অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান
অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান (ইংৰাজী: Assam State Zoo cum Botanical Garden) অসমৰ গুৱাহাটী মহানগৰৰ ৰাধাগোবিন্দ পথত অৱস্থিত। ই উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যিক চিৰিয়াখানা। এই চিৰিয়াখানাৰ মুঠ মাটিকালি প্ৰায় ১৭৫ হেক্টৰ। এই চিৰিয়াখানাটো গুৱাহাটীৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত অৱস্থিত। লণ্ডনৰ হুইপ্ছনেইড (whipsnade) চিৰিয়াখানাৰ আৰ্হিত ইয়াৰ জীৱ-জন্তুবোৰক প্ৰাকৃতিক পৰিবেশত ৰখা হৈছে।[4] তথ্য অনুসৰি এই চিৰিয়াখানাত প্ৰায় ৮৯৫ বিধ জীৱ-জন্তু আছে। [উদ্ধৃতিৰ প্ৰয়োজন]
চিৰিয়াখানাৰ বাটচ'ৰা | |
স্থাপিতৰ তাৰিখ | ১৯৫৮[1] |
---|---|
অৱস্থান | জু ৰোড, গুৱাহাটী, ভাৰত |
স্থানাংক | 26°09′48″N 91°47′12″E / 26.1632°N 91.7868°Eস্থানাংক: 26°09′48″N 91°47′12″E / 26.1632°N 91.7868°E |
মাটিকালি | ৪৩২.৪৩৫ একৰ (175.000 হেক্টৰ) |
জীৱজন্তৰ সংখ্যা | ৮৯৫ |
প্ৰজাতিৰ সংখ্যা | ১১৩ |
বাৰ্ষিক দৰ্শনাৰ্থী | ৪৩০৪৬২[2] |
সদস্যভূক্তি | CZA[3] |
মূল প্ৰদৰ্শিত জীৱজন্ত | এশিঙীয়া গঁড়, বাঘ, নাহৰফুটুকী বাঘ, সোণালী বান্দৰ, হলৌ বান্দৰ, Serow, হাতী, চাংহাই হৰিণ, Slow loris, এছিয় ক'লা ভালুক, লতামাকৰী বাঘ, Binturong, বনৰীয়া মেকুৰী |
ৱেবছাইট | www |
ইতিহাস
সম্পাদনা কৰক১৯৫৭ চনত গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশন অনুষ্ঠিত হৈছিল। অধিবেশনৰ আয়োজক সমিতিয়ে কেইবিধমান জন্তু আৰু চৰাইকে ধৰি এখন প্ৰদৰ্শনী পাতিছিল। ইয়াৰে ভিতৰত 'স্পটী' নামৰ এটা মাইকী নাহৰফুটুকী বাঘৰ পোৱালি জনপ্ৰিয় হৈ পৰিছিল। অধিবেশন শেষ হোৱাৰ পাছত এই জীৱ-জন্তুবোৰৰ বাবে এখন চিৰিয়াখানাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিলে
এই জন্তুবোৰ জাপৰীগোগৰ ১৩০ হেক্টৰ মাটিকালিৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰ কৰা হ'ল। ১৯৫৭ চনত প্ৰতিষ্ঠা হোৱা এই চিৰিয়াখানা ১৯৫৮ চনত দৰ্শকৰ বাবে মুকলি কৰা হয়।
পাছলৈ চিৰিয়াখানাত এটা সংগ্ৰহালয় খোলা হয়। ১৯৮২ চনত ইয়াৰ এখন উদ্ভিদ উদ্যান স্থাপন কৰা হয়। ২০০২ চনত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ আৰু ৪৫ হেক্টৰ মাটি চিৰিয়াখানাত যোগ দিয়া হয় আৰু চিৰিয়াখানাৰ মাটি হৈ পৰে ১৭৫ হেক্টৰ।
জীৱ-জন্তু
সম্পাদনা কৰকচিৰিয়াখানাৰ আৰম্ভণিতে জন্তু আৰু চৰাইৰ সংখ্যা আছিল ক্ৰমে ৪২ (২২টা প্ৰজাতি) আৰু ২৩৬ (৩১টা প্ৰজাতি)।
সময়ৰ লগে লগে চিৰিয়াখানালৈ ন-ন জন্তু অনা হয়, যেনে- আফ্ৰিকাৰ পৰা চিম্পাঞ্জী, বগা গঁড়, ক'লা গঁড়, জেব্ৰা, অষ্ট্ৰিছ, আৰু জিৰাফ; দক্ষিণ আমেৰিকাৰ পৰা পুমা, জাগুৱাৰ আৰু লামা আৰু অষ্ট্ৰেলিয়াৰ পৰা কেংগেৰু। এইবোৰৰ সলনি স্থানীয় ভাৰতীয় গঁড়কে ধৰি অন্য জন্তু বিদেশলৈ পঠিওৱা হৈছিল। পাছলৈ স্থানীয় প্ৰজাতিৰ ওপৰতে বেছি গুৰুত্ব আৰোপ কৰা হয় আৰু বংশ বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হয়।
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
মতা ম'ৰা চৰাই
-
এশিঙীয়া ভাৰতীয় গঁড়
-
ঢেঁকীয়াপতীয়া বাঘ
-
পেলিকান
-
ফুটুকী হৰিণা
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "List of Zoos in India, from 1800 until now". kuchbhi.com. Kuchbhi. http://www.kuchbhi.com/india/61-articles/258-list-of-zoos-in-india-from-1800-until-now.html। আহৰণ কৰা হৈছে: 4 July 2011.
- ↑ http://www.cza.nic.in/index.html
- ↑ "Search Establishment". cza.nic.in. CZA. http://cza.nic.in/htmlreports/htmlsearchzoo.aspx। আহৰণ কৰা হৈছে: 4 July 2011.
- ↑ শান্তনু কৌশিক বৰুৱা (২০১৬). Master অসম ইয়েক বুক ২০১৬. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬৫৬.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান সম্পৰ্কীয় মিডিয়া ফাইল।
- Official website of: "Central Zoo Authority of India" (CZA), Government of India