জাকিৰ হুছেইন (সংগীতজ্ঞ)
জাকিৰ হুছেইন আল্লাৰাখা কুৰেছি (ইংৰাজী: Zakir Hussain Allarakha Qureshi; ৯ মাৰ্চ ১৯৫১ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় তবলা বাদক, সুৰকাৰ, পাৰ্কাচনিষ্ট, সংগীত প্ৰযোজক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ তবলা বাদক আল্লা ৰাখাৰ জেষ্ঠ পুত্ৰ।[1]তেওঁ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তবলাবাদক হিচাপে সৰ্বজনগৃহীত।[2] ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে তেওঁক জনা যায়।
জাকিৰ হুছেইন | |
---|---|
প্ৰাথমিক তথ্য | |
জন্ম | ৯ মাৰ্চ, ১৯৫১ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
মৃত্যু | ১৫ ডিচেম্বৰ, ২০২৪ (৭৩ বছৰ) চান ফ্ৰান্সিস্ক’, আমেৰিকা যুক্তৰাষ্ট্ৰ |
সংগীতৰ প্ৰকাৰ | হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, জেজ ফিউজন, ৱৰ্ল্ড মিউজিক |
পেচা | সংগীতজ্ঞ |
বাদ্যযন্ত্ৰ | তবলা |
কাৰ্যকাল | ১৯৬৩–২০২৪ |
ৰেকৰ্ড লেবেল | এইচ এম ভি |
ৱেবছাইট | zakirhussain |
তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্ম বিভূষণ বঁটাৰে সন্মানিত।[3][1][4] ২০০৯ চনৰ ৮ ফেব্ৰুৱাৰীত হুছেইনে তেওঁৰ গ্ল'বেল ড্ৰাম প্ৰজেক্ট ৰ বাবে শ্ৰেষ্ঠ সমসাময়িক বিশ্ব সংগীত এলবামৰ গ্ৰেমী বঁটা শিতানত ৫১ সংখ্যক গ্ৰেমী বঁটা লাভ কৰে। এই এলবামটোত তেওঁক সহযোগ কৰিছিল মিকি হাৰ্ট আৰু জিঅ’ভানি হিডালগ’ই।
তেওঁ ১৯৯০ চনত ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা আৰু ২০১৮ চনত সংগীত নাটক একাডেমী ফেলোশ্বিপেৰেও সন্মানিত হৈছে। হুছেইনক ১৯৯৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পৰম্পৰাগত শিল্পী আৰু সংগীতজ্ঞসকলক দিয়া সৰ্বোচ্চ বঁটা নেচনেল হেৰিটেজ ফেলোশ্বিপেৰে সন্মানিত কৰা হয়। তেওঁ সাতটা গ্ৰেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু চাৰিটা জয় কৰিছিল।[5] ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ তিনিটা গ্ৰেমী বঁটা লাভ কৰিছিল।[6][7]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 Kabir, Nasreen (2018). Zakir Hussain: A Life in Music. প্ৰকাশক Noida, Uttar Pradesh, India: HarperCollins Publisher India. ISBN 978-93-5277-049-6.
- ↑ Nigam, Meher (29 June 2022). "India's 7 Greatest Tabla Players of All Time". skyshot.in. https://www.skyshot.in/post/india-s7greatesttablaplayersofalltime। আহৰণ কৰা হৈছে: 8 December 2023.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015.
- ↑ "Padma Awards 2023 announced". www.pib.gov.in. https://pib.gov.in/PressReleasePage.aspx?PRID=1893797#:~:text=For%20the%20year%202023%2C%20the,and%2091%20Padma%20Shri%20Awards.। আহৰণ কৰা হৈছে: 2023-01-30.
- ↑ "Artist: Zakir Hussain". Grammy.com. 2024. https://www.grammy.com/artists/zakir-hussain/3379। আহৰণ কৰা হৈছে: 15 June 2024.
- ↑ "Ustad Zakir Hussain Wins three Grammy Awards in different categories" (en ভাষাত). Bru Times News. https://www.brutimes.com/news/entertainment/ustad-zakir-hussain-wins-three-grammy-awards-in-different-categories.
- ↑ "Without harmony, we are nothing: Zakir Hussain wins 3 Grammy awards" (en ভাষাত). Hindustan Times. 5 February 2024. https://www.hindustantimes.com/india-news/without-harmony-we-are-nothing-zakir-hussain-wins-3-grammy-awards-101707135387263.html.