চুটীয়া শালিকা

চৰাইৰ প্ৰজাতি

চুটীয়া শালিকা (ইংৰাজী: Jungle Myna , বৈজ্ঞানিক নাম Acridotheres fuscus) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ ভিতৰত অন্যতম প্ৰজাতি৷

চুটীয়া শালিকা (Jungle Myna)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Sturnidae
গণ: Acridotheres
প্ৰজাতি: A. fuscus
বৈজ্ঞানিক নাম
Acridotheres fuscus
(Wagler, 1827)

চুটীয়া শালিকা এছিয়াবাংলাদেশ, পাকিস্তান, ভাৰত আৰু ইণ্ডোনেছিয়া আদি দেশৰ থলুৱা চৰাইৰ প্ৰজাতি৷

বাসস্থান

সম্পাদনা কৰক

এই প্ৰজাতিটোৱে সাধাৰণতে বনাঞ্চল আৰু খেতি-পথাৰ আদিত বাস কৰে৷ ইয়াক সাধাৰণতে পানী বা ধাননি পথাৰৰ আশে পাশে চৰি ফুৰা দেখা যায়৷

চুটীয়া শালিকাৰ দেহৰ দৈৰ্ঘ্য ২৩ ছে: মি হয়৷ ইয়াৰ পাখিৰ বৰণ মুগা (Grey) আৰু মূৰ তথা ডেউকা অংশত ই ডাঠ ৰঙৰ হয়৷ ইয়াৰ ডেউকাত থকা বগা দাগটো উৰাৰ সময়ত স্পষ্টকৈ দৃশ্যমান হৈ পৰে৷ চুটীয়া শালিকাৰ নেজৰ আগটোও বগা হয়৷ ইয়াৰ ঠোঁট আৰু ঠেং দুখন উজ্জল হালধীয়া হয়৷ অন্য শালিকাৰ প্ৰজাতিৰ দৰে ইয়াৰ চকুৰ চাৰিওকাষে নোমবিহীন অংশ নাথাকে৷ মতা-মাইকী উভয়ে দেখাত প্ৰায় একে হয়৷ ভাৰতৰ দক্ষিণ অঞ্চলৰ চুটীয়া শালিকাৰ চকুৰ মণি নীলা হয়৷

ই গাত খান্দি বাস সজে৷ এবাৰত ৩-৬ টাকৈ কণী পাৰে৷

চুটীয়া শালিকাই ফল-মূল, গুটি আৰু পোক-পৰুৱা আদি খাই জীয়াই থাকে৷


আলোকচিত্ৰৰ ভঁৰাল

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক