চেলিম-চুলেমান (ইংৰাজী: Salim–Sulaiman) হৈছে ভাৰতীয় সুৰকাৰৰ এটি‍ যুটি। এই দুয়ো ককাই-ভাই হ'ল ক্ৰমে‍ চেলিম মাৰ্চেণ্ট আৰু চুলেমান মাৰ্চেণ্ট। দুয়োৱে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰে।

চেলিম-চুলেমান

এমটিভিৰ ছুপাৰ ফাইট লীগ ছিজন ২ৰ উদ্বোধনী প্ৰেছ মিটত চেলিম–চুলেমান
প্ৰাথমিক তথ্য
মূল মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
সংগীতৰ প্ৰকাৰ
পেচা স্ক'ৰ কম্প‍োজাৰ, সংগীত পৰিচালক
বাদ্যযন্ত্ৰ
কাৰ্যকাল ১৯৯৩–বৰ্তমানলৈকে‍
সহযোগী  কোকো
ৱেবছাইট salimsulaiman.com

জীৱন আৰু প্ৰাৰম্ভিক কেৰিয়াৰ

সম্পাদনা কৰক

গুজৰাটৰ মুন্দ্ৰাৰ কচ্ছ হ'ল চেলিম-চুলেমানৰ পৈতৃক চহৰ।[1] মুম্বাইত তেওঁলোকৰ জন্ম।[1] ১৯৭৪ চনৰ ৩ মাৰ্চত চে‍লিম মাৰ্চেণ্টৰ জন্ম হৈছিল আৰু ১৯৭০ চনৰ ২১ ডিচেম্বৰত চুলেমান মাৰ্চেণ্টৰ জন্ম হৈছিল। তেওঁলোক তেওঁলোকৰ পিতৃ ছাদ্ৰুদ্দিন মাৰ্চেণ্টৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ছাদ্ৰুদ্দিন মাৰ্চেণ্টে ভাৰতত ইছমাইলি স্কাউটছ অৰ্কেষ্ট্ৰাৰ নেতৃত্ব দিছিল।[2] সুৰকাৰ আৰু চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ ব্যক্তি‍ ছাদ্ৰুদ্দিন মাৰ্চেণ্টৰ পুত্ৰ হিচাপে সংগীতৰ এক পাৰিবাৰিক পৰম্পৰাত নিমজ্জিত হৈ চেলিমে লণ্ডনৰ ট্ৰিনিটি কলেজ অৱ মিউজিক পিয়ানোত পাৰদৰ্শিতা লাভ কৰিছিল আনহাতে চুলেমানে তৌফিক কুৰেশী আৰু ওস্তাদ জাকিৰ হুছেইন দৰে কিংবদন্তিৰ পৰা তবলাৰ প্ৰশিক্ষণ লৈছিল।[3] বলীউডৰ এখন চলচ্চিত্ৰৰ বাবে প্ৰথম সংগীত ৰচনা কৰাৰ ছয় বছৰৰ পিছত তেওঁলোকে ভূত চলচ্চিত্ৰখনৰ বাবে‍ চলচ্চিত্ৰ স্ক'ৰ আৰু প্ৰশংসা লাভ কৰে।

নীল 'এন' নিকি, চাক দে! ইণ্ডিয়া, ৰব নে বানা দি জোডি় আৰু ফেশ্বন ৰ দৰে চলচ্চিত্ৰৰ বাবে সংগীত পৰিচালনা কৰা চেলিম আৰু চুলেমানে এক দশকৰো অধিক সময় ধৰি সংগীত ৰচনা কৰি আহিছে। দুয়োৱে ভিভা, আসমান, শ্বেতা শেট্টী, জেছমিন আৰু ষ্টাইল ভাইকে ধৰি বহুতো চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছে। কে. এছ. চিত্ৰ, ওস্তাদ জাকিৰ হুছেইন, ওস্তাদ চুলতান খান, আয়েশা আব্দুল বাচিথৰ দৰে শিল্পীৰ সৈতে বহুকেইটা টিভিৰ বিজ্ঞাপন ৰচনা, প্ৰযোজনা আৰু সহযোগিতা কৰিছিল।[4] তাৰ পিছত, তেওঁলোকে যশ চোপ্ৰা, সুভাষ ঘাই আৰু ৰাম গোপাল বাৰ্মাৰ দৰে প্ৰখ্যাত প্ৰযোজক আৰু পৰিচালকৰ সৈতে চলচ্চিত্ৰ কৰাৰ সুযোগ লাভ কৰিছে‍। কৰণ জোহৰ-শ্বাহৰুখ খান প্ৰযোজনা কৰা কাল চলচ্চিত্ৰৰ বাবে মূলতঃ নেপথ্য সংগীত ৰচনা কৰিছিল। ইয়াত তেওঁলোকে কৰা সংগীত ৰচনাই প্ৰশংসা লাভ কৰিছিল।

ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ইণ্ডিয়ান আইডল পঞ্চম ছিজন তিনিজন বিচাৰকৰ ভিতৰত চে‍লিম মাৰ্চেণ্টও এজন আছিল।[5]

তেওঁলোকে লেডী গাগাৰ গীত বৰ্ণ দ্চি‍ ৱে আৰু জুডাছ বাবে হলিউডত ৰিমিক্সৰ কাম কৰিছে।[6][7] তেওঁলোকে আই এম এ ফ্ৰীক বাই এৰিকতো কাম কৰিছিল। দুয়োৱে হলিউড ছবি 'ছ'ল্ড'ৰ বাবে দুটা গীত গাইছিল।[8] ২০২০ চনত লকডাউনৰ সময়ত চেলিম-চুলেমানে ৰিকি কেজ সৈতে গান্ধী জয়ন্তীৰ একক গীতটি মুকলি কৰিছিল।[9][10] দুয়োৱে শিৱংশ জিন্দালকে ধৰি কেইবাজনো ইণ্ডি শিল্পীৰ সহযোগিতাত বিভিন্ন ট্ৰেক প্ৰযোজনা কৰিছে।[11]

২০১০ ফিফা বিশ্বকাপ

সম্পাদনা কৰক

২০১০ চনৰ ফিফা বিশ্বকাপৰ বাবে সংগীত ৰেকৰ্ড কৰিবলৈ সংগীতৰ যুটিটোৱে দক্ষিণ আফ্ৰিকাৰ গায়ক লয়িসো বালা আৰু কেনিয়াৰ গায়ক তথা গীতিকাৰ এৰিক ৱেইনাইনা সৈতে সহযোগিতা কৰিছিল। গীতটি হৈছে "আফ্ৰিকা-ইউ আৰ এ ষ্টাৰ।" [12][3]

ইণ্ডিয়ান আইডল

সম্পাদনা কৰক

ইণ্ডিয়ান আইডলৰ ছিজন ৫ আৰু ছিজন ৬-ত চে‍লিম মাৰ্চেণ্ট অনু মালিক আৰু সুনিধি চৌহানৰ সৈতে বিচাৰক আছিল। চে‍লিমে বিশাল দাদলানী আৰু সোণাক্ষী সিনহাৰ সৈতে ইণ্ডিয়ান আইডল জুনিয়ৰ দ্বিতীয় ছিজনৰ বিচাৰক হিচাপে কাম কৰিছে।

দ্য ভইচ ইণ্ডিয়াৰ দ্বিতীয় ছিজনত প্ৰশিক্ষক ছান, প্ৰশিক্ষক বেনি আৰু প্ৰশিক্ষক নীতি লগতে তেওঁ চাৰিজন বিচাৰকৰ ভিতৰৰ অন্যতম আছিল।

বঁটা বছৰ ফলাফল বঁটা লাভ কৰিছিল মনোনীত কৰা কাম
মিৰ্চি সংগীত বঁটা 2013 বিজয়ী ইণ্ডি পপ গান অৱ দ্য ইয়ৰ চীন ৰে মোৰা চেইন
মিৰ্চি সংগীত বঁটা 2014 মনোনীত চুলেন আছমান
ফিল্মফেয়াৰ বঁটা 2007 বিজয়ী শ্ৰেষ্ঠ নেপথ্য সংগীতৰ বাবে ফিল্মফেয়াৰ বঁটা ক্ৰিছ
অপ্সৰা বঁটা 2009 মনোনীত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে অপ্সৰা বঁটা ৰব নে বানা দি জোডী
আইফা বঁটা 2005 বিজয়ী আইফা শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক "ৰ বঁটা মুজছে শাদি কাৰোগী
ষ্টাৰ স্ক্ৰীণ বঁটা 2003 বিজয়ী শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক 'ৰৰ বাবে ষ্টাৰ স্ক্ৰীণ বঁটা ভূত
ষ্টাৰ স্ক্ৰীণ বঁটা 2004 বিজয়ী শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক 'ৰৰ বাবে ষ্টাৰ স্ক্ৰীণ বঁটা ধুম
জি চিনে এৱাৰ্ডছ 2005 বিজয়ী শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক 'ৰৰ বাবে জি চিনে বঁটা আব তক ছপ্পন
ডেটাইম এমি বঁটা 2009 মনোনীত শিশুৰ ধাৰাবাহিকত উৎকৃষ্ট মৌলিক গীতৰ বাবে ডেটাইম এমি বঁটা আচৰিত পোহনীয়া জন্তু[13]
চাইৰাকুজ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা 2008 বিজয়ী শ্ৰেষ্ঠ সংগীত পৰিচালক ফেশ্বন
এফ. এইচ. এম. (আলোচনী) বঁটা 2007 বিজয়ী শ্ৰেষ্ঠ পোছাক পৰিধান কৰা সংগীত সুৰকাৰ
শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়কৰ ফিল্মফেয়াৰ বঁটা 2010 মনোনীত শ্ৰেষ্ঠ গায়ক-ছনু নিগমৰ সৈতে শুকৰণ আল্লাহচনু নিগম কুৰবান

সুৰকাৰ হিচাপে চলচ্চিত্ৰগ্ৰাফী

সম্পাদনা কৰক

গানৰ বাবে

সম্পাদনা কৰক

বেকগ্ৰাউণ্ড স্ক'ৰৰ বাবে

সম্পাদনা কৰক

চেলিম মাৰ্চেণ্টে গোৱা গানসমূহ

সম্পাদনা কৰক
বছৰ গীতসমূহ এলবাম ভাষা সুৰকাৰ গীতিকাৰ। টোকাসমূহ
২০০৬ "আছায়েইন" ইকবাল হিন্দী চলিম-চুলেমান ইৰফান ছিদ্দিক কোৰাছ গানটো [14]
২০০৯ "শুকৰান আল্লাহ" কুৰবান হিন্দী চলিম-চুলেমান নিৰঞ্জন আয়েঙ্গাৰ
২০০৯ "খুদায়া ভে" ভাগ্যৱান হিন্দী চলিম-চুলেমান ছব্বিৰ আহমেদ
২০১০ "আয়ে খুদা" পাঠশালা হিন্দী হানিফ শ্বেইখ হানিফ শ্বেইখ

সুৰকাৰ হিচাপে ডিস্কোগ্ৰাফী

সম্পাদনা কৰক
বছৰ এলবাম শিল্পী (ছ) গীতৰ সংখ্যা টোকাসমূহ
১৯৯২ ৰাগা ৰাগা কে. এচ. চিত্ৰা, ভুডু (ৰেপাৰ) ৮টা গান প্ৰথম এলবাম
১৯৯৫ শ্বেতা-দ্য নিউ এলবাম শ্বেতা শেট্টী, শান্তনু মুখাৰ্জী, সাগৰিকা মুখাৰ্জী ৮টা গান শ্বেতা-দ্য নিউ এলবাম নামেৰেও জনাজাত আৰু ৮টা মুখ্য ট্ৰেকৰ পৰা অতিৰিক্ত ৪টা বোনাছ ট্ৰেক সহ অডিঅ 'চিডিত অন্যান্য হিট।
ড 'ল ড' ল আৰু অন্যান্য হিট সুচিত্ৰা কৃষ্ণমূৰ্তি ১টা গান
১৯৯৬ চেনেল হিটসমূহ বিভিন্ন ধৰণৰ ১টা গান
১৯৯৮ মা সাগৰিকা, শান, শ্বেতা শেট্টী, সুচিত্ৰা কৃষ্ণমূৰ্তি আৰু অন্যান্য এলবামৰ প্ৰচ্ছদ পৃষ্ঠাত উল্লেখ কৰা অনুসৰি
As mentioned on the back of the album cover
৮ + ৩টা গান (১১টা গান)
২০০০ Prema.com বিভিন্ন ধৰণৰ ১টা গান
২০০১ ভূমি জুবিন গাৰ্গ, ভূমি, ওস্তাদ চুলতান খান আৰু অন্যান্য ৮টা গীত
২০২০ তাৰিখ কাৰ লে কেৰীমিনাটি ১টা গীত [15]
২০২২ ছুনামি খেছাৰী লাল যাদৱ ১টা গীত [16]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 "Salim - Sulaiman". www.facebook.com. https://www.facebook.com/salimsulaimanmusic/posts/10153724885688916. 
  2. "The Ismaili: Scoring the sounds of Bollywood". http://www.theismaili.org/cms/797/Scoring-the-sounds-of-Bollywood। আহৰণ কৰা হৈছে: 11 May 2011. 
  3. 3.0 3.1 "It's merchant magic". www.iol.co.za. https://www.iol.co.za/saturday-star/its-merchant-magic-1168045. 
  4. "Composers Salim-Sulaiman team up with UAE singer for devotional track 'Salaam'". https://www.khaleejtimes.com/entertainment/composers-salim-sulaiman-team-up-with-uae-singer-for-devotional-track-salaam-2. 
  5. "The Rise of Salim-Sulaiman". Passion For Cinema. http://passionforcinema.com/the-rise-of-salim-sulaiman/। আহৰণ কৰা হৈছে: 9 October 2010. 
  6. "Lady Gaga Goes Desi With Salim-Sulaiman Merchant". 13 April 2011. https://www.koimoi.com/bollywood-news/lady-gaga-goes-desi-with-salim-sulaiman-merchant/. 
  7. "I was never a crazy fan of Gaga: Salim". The Times of India. 17 April 2011. Archived from the original on 13 May 2013. https://web.archive.org/web/20130513064810/http://articles.timesofindia.indiatimes.com/2011-04-17/news-and-interviews/29427333_1_lady-gaga-desi-version-britney-spears. 
  8. "Sold's music is very different from the movie: Salim Merchant". radioandmusic.com. 6 May 2016. http://www.radioandmusic.com/entertainment/editorial/news/160506-solds-music-very-different-movie-salim. 
  9. "Salim-Sulaiman collaborate with Ricky Kej for Gandhi Jayanti" (en ভাষাত). The Times of India. 1 October 2020. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/salim-sulaiman-collaborate-with-ricky-kej-for-gandhi-jayanti/articleshow/78411718.cms. 
  10. Rozario, R. R (9 October 2020). "Lockdown Diaries: Salim Sulaiman release Gandhi Jayanti single with Grammy Award Winner and US Billboard #1 artist, Ricky Kej". www.flipsyde.live. https://www.flipsyde.live/salim-sulaiman-release-gandhi-jayanti-single-with-ricky-kej.html। আহৰণ কৰা হৈছে: 9 October 2020. 
  11. Rozario, R. R (31 January 2021). "Music Directors Salim-Sulaiman Take A Chance With Young Indie Musician-Singer Shivansh Jindal And The Result Is Fabulous". flipsyde.live. https://www.flipsyde.live/musical-duo-salim-sulaiman-take-a-chance-with-young-indie-musician-singer-shivansh-jindal-and-the-result-is-fabulous.html। আহৰণ কৰা হৈছে: 23 March 2021. 
  12. . http://movies.ndtv.com/movie_story.aspx?Section=Movies&ID=ENTEN20100142158&subcatg=MOVIESINDIA&keyword=music. 
  13. . 22 May 2009. Archived from the original on 13 May 2013. https://web.archive.org/web/20130513062949/http://articles.timesofindia.indiatimes.com/2009-05-22/news-interviews/28206010_1_western-ears-animal-salim. 
  14. . 2022-06-01. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/salim-merchant-kk-was-so-secure-as-an-artist-he-insisted-i-sing-the-chorus-of-aashayein-instead-of-him-exclusive/articleshow/91926637.cms. 
  15. "YouTube star CarryMinati collaborates with Salim-Sulaiman for new song - OrissaPOST" (en-US ভাষাত). Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST. 2020-10-28. Archived from the original on 5 May 2021. https://web.archive.org/web/20210505203143/https://www.orissapost.com/youtube-star-carryminati-collaborates-with-salim-sulaiman-for-new-song/। আহৰণ কৰা হৈছে: 2021-06-16. 
  16. "Khesari lal Song: 'बवाल' करने के बाद अक्षरा सिंह संग खेसारी लाल यादव लेकर आए 'सुनामी', मच गई तबाही" (hi ভাষাত). News18 हिंदी. 2022-06-12. https://hindi.news18.com/news/entertainment/bhojpuri-khesari-lal-yadav-akshara-singh-latest-hindi-song-tsunami-video-released-on-youtube-have-you-seen-it-raya-4314246.html। আহৰণ কৰা হৈছে: 2022-06-12.