চুৰাহী

পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা

চুৰাহী (টাকৰী লিপিত: 𑚏𑚰𑚤𑚭𑚩𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতহিমাচল প্ৰদেশত কোৱা হয়। এই ভাষা মুখ্যতঃ চম্বা জিলাৰ চৌৰাহ আৰু সলুনী তেহসীলত ব্যৱহাৰ কৰা হয়। এই ভাষা এটি বিপন্ন ভাষা।[2]

Churahi
𑚏𑚰𑚤𑚭𑚩𑚯, चुराही

Churahi written in Takri Script
থলুৱা অঞ্চল Himachal Pradesh
অঞ্চল Chaurah, Saluni
স্থানীয় ভাষিক
সাঁচ:Sigfig[1] (2011)e25
ভাষা পৰিয়াল
লিখন প্ৰণালী Takri, Devanagari
ভাষা সংকেত
ISO 639-3 cdj

ফকৰা যোজনা সম্পাদনা কৰক

𑚏𑚰𑚤𑚭𑚩𑚯 चुराही অসমীয়া লিপিত (সংস্কৃতৰ সমতুল্য বৰ্ণ ব্যৱহাৰ কৰি) অসমীয়া ভাষাত অৰ্থ
𑚀𑚜𑚜𑚰 𑚢𑚳𑚩𑚘𑚰 𑚀𑚜𑚢𑚭 अधधु मैहणु अधमा অধধু মৈহণু অধমা অল্পজ্ঞানীৰ মাত বেছি
𑚆𑚅𑚖𑚯 𑚊𑚥 𑚑𑚙𑚤𑚱𑚖𑚭 एऊडी कल जतरूडा এঊডী কল জতৰূডা কুকৰ্মই কুফল আনে
𑚢𑚤𑚝𑚰 𑚙 𑚜𑚶𑚤𑚰𑚦 𑚚𑚴𑚪𑚭 𑚊𑚤𑚝𑚯 मरनु त ध्रुव थॊड़ा करनी মৰনু ত ধ্ৰুৱ থৌড়া কৰনী মৃত্যু যেতিয়া আহিবই, ফাঁকি কিহৰ?
𑚑𑚲𑚃 𑚊𑚭𑚥𑚱 𑚡𑚰𑚙𑚮𑚣𑚭 𑚙𑚲𑚃 𑚛𑚶𑚦𑚭𑚤𑚭 𑚡𑚲𑚪𑚮𑚣𑚴𑚤𑚱 जेई कालू भुतिया तेई द्वारा भेड़ियोरू জেঈ কালূ ভুতিয়া তেঈ দ্বাৰা ভেড়িয়োৰূ কোনো ডাঙৰ বিপক আওকাণ কৰা

লিপি সম্পাদনা কৰক

এই ভাষা টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হয়।

স্থিতি সম্পাদনা কৰক

এই ভাষাক অনেকে পাহাড়ী বা হিমাচলী বুলিও কয়। কোনো কোনোৱে এই ভাষাক ডোগ্ৰী ভাষাৰ উপভাষাও জ্ঞান কৰে। চুৰাহী ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল, এই ভাষা শিশুৱে মাতৃভাষা হিচাপে নিশিকা হৈছে।[3]

২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাই ভাৰতৰ সংবিধানত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছিল, যিয়ে হিমাচল প্ৰদেশৰ অনেক ভাষাক প্ৰতিনিধিত্ব কৰিলেহেতেন।[4] কিন্তু তাৰ পাছত এই দিশত কোনো অগ্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ক্ষেত্ৰত কাম কৰি আহিছে।[5] ৰাজনৈতিক কাৰণত, এই ভাষাক হিন্দী ভাষাৰ উপভাষা গণ্য কৰা হয়,[6] যদিও চুৰাহী আৰু হিন্দী ভাষী দুজন লোকে ইজনে সিজনক বুজা কঠিন।

তথ্য সংগ্ৰহ সম্পাদনা কৰক