কবিৰাজ চক্ৰৱৰ্তী

মধ্যযুগীয় অসমীয়া কবি
(কৱিৰাজ চক্ৰৱৰ্তী (১)ৰ পৰা পুনঃনিৰ্দেশিত)

কবিৰাজ চক্ৰৱৰ্তী (ইংৰাজী: Kabiraj Chakravarty, ১৭-১৮ শতিকা) আহোম যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি।কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম ৰামনাৰায়ণ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তী আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ, শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজসভাৰ ৰাজকবি আছিল। এখেতক কৱিৰাজ উপাধি কোনে প্ৰদান কৰিছিল জনা নাযায়। কৱিচন্দ্ৰৰ পিতৃ আছিল ৰামানন্দ আৰু মাতৃ গোৱিন্দপ্ৰিয়া। জয়ধ্বজ সিংহ স্বৰ্গদেৱে পিতাক ৰামানন্দক 'সৰস্বতী' উপাধিৰে বিভূষিত কৰিছিল। কৱিৰাজ চক্ৰৱৰ্তীয়ে ৰুদ্ৰসিংহৰ নিৰ্দেশত 'গীত গোবিন্দ'ৰ পদ ভাঙনি কৰে। শিৱসিংহ আৰু ফুলেশ্বৰীৰ নিৰ্দেশানুসৰি মহাভাৰতৰ আদিপৰ্বৰপৰা 'দুষ্যন্ত চৰিত্ৰমালা' বা 'শকুন্তলা কাব্য' আৰু 'ব্ৰহ্মবৈৱৰ্ত পুৰাণ'ৰপৰা প্ৰকৃতি খণ্ডৰ 'শংখচূড় বধ'ৰ ভাঙনি কৰে। ১৭২৬ চনত 'শংখচূড় বধ'ৰ ৰচনা সমাপ্ত হৈছিল।[1]

সাহিত্য কৰ্ম

সম্পাদনা কৰক

গীতগোবিন্দ

সম্পাদনা কৰক

জয়দেৱগীতগোবিন্দৰ পদানুবাদ গীতগোবিন্দ ত কবিৰাজ চক্ৰৱৰ্তীয়ে নিজৰ নামত ভণিতা পেলোৱা নাই। কাব্যখনত কেৱল ভণে দ্বিজবৰে বুলি ভণিতা পেলোৱাৰহে উল্লেখ পোৱা যায়। এই সম্পৰ্কত সত্যেন্দ্ৰনাথ শৰ্মাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত এনেদৰে উল্লেখ কৰিছে- "ৰাজ প্ৰশস্তি আৰু ৰচনাভঙ্গীৰ অসামান্য সাদৃশ্যলৈ চাই গীতগোবিন্দও কবিৰাজ চক্ৰৱৰ্তীৰে ৰচনা বুলি ক'ব পাৰি৷"[2]

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ

সম্পাদনা কৰক

কবিৰাজ চক্ৰৱৰ্তীয়ে ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণকৃষ্ণ জন্মখণ্ড অসমীয়ালৈ অনুবাদ কৰিছে। এই কৃষ্ণ জন্মখণ্ডত কৃষ্ণৰ জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে সকলো কথাৰ বৰ্ণনা আছে যদিও কবিৰাজ চক্ৰৱৰ্তীয়ে অনুবাদ কৰোঁতে ৰাধা-কৃষ্ণৰ প্ৰেম আৰু ৰাসলীলাৰ মাহাত্ম্য বৰ্ণনাৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰিছে।

শংখচূড় বধ

সম্পাদনা কৰক

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণৰ প্ৰকৃতি খণ্ডত থকা শংখচূড় আৰু সতী তুলসীৰ কাহিনীটোক অৱলম্বন কৰি কবিৰাজ চক্ৰৱৰ্তীয়ে শংখচূড় বধ কাব্য ৰচনা কৰে। এই কাব্যখন ১৬৪৮ শক (১৭২৬ খ্ৰীঃ) -ত ৰচনা কৰা হৈছিল। কাব্যখনত সতী তুলসীৰ পূৰ্বজন্মৰ বৃত্তান্ত, শংখচূড়ৰ লগত প্ৰণয় আৰু বিবাহ, শংখচূড়- মহাদেৱৰ যুদ্ধ, ছদ্মবেশী কৃষ্ণৰ দ্বাৰা তুলসীৰ সতীত্ব নাশ, শংখচূড়ৰ মৃত্যু আৰু তুলসীৰ বৈকুণ্ঠত কৃষ্ণৰ পত্নীত্ব প্ৰাপ্তিৰ কাহিনী বৰ্ণনা কৰা হৈছে। তুলসী গছ আৰু পাতৰ মাহাত্ম্য আৰু শালগ্ৰাম শিলাৰ উৎপত্তি সম্পৰ্কেও শংখচূড় বধ কাব্যখনত পোৱা যায়।কাব্যখনত ঠায়ে ঠায়ে আদি ৰসৰ বিৱৰণ পোৱা যায়।কাব্যখনৰ শেষত ৰাজ প্ৰশস্তি আৰু ভণিতাও পোৱা যায়-

তাহান তনয় শিৱসিংহ নৃপ ভৈলা।
সমুদ্ৰত হন্তে যেন শশধৰ হৈলা।।
...
হেনয় ৰাজাৰ ভৈলা প্ৰিয়তম জায়া।
কেতেকী পুস্পৰ বৰ্ণ যাৰ দেখি কায়া।।
এহি হেতু ফুলেশ্বৰী নামক লভিলা।
হৰক পাৰ্বতী যেন স্বামীক সেৱিলা।।
...
হেন নৃপতিৰো মহিষীক আভা পায়া।
কবিৰাজ বিপ্ৰে ব্ৰহ্মবৈৱৰ্ত্তক চায়া।।
পদবন্ধে বিৰচিলা পুৰাণ প্ৰৱন্ধ।
শংখচূড় নামে ৰাজা সিটো সত্যসন্ধ৷৷

শকুন্তলা কাব্য

সম্পাদনা কৰক

শকুন্তলা কাব্যখনৰ বিষয়বস্তু কবিয়ে মহাভাৰতআদিপৰ্বৰ পৰা গ্ৰহণ কৰিছে যদিও কাব্যখনৰ আখ্যান ভাগ মহাভাৰতৰ নহয়। কবিয়ে কাব্যখনৰ মাত্ৰ জুমুঠিটোহে মহাভাৰতৰ পৰা গ্ৰহণ কৰিছে। আখ্যান ভাগৰ লগত কালিদাসঅভিজ্ঞানম শকুন্তলমৰ সাদৃশ্য আছে যদিও কোনো কোনো ক্ষেত্ৰত কবিৰাজ চক্ৰৱৰ্তীৰ শকুন্তলা কাব্যৰ কাহিনী অভিজ্ঞান শকুন্তলমৰ পৰাও আঁতৰি আহিছে।মেনকাই মৃগী ৰূপ ধাৰণ কৰি দুষ্যন্তকণ্ব মুনিৰ আশ্ৰমলৈ আকৰ্ষণ কৰি নিয়া, শকুন্তলাই বিৰহত দগ্ধ ৰজাক ঋষিসকলে চন্দ্ৰকেতু-কামকলাৰ আখ্যান কৈ সান্ত্বনা দিয়াৰ কথা কালিদাসৰ অভিজ্ঞান শকুন্তলমত পোৱা নাযায়।[3]


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃষ্ঠা. ৪৭. 
  2. শৰ্মা, সত্যেন্দ্ৰনাথ. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. 
  3. নেওগ, মহেশ্বৰ. অসমীয়া সাহিত্যৰ ৰূপৰেখা.