চন্দ্ৰধৰ বৰুৱা (ইংৰাজী: Chandradhar Baruah) (১৮৭৪-১৯৬১) নাট্যকাৰ, কবি আৰু গীতিকাৰ৷ ১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁৱত জন্ম৷ ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান৷ ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি[1]৷ ১৯২৬ চনত 'অসম সাহিত্য সভা পত্ৰিকা'ৰ প্ৰতিষ্ঠাপক সম্পাদক৷ ১৯২৯ চনত 'সাহিত্য ৰত্ন' উপাধি লাভ কৰিছিল[2]

চন্দ্ৰধৰ বৰুৱা
জন্ম ১৫ অক্টোবৰ, ১৮৭৪
দেৰগাঁও, গোলাঘাট, অসম
মৃত্যু ২৬ অক্টোবৰ ১৯৬১
পেচা অধিবক্তা, নাট্যকাৰ, গীতিকাৰ,কবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতক, স্নাতক (আইন)
উল্লেখযোগ্য বঁটা সাহিত্য ৰত্ন উপাধি, ১৯২৯

জন্ম আৰু শিক্ষাসম্পাদনা কৰক

চন্দ্ৰধৰ বৰুৱাৰ ১৮৭৪ চনৰ ১৫ অক্টোবৰত ভুধৰ আগমাচৰ্যৰ বংশত জন্ম হৈছিল। বৰুৱাই তেওঁৰ শিক্ষা জীৱনৰ পাতনি মেলে যোৰহাটত। যোৰহাটত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ পাছত ১৮৯১ চনত এণ্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰে আৰু কলিকতাত কলেজীয়া শিক্ষা লাভ কৰে। কলিকতাত কিছুদিন থকাৰ পাছত তেওঁ শিক্ষা সাং কৰি যোৰহাটলৈ উভতি আহে। তেওঁ জগন্নাথ বৰুৱাৰ ছোৱালীক বিয়া কৰাইছিল।[2]

কৰ্মজীৱনসম্পাদনা কৰক

কলিকতাৰ পৰা আহি তেওঁ যোৰহাটতে ওকালতি আৰম্ভ কৰে। তাৰ পাছত ওকালতি কৰি থকাৰ লগতে তেওঁ চাহৰ বাগান খুলি চাহ ব্যৱসায়ো আৰম্ভ কৰে। ১৯২০ চনত তেওঁ দিল্লীৰ কাউন্সিল অব্ ষ্টেটৰ সভ্য নিৰ্বাচিত হয়। ১৯৩০ চনত ভাৰতৰ স্বাধীনতা সম্পৰ্কত আলোচনা কৰিবলৈ অসমৰ প্ৰতিনিধি হিচাপে ইংলেণ্ডলৈ ৰাওনা হয় আৰু ইংলেণ্ডত অনুষ্ঠিত হোৱা ঘুৰণীয়া মেজমেলত যোগদান কৰে[2] । সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে ১৯১৮ চনত তেখেতক সভাপতি নিৰ্বাচিত কৰে আৰু সাহিত্য সভাৰ দ্বিতীয় গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। বৰুৱা ১৯২৬ চনৰ পৰা প্ৰকাশ হোৱা অসম সাহিত্য সভা পত্ৰিকাৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯২৯ চনত কামৰূপী সঞ্জীৱনী সভাই তেওঁক বিশেষ সাহিত্য প্ৰতিভাৰ বাবে সাহিত্য ৰত্না উপাধি প্ৰদান কৰে স্বৰ্গীয় লক্ষীনাৰায়ণ চট্টোপাধ্যায়ৰ সভাপতিত্বত কটন কলেজত বহা অধিৱেশনত। গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰচলিত খণ্ডবাক্য, ভত্সিতা আৰু যোজনা গোটাই ৰত্নকোষ নাম দি এটা সংকলনৰ কাৰো কৰিছিল তেওঁ। কিন্তু দুৰ্ভাগ্য তেওঁ জীৱিত অৱস্থাত ইয়াৰ প্ৰকাশিত ৰূপটো দেখা নাপালে, ১৯৬২ চনত ৰত্নকোষ প্ৰকাশ কৰা হয় সংকলনটোৰ মুঠ ৩৩০০ বচনৰ যোগেদি। এই সংকলনটো প্ৰস্তুত কৰিবলৈ তেওঁক প্ৰায় ২০ বছৰ সময় লাগিছিল। তেখেতৰ কামৰূপ জীয়াৰী আৰু বিদ্যুদ্বিকাশ নামৰ দুখন দীঘলীয়া বৰ্ণনাত্মক কাব্য আৱাহন কাকতত প্ৰকাশ হৈছিল। প্ৰথম খনত সতী বেউলাৰ কাহিনী আৰু দ্বিতীয় খনত বৃত্ৰাসুৰ বধৰ কথা সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। চন্দ্ৰধৰ বৰুৱাৰ ১৯৬১ চনত নিজাবাসভৱনত পৰলোক প্ৰাপ্তি ঘটে[2]

নাট সংকলনসম্পাদনা কৰক

  1. মেঘনাদ বধ নাট (১৯০৪),
  2. ভাগ্য পৰীক্ষা (১৯১৫),
  3. তিলোত্তমা সম্বৱ (১৯২৪),
  4. ৰাজৰ্ষি (১৯৩৭),
  5. ৰঞ্জন (১৯২৭),
  6. ৰত্নকোষ (১৯৬২),
  7. পুনজন্ম,
  8. মোগল বিজয়,
  9. আহোম সন্ধ্যা[2]

কাব্য সংকলনসম্পাদনা কৰক

  1. কামৰূপ জীয়াৰী,
  2. বিদ্যুদ্বিকাশ[2]

পুৰস্কাৰ আৰু সন্মানসম্পাদনা কৰক

সাহিত্য ৰত্ন উপাধি, (১৯২৯)


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. 2.0 2.1 2.2 2.3 2.4 2.5 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা,পানবজাৰ. পৃষ্ঠা. ১৯, ২০, ২১.