গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত
প্ৰণৱজ্যোতি ডেকাৰ গ্ৰন্থ
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা অনূদিত এখনি সাধুকথাৰ পুথি৷ পুথিখনত বিশ্বৰ লোক-সাহিত্যৰ পাঁচটা ভিন্ন সাধু সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷ [1]
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত | |
---|---|
লেখক | প্ৰণৱজ্যোতি ডেকা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
বিষয় | অনূদিত সাধু |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
লেখকৰ বিষয়ে
সম্পাদনা কৰকপ্ৰধান প্ৰবন্ধ: প্ৰণৱজ্যোতি ডেকা
প্ৰণৱজ্যোতি ডেকা (১৯৩৯ - ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক। স্পষ্টবাদীৰূপে পৰিচিত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখনে প্ৰকাশৰ পিছতে বিদ্বান মহলৰ প্ৰশংসা লাভ কৰিছিল। জ্যোতি দ্বিভাষিক অভিধান ডেকাৰ উল্লেখযোগ্য কৃতি। ২০২৩ বৰ্ষত তেওঁ ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প শীৰ্ষক গল্প সংকলনটিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷
গ্ৰন্থৰ চমু পৰিচয়
সম্পাদনা কৰকসাধুপুথিখনত সন্নিৱিষ্ট সাধুকেইটা হৈছে-
- মকৰাৰ সাধু (পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ সাধু)
- চোৰ সৰবজান (ব্ৰহ্মদেশৰ সাধু)
- ৰজাৰ কটোৱালৰ সাধু (কোৰিয়া দেশৰ সাধু)
- দুজন চোৰৰ সাধু (মিচৰীয় সাধু)
- গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত (চীনদেশীৰ সাধু) [1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 দত্ত, কৰবী. "গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত -এখন মনোগ্ৰাহী কিতাপ". সাহিত্য ডট অৰ্গ. https://xahitya.org/2021-march-book-review-1/। আহৰণ কৰা হৈছে: 8 July 2024.