চ্যু-পুং-মু'ঙ
চাওফা চ্যু-পুং-মুং' (ইংৰাজী: Supungmung) বা অসমৰ আহোম ৰাজবংশৰ এজন ৰজা আছিল। তেওঁ স্বৰ্গদেৱ চুটামলাৰ খুৰাক চাৰিঙৰ দেওৰজাৰ নাতি।[1] ৰাজপাটত উঠি চুপুংমুঙে হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁ ১৬৬৩ চনৰ পৰা ১৬৭০ চনলৈকে ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ দিনতে মোগল বাদশ্বাহ ঔৰংজেৱৰ নিৰ্দেশত ৰামসিংহই অসম আক্ৰমণ কৰে[2] আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালৰ শৰাইঘাটৰ যুদ্ধৰো সূত্ৰপাত ঘটে।[3]
চাওফা চ্যু-পুং-মুং | |
---|---|
চাওফা
| |
ৰাজত্ব | ১৬৬৩-১৬৭০ (আলোচনা পৃষ্ঠা চাওক) |
অভিষেক | ১৬৬৩ |
উত্তৰসূৰী | চুন্যৎফা |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-পুং-মুং | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
|
উল্লেখনীয় কাৰ্য আৰু ঘটনাসম্পাদনা কৰক
নগা আৰু মিৰিৰ বিৰুদ্ধে অভিযানসম্পাদনা কৰক
১৬৬৫ চনত বানচঙ্গীয়া (নক্টে) নগা আৰু বানফেৰা নগাসকলৰ মাজত বিবাদ হোৱাত বানফেৰা নগাসকলে আহোম ৰজাৰ সহায় ভিক্ষা কৰে। তেতিয়া চুপুংমুঙে এদল সৈন্য পঠিয়াই বানচঙ্গীয়া নগাসকলক দমন কৰে। এক সময়তে মিৰিবিলাকে আহোম ৰাজ্যৰ ভিতৰ সোমাই লুটপাট কৰাত তেওঁলোকৰ বিৰুদ্ধেও অভিযান চলোৱা হয় আৰু মিৰিসকল পলাই যায়।[2]
মোগলৰ সৈতে সংঘৰ্ষসম্পাদনা কৰক
চক্ৰধ্বজ সিংহৰ নিৰ্দেশত ১৬৬৭ চনৰ আগষ্টত মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা হয়। মোমাই তামূলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন এই অভিযানৰ সেনাপতি[4] আছিল আৰু তেওঁৰ নেতৃত্বত অসমীয়া সেনাই কাজলি, বাঁহবাৰী, গুৱাহাটী আৰু পাণ্ডু অধিকাৰ কৰে।[5][6] শিলঘাটত থকা এটা কামানৰ ওপৰত সংস্কৃতেৰে লিখা আছে যে "১৬৬৭ খৃঃত চক্ৰধ্বজ সিংহই মুছলমান সকলক পৰাস্ত কৰি এই অস্ত্ৰ পাইছিল। শত্ৰু নিধনকাৰী বুলি ইয়েই তেওঁৰ গৌৰৱ ঘোষণা কৰে। "[2]
১৬৬৭ চনৰ ডিচেম্বৰত আহোমে গুৱাহাটী লোৱাৰ বাৰ্তা পাই ঔৰংজেৱে ৰামসিংহৰ সেনাপতিত্বত ডাঙৰ ফৌজ এটা অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়।[4] ১৬৬৯ চনৰ আগষ্টত হোৱা আলাবৈৰ যুদ্ধৰ কিছুমাহ পিচতে চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।[2]
মৃত্যুসম্পাদনা কৰক
১৬৭০ চনৰ[6] এপ্ৰিলত অসম-মোগলৰ যুদ্ধ চলি থকা কালতে চুপুংমুঙৰ মৃত্যু ঘটে।[4]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ ভাৰতৰ বুৰঞ্জী (১৯৮৬ চন); এম.এল. কাথবৰুৱা, নীলমণি ফুকন, হৰি প্ৰসাদ দাস, দেৱকান্ত দত্তবৰুৱা, বৰুৱা এজেন্সি, পৃষ্ঠা ১৩২, ১৩৩, ২৫ মাৰ্চ, ২০১৩
- ↑ 2.0 2.1 2.2 2.3 অসম দেশৰ বুৰঞ্জী (১৯৮৭ চন), ড॰ লক্ষ্মী দেৱী, এলবিএছ পাব্লিকেশ্যন, পৃষ্ঠা ২৫২-২৬১, ২৫ মাৰ্চ, ২০১৩
- ↑ Assam General Knowledge. Bright Publications. পৃষ্ঠা. 30–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA30। আহৰণ কৰা হৈছে: 25 March 2013.
- ↑ 4.0 4.1 4.2 লাচিত বৰফুকন (১৯৯০ চন), ড॰ সূৰ্য্যকুমাৰ ভূঞা, অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা ২৫, ৭০, আহৰণ: ২৫ মাৰ্চ, ২০১৩
- ↑ "History of Assam". http://www.assamtourism.org/history.php। আহৰণ কৰা হৈছে: ২৫ মাৰ্চ, ২০১৩.
- ↑ 6.0 6.1 Col Ved Prakash (1 January 2007). Encyclopaedia Of North-east India Vol# 1. Atlantic Publishers & Dist. পৃষ্ঠা. 194–. ISBN 978-81-269-0703-8. http://books.google.com/books?id=Ic4UCdaxbHIC&pg=PA194। আহৰণ কৰা হৈছে: 25 March 2013.