্ৰভাৱশীল ব্যক্তি হিচাপে স্থানীয় মহিলা সকলে সম্পত্তি সম্পৰ্কীয় গোচৰ সমূহত সদায় তেওঁৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছিল। পিছলৈ কৰ্ণেলিয়াৰ শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় সিদ্ধান্ত সমূহত তেওঁৰ মাতৃৰ অতুলনীয় প্ৰভাৱ পৰিলক্ষিত হয়।

কৰ্ণেলিয়াৰ পাঁচ গৰাকী ভনীয়েক আৰু দুজন ভায়েক আছিল আৰু দুজন ভায়েক সৰুতে ঢুকাইছিল।[7] তেওঁৰ শৈশৱ বেলগাউম আৰু পুণেত অতিবাহিত কৰিছিল। মিছন স্কুলত শিক্ষা লাভ কৰাৰ লগতে তেওঁ ঘৰুৱা শিক্ষাৰ জৰিয়তে প্ৰাৰম্ভিক শিক্ষাৰ পাতনি মেলিছিল।

তাৰপিছত তেওঁ ডেক্কান কলেজত নামভৰ্তি কৰে আৰু শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰে। ইয়াৰ ফলত তেওঁ ইংলেণ্ডত পৰিবলৈ চৰকাৰী জলপানি লাভ কৰে। কিন্তু তেওঁ এই জলপানি গ্ৰহণ নকৰি গুজৰাটৰ মেনছ কলেজত অধ্যাপক হিচাপে যোগ দিয়ে।[8] বোম্বে বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা স্নাতক হোৱাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় ইণ্ডিয়ান এছচিয়েচনলৈ শিক্ষাৰ বাবে বিত্তীয় সহায় বিচাৰি চিঠি লিখে। কৰ্ণেলিয়া ১৮৮৯ চনত শিক্ষাগ্ৰহণৰ বাবে ইংলেণ্ডত উপস্থিত হয়।[9] ১৮৯২ চনত অক্সফোৰ্ডৰ সোমেৰভিলে কলেজত অসামৰিক আইনৰ ডিগ্ৰী লাভ কৰিবলৈ প্ৰথম মহিলা হিচাপে তেওঁ বিশেষ অনুমতি লাভ কৰে।[4]

কৰ্মজীৱন সম্পাদনা কৰক

কৰ্ণেলিয়ায়ে ১৮৯৪ ত ইংলেণ্ডৰ পৰা ভাৰতলৈ ঘূৰি আহে। সেই সময়ত মহিলা সকলে বাহিৰৰ পুৰুষৰ লগত যোগাযোগ কৰা নিষিদ্ধ আছিল। এই নীতিৰ বিৰুদ্ধে সেই সৰৱ যুজঁ দিছিল। কিন্তু শিক্ষা থকাৰ পিছতো তেওঁৰ ভাৰতীয় আইন ব্যৱস্থাত মাত মাতিবলৈ পেছাদাৰী স্থান লাভ কৰা নাছিল। এই ব্যৱস্থাৰ পৰা হাত সাৰিবলৈ তেওঁ ১৮৯৭ চনত আকৌ বোম্বে বিশ্ববিদ্যালয়ৰ এলএলবি পৰীক্ষা আৰু ১৮৯৯ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতো তেওঁক বেৰিষ্টাৰ হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল। ১৯২৩ চনত মহিলা সকলে আইনৰ অনুশীলন কৰিবলৈ এক আইন প্ৰণয়ন কৰা হয় আৰু তাৰ পিছত তেওঁক বেৰিষ্টাৰ হিচাপে স্বীকৃতি দিয়া হয়।[3]

১৯০২ চনত কৰ্ণেলিয়ায়ে ইণ্ডিয়া অফিচত মহিলা আইনী পৰামৰ্শ দাতা হিচাপে যোগ দিয়ে আৰু মহিলা আৰু নাবালকক ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰে। ১৯০৪ চনত তেওঁক মহিলা সহায়ক হিচাপে কোৰ্ট অফ ৱাৰ্ড, বেংগলত নিযুক্তি দিয়া হয়। তাৰ পিছত তেওঁ বংগ, বিহাৰ, ওড়িশা আৰু অসম প্ৰভিডেন্সত মহিলা সহায়ক হিচাপে কাম কৰিছিল। তেওঁৰ ২০ বছৰীয়া কৰ্মজীৱনত প্ৰায় ৬০০ মহিলা আৰু অনাথক আইনী সাহায্য প্ৰদান কৰিছিল। তাৰ পিছত তেওঁ এই গোচৰ সমূহ লিপিবদ্ধ কৰে আৰু Between the Twilights গ্ৰন্থ আৰু দুখন আত্মজীৱনী প্ৰকাশ কৰে।

১৯২৪ চনত ভাৰতত মহিলা সকলে আইনৰ অনুশীলন কৰিবলৈ অনুমতি পোৱাৰ পিছত তেওঁ কলকাতাত আইনৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰে।

তেওঁ ১৯২৯ চনত উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু লণ্ডনত স্থায়ী ভাৱে থাকিবলৈ লয়। তেওঁ শীত কালত ভাৰত ভ্ৰমণ কৰিবলৈ আহে। She died at her তেওঁ ১৯৫৪ চনৰ ৬ জুলাই তাৰিখে লণ্ডনৰ গ্ৰীণ লেনত অৱস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।[10] ২০১৭ চনৰ ১৫ নৱেম্বৰ তাৰিখে গুগুল ডুদলে তেওঁৰ ১৫১তম জন্মদিনৰ উপলক্ষে এক বিশেষ ডুদল প্ৰদৰ্শন কৰে।[11]

গ্ৰন্থৰাজি সম্পাদনা কৰক

সমাজ সংস্কাৰক আৰু আইনী কাৰ্যৰ বাহিৰেও তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল

  • 1902: Love and Life behind the Purdah (short stories concerning life in the zenana (women’s domestic quarters), it is one of the most extensive ethnographic studies of purdahnashins to date)
  • 1904: Sun-Babies: studies in the child-life of India
  • 1908: Between the Twilights: Being studies of India women by one of themselves (details many of her legal cases while working for the Court of Wards); Social Relations: England and India
  • 1916: Indian Tales of the Great Ones Among Men, Women and Bird-People (legends and folk tales)
  • 1917: The Purdahnashin (works on women in purdah)
  • 1924: Therefore (memoirs of her parents)
  • 1930: Gold Mohur: Time to Remember (a play)
  • 1932: A biography of her educationist sister, Susie Sorabji

তেওঁৰ আত্মজীৱনী দুখন হল India Calling (1934) আৰু India Recalled (1936)।

তথ্য উৎস সম্পাদনা কৰক

  1. First lady – Moneylife
  2. "University strengthens ties with India". Cherwell. 13 December 2012. http://www.cherwell.org/news/academic/2012/12/13/university-strengthens-ties-with-india. 
  3. 3.0 3.1 S. B. Bhattacherje (2009). Encyclopaedia of Indian Events & Dates. Sterling Publishers. পৃষ্ঠা. A-118. ISBN 9788120740747. https://books.google.com/books?id=oGVSvXuCsyUC&lpg=SL1-PA63&pg=SL1-PA188. 
  4. 4.0 4.1 4.2 "UK honours Cornelia Sorabji". Hindustan Times. 25 May 2012. Archived from the original on 28 May 2012. https://web.archive.org/web/20120528190012/http://www.hindustantimes.com/world-news/Europe/UK-honours-Cornelia-Sorabji/Article1-860876.aspx. 
  5. Sorabji, Cornelia (1934). India Calling: The Memories of Cornelia Sorabji. প্ৰকাশক London: Nisbet & Co. পৃষ্ঠা. 2. 
  6. Rappaport, p. 659
  7. Sorabji, Cornelia (1934). India Calling: The Memories of Cornelia Sorabji. প্ৰকাশক London: Nisbet & Co. Ltd.. পৃষ্ঠা. 6. 
  8. Sorabji, Cornelia. India Calling: The Memories of Cornelia Sorabji. প্ৰকাশক London: Nisbet & Co.. পৃষ্ঠা. 20. 
  9. Mary Hobhouse, Open University, Retrieved 26 July 2015
  10. "Cornelia Sorabji" Making Britain Database The Open University. Accessed 2015-04-11
  11. "Google's Doodle honours Cornelia Sorabji, India's first woman advocate". The Hindu. http://www.thehindu.com/sci-tech/technology/internet/googles-doodle-honours-cornelia-sorabji-indias-first-woman-advocate/article20448394.ece। আহৰণ কৰা হৈছে: 15 November 2017.