চচমা-চকুৱা বান্দৰ
চচমা-চকুৱা বান্দৰ (ইংৰাজী: Phayre's leaf monkey) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ এই প্ৰাণীবিধ সম্পৰ্কে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ এই প্ৰজাতিটোৰ চকুৰ চাৰিওদিশে থকা বগা আঁকটো চছমাৰ দৰে দেখা যায় বাবে ইয়াক চচমা-চকুৱা বান্দৰ বুলি অভিহিত কৰা হয়৷ চোৰাংচিকাৰ আৰু বনাঞ্চল ধ্বংসৰ বাবে এই আপুৰুগীয়া প্ৰাণীবিধৰ সংখ্যা দিনে দিনে হ্ৰাস পাই আহিছে৷
চচমা-চকুৱা বান্দৰ (Phayre's leaf monkey)[1] | |
---|---|
চচমা-চকুৱা বান্দৰ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Trachypithecus |
প্ৰজাতি: | T. phayrei |
বৈজ্ঞানিক নাম | |
Trachypithecus phayrei (Blyth, 1847) | |
চচমা-চকুৱা বান্দৰৰ বিতৰণ |
দৈহিক গঠন
সম্পাদনা কৰকচচমা-চকুৱা বান্দৰৰ দেহৰ বৰণ ডাঠ নীলা-মটীয়া, পৃষঠ দিশত বগা[3]৷ স্থানভেদে ইহঁতৰ বৰণৰ উজ্জলতা বা গাঢ়তাৰ পৰিৱৰ্তন হোৱা দেখা যায়৷ ইয়াৰ মূৰ আৰু নেজৰ শেষৰ অংশ দেহৰ বাকীবোৰ অংশতকৈ তুলনামূলকভাৱে ডাঠ৷ বাহু, ঠেং আৰু নেজত ৰূপালী-মটীয়া বৰণ আছে৷[4] ওঁঠ আৰু চকুৰ চাৰিওফালে থকা অঞ্চল বগা হোৱা দেখা যায়৷ পোৱালীবোৰ জন্মতে কমলা বৰণৰ হয় আৰু তিনি বছৰ বয়সৰ পৰা ইহঁতৰ ৰং সলনি হ’বলৈ আৰম্ভ কৰে[5]৷মতা প্ৰাণীৰ দেহৰ ওজন প্ৰায় ৭.৩ কি: গ্ৰা: আৰু মাইকীৰ প্ৰায় ৬.২ কি: গ্ৰা:[6]৷
বিতৰণ
সম্পাদনা কৰকচচমা-চকুৱা বান্দৰ বাংলাদেশ, বাৰ্মা, চীন, ভাৰতবৰ্ষ, থাইলেণ্ড আৰু ভিয়েটনাম ত বিস্তৃত হৈ আছে[7][8]৷ ভাৰত ত এই প্ৰাণীবিধ ত্ৰিপুৰা, মিজোৰাম আৰু অসমত পোৱা যায়[9][10] ৷ অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ অঞ্চল এই প্ৰাণীৰ প্ৰধান বসতিস্হল [11]৷ চচমা-চকুৱা বান্দৰ প্ৰধানত: চিৰসেউজীয়া অৰণ্যত পোৱা যায়[12] ৷ অসমত এই প্ৰাণীবিধ চিৰসেউজীয়া অৰণ্যৰ বাঁহনিত থকা দেখা যায় [13]৷
এই প্ৰজাতিৰ তিনিটা উপ-প্ৰজাতি পোৱা যায়৷
- Trachypithecus phayrei phayrei :
এই উপ-প্ৰজাতিটো পেগুৰ পৰা ত্ৰিপুৰা, দক্ষিণ অসম আৰু বাংলাদেশ পৰ্য্যন্ত বিস্তৃত হৈ আছে৷
- Trachypithecus phayrei crepusculus :
ইয়াক মুলত: বাংলাদেশ, দক্ষিণ চীন, লাওছ, থাইলেণ্ড, ভিয়েটনাম আদি দেশত পোৱা যায়৷ বাংলাদেশত ই Trachypithecus phayrei phayrei ৰ পৰা দক্ষিণত বিস্তৃত হৈ আছে৷ (Groves, 2001)
- Trachypithecus phayrei shanicus :
এই উপ-প্ৰজাতিটো উত্তৰ বাৰ্মাৰ পৰা দক্ষিণে চীনলৈকে বিস্তৃত[14]৷
আচৰণ
সম্পাদনা কৰকচচমা-চকুৱা বান্দৰ মূলত: পাতভোজী প্ৰাণী [15] ,[16]৷ ই মূলত: গছৰ পাত খাদ্য হিচাপে গ্ৰহণ কৰে[17]৷ অসমৰ অৰণ্যত ই প্ৰধানত : বাঁহৰ গাঁজ খোৱা দেখা যায়[18]৷ চচমা-চকুৱা বান্দৰে সাধাৰণতে ৰাতিপুৱা আৰু গধুলি খাদ্য বেছিকৈ খায় ৷ কেতিয়াবা উপ-গোটত ভাগ হৈ খাদ্যৰ সন্ধান কৰে ৷ শীতকালত (৩৬.৯%) গ্ৰীষ্মকাল (৩৩.৬%) আৰু বাৰিষাকাল (৩১.১%) তকৈ অধিক সময় খোৱাত অব্যাহত কৰে [19]৷
ইহঁতে দল বান্ধি বাস কৰে ৷ একোটা দলত ৩-৩০ টা পৰ্য্যন্ত প্ৰাণী থাকে ৷ শীতকালত ইহঁতে টুপীমূৰীয়া বান্দৰৰ দৰে ৰ’দ লয় [20]৷
চচমা-চকুৱা বান্দৰে এবাৰত এটাকৈ পোৱালি দিয়ে [21]৷
স্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰকআই. ইউ. চি. এন. (IUCN) ৰ তালিকাত এই প্ৰাণীবিধক বিলুপ্তপ্ৰায় বুলি ঘোষণা কৰা হৈছে৷ এই বান্দৰৰ প্ৰজাতিটো ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা কঠোৰভাৱে সংৰক্ষিত৷ এই আইন অনুসৰি এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আনকি ঘৰত আৱদ্ব কৰি ৰখা আইন মতে দণ্ডনীয় অপৰাধ৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 178. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100733.
- ↑ Bleisch, B., Brockelman, W., Timmins, R. J., Nadler, T., Thun, S., Das, J. & Yongcheng, L. (2008). Trachypithecus phayrei. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
- ↑ Choudhury, A. 1987. Notes on the distribution and conservation of Phayre's leaf monkey and hoolock gibbon in India. Tiger Paper. Vol. 14(2), 2-6.
- ↑ Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India.
- ↑ Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India.
- ↑ Fleagle, J. G. 1988. Primate Adaptation and Evolution. Academic Press: New York.
- ↑ Ruggeri, N. and Timmins, R.J. 1995/1996. An initial summary of diurnal primate status in Laos. Asian Primates. Vol. 5(3/4), 1-3.
- ↑ Stanford, C.B. 1988. Ecology of the capped langur and Phayre's leaf monkey in Bangladesh. Primate Conservation. Vol. 9, 125-128.
- ↑ Mukherjee, R.P. 1982. Phayre's leaf monkey of Tripura. Journal of the Bombay Natural History Society. Vol. 79(1), 47-56.
- ↑ Choudhury, A. 1994. Phayre's leaf monkey (Presbytis phayrei) in northeastern India. TigerPaper. Vol. 21(3), 1-4.
- ↑ Choudhury, A. 1996. Primates in Assam – Status and conservation. TigerPaper. Vol. 23(3), 14-17.
- ↑ Nisbett, R.A. and Ciochon, R.L. 1993. Primates in northern Viet Nam: A review of the ecology and conservation status of extant species, with notes on Pleistocene localities. International Journal of Primatology. Vol. 14(5), 765-795.
- ↑ Choudhury, A. 1987. Notes on the distribution and conservation of Phayre's leaf monkey and hoolock gibbon in India. Tiger Paper. Vol. 14(2), 2-6.
- ↑ Groves, C.P. 2001. Primate Taxonomy. Smithsonian Institute Press: Washington, D.C.
- ↑ Bose, J. and Bhattacharjee, P.C. 2002. Behavioural profile of a troop of Phayre's leaf monkey (Trachypithecus phayrei) in a fragmented and disturbed habitat, northeast India. (abstract) XIX Congress of the International Primatological Society. Beijing, China, 0287.
- ↑ Gupta, A. K. and Kumar, A. 1994. Feeding ecology and conservation of the Phayre's leaf monkey Presbytis phayrei in northeast India. Biological Conservation. Vol. 69, 301-306.
- ↑ Bose, J. and Bhattacharjee, P.C. 2002. Behavioural profile of a troop of Phayre's leaf monkey (Trachypithecus phayrei) in a fragmented and disturbed habitat, northeast India. (abstract) XIX Congress of the International Primatological Society. Beijing, China, 0287.
- ↑ Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India.
- ↑ Gupta, A. K. and Kumar, A. 1994. Feeding ecology and conservation of the Phayre's leaf monkey Presbytis phayrei in northeast India. Biological Conservation. Vol. 69, 301-306.
- ↑ Choudhury, A. 1994. Phayre's leaf monkey (Presbytis phayrei) in northeastern India. TigerPaper. Vol. 21(3), 1-4.
- ↑ Lu, A., Borries, C., Czekala, N.M., and Beehner, J.C. 2010. Reproductive characteristics of wild female Phayre's leaf monkeys. American Journal of Primatology. Vol. 72(12), 1073-1081.