চৈয়দ ইছমাইল হোছেইন ছিৰাজী

চৈয়দ ইছমাইল হোছেইন ছিৰাজী ( বাংলা : সৈয়দ ইছমাইল হোসেন ছিৰাজী; ১৮৮০–১৯৩১) হৈছে বৰ্তমানৰ বাংলাদেশৰ ছিৰাজগঞ্জ নিবাসী এগৰাকী বঙালী লেখক আৰু কবি। তেওঁক বঙালী মুছলমান পুনৰ জাগৰণৰ সময়ৰ অন্যতম মূল লেখক হিচাপে গণ্য কৰা হয়। তেওঁ শিক্ষাৰ প্ৰসাৰক উদগনি যোগোৱাই নহয় ইছলামিক ঐতিহ্যকো মহিমামণ্ডিত কৰিছিল।[1] বংগত খিলাফত আন্দোলন প্ৰৱৰ্তন কৰাতো তেওঁ যথেষ্ট অৰিহণা যোগাইছিল[2], আৰু বালকান যুদ্ধৰ সময়ত অট্টোমান সাম্ৰাজ্যক চিকিৎসা সামগ্ৰী যোগান ধৰিছিল।[3] তেওঁৰ প্ৰথম কবিতা পুথি অনল-প্ৰবাহৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা জাৰী কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে স্বাধীনতাৰ আহ্বান জনোৱা প্ৰথমজন দক্ষিণ এছিয়াৰ কবি হিচাপে কাৰাবাস খাটিছিল। তেওঁৰ জীৱনকালত চৰকাৰে তেওঁৰ বিৰুদ্ধে ৮২ বাৰ ১৪৪ ধাৰা জাৰি কৰিছিল।[4]

চৈয়দ ইছমাইল হোছেইন চিৰাজী
জন্ম ১৩ জুলাই, ১৮৮০
চিৰাজগঞ্জ, পাবনা জিলা, বেঙ্গল প্ৰেচিডেন্সি
মৃত্যু ১৭ জুলাই, ১৯৩১ (৫১ বছৰ)
বেঙ্গল প্ৰেচিডেন্সি
ভাষা বঙালী ভাষা
শিক্ষা জ্ঞানদায়িনী মাইনৰ ইংলিছ স্কুল

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৮৮০ চনৰ ১৩ জুলাইত বংগ প্ৰেচিডেন্সিৰ পাবনা জিলাৰ ছিৰাজগঞ্জত চৈয়দ বংশৰ এটি বঙালী মুছলমান পৰিয়ালত চৈয়দ ইছমাইল হোছেইনৰ জন্ম হৈছিল। তেওঁৰ পূৰ্বপুৰুষ চৈয়দ আলী আজমে ইৰাণৰ ছিৰাজ চহৰৰ পৰা বংগলৈ প্ৰব্ৰজন কৰি মোগল দৰবাৰত সন্মান লাভ কৰিছিল। চৈয়দ আলী আজমে প্ৰথমে নাদিয়াৰ আমলাবাৰীত বাস কৰিছিল আৰু তেওঁৰ বহুকেইজন বংশধৰ ইউনানী চিকিৎসাৰ সাধক আছিল। ছিৰাজীৰ পিতৃ মৌলৱী চৈয়দ আব্দুল কৰিম খাণ্ডকাৰ (১৮৫৬-১৯২৪) আছিল এজন আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু ইউনানী প্ৰেকটিচনাৰ। তেওঁৰ মাতৃ নুৰজাহান খানোম পষ্টুন বংশৰ আছিল।[5] তেওঁ জন্ম গ্ৰহণ কৰা জিলাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন স্বৰূপে তেওঁৰ নামৰ শেষত ছিৰাজী উপাধি সংযোগ কৰা হৈছিল।[1]

সৰুতে জ্ঞানদায়িনী মাইনৰ ইংলিছ স্কুলত পঢ়িবলৈ যোৱাৰ আগতে ইছমাইল হোছেইন ছিৰাজীয়ে স্থানীয় প্ৰাথমিক বিদ্যালয়তে আৰবী আৰু পাৰ্চী ভাষা শিকিছিল। তেওঁৰ পৰিয়ালটো অৱস্থাপন্ন নোহোৱাৰ হেতু তেওঁ কলেজত পঢ়িব পৰাকৈ খৰচ গোটাব পৰা নাছিল। তথাপিও চিৰাজীয়ে ঘৰতে সংস্কৃত ব্যাকৰণ, সাহিত্য আৰু অভিধান অধ্যয়ন কৰিছিল।[6] তেওঁ শিবলি নোমানী আৰু মহম্মদ ইকবালৰ দৰে ভাৰতীয় মুছলমান লেখকৰ ৰচনাও পঢ়িছিল, যি তেওঁক যথেষ্ট প্ৰভাৱিত কৰিছিল।[1]

কৰ্মজীৱন

সম্পাদনা কৰক

চৈয়দ ইছমাইল হোছেইন ছিৰাজী পেচাত এগৰাকী সাহিত্যিক আছিল। পাছলৈ তেওঁ বংগৰ ৰাজনীতিত নিমগ্ন হৈ ঔপনিৱেশিক শাসনৰ ফলত পিছ পৰি থকা বঙালী মুছলমান সমাজখনক পুনৰ জাগ্ৰত কৰিছিল। বক্তা হিচাপে সুনাম অৰ্জন কৰি ছিৰাজীয়ে মুছলমানৰ স্বাৰ্থৰ উপৰিও হিন্দু-মুছলমান ঐক্যৰ পোষকতা কৰিছিল।[1] ঊনৈশ বছৰ বয়সত তেওঁৰ প্ৰথম কবিতা পুথি অনল-প্ৰবাহ (১৮৯৯) প্ৰকাশ হয়। ১৯০৫ চনত বংগ বিভাজনৰ সময়ত তেওঁ মুছলমানসকলক বিভাজন বিৰোধী আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনাইছিল।[7] ১৯০৮ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহৰ অভিযোগ উত্থাপিত হয়। চৰকাৰে এই গ্ৰন্থখন নিষিদ্ধ কৰে আৰু তাৰ পিছত ১৯১০ চনৰ মাৰ্চ মাহত তেওঁক ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে স্বাধীনতাৰ বাবে অভিযোগ কৰা প্ৰথমজন দক্ষিণ এছিয়াৰ কবি হিচাপে কাৰাবাস দিয়া হয়।[4]

১৯১২ চনত ছিৰাজীয়ে বলকান যুদ্ধৰ সময়ত অট্টোমান বাহিনীক চিকিৎসা সাহায্য প্ৰদান কৰা প্ৰতিনিধি দলত যোগদান কৰে।[3] পিছৰ বছৰ বংগলৈ উভতি আহি তেওঁ অঞ্জুমান-ই-উলামা-ই-বাংগালাৰ অন্যতম প্ৰতিষ্ঠাপক হয়।[8] ১৯৩০ চনত তেওঁক লোণ আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।[9]

ছিৰাজী ভাৰতীয় জাতীয় কংগ্ৰেছ, সৰ্বভাৰতীয় মুছলিম লীগ, স্বৰাজ পাৰ্টি, কৃষক সমিতিৰ দৰে বহু দল-সংগঠনৰো সক্ৰিয় সদস্য আছিল। তেওঁ ছিৰাজগঞ্জৰ কৃষকসকলক স্থানীয় জমিদাৰসকলৰ বিৰুদ্ধে সংগঠিত কৰিছিল।[1]

সৃষ্টিশীল কৰ্মৰাজি

সম্পাদনা কৰক

দ্য কহিনুৰৰ বাবে ছিৰাজীয়ে নিয়মীয়াকৈ লেখিছিল।[1] তেওঁ অট্টোমান সমৰ্থক মাহেকীয়া ইছলাম প্ৰচাৰকৰ লগতে অল-ইছলাম, নবযুগ, প্ৰবাসী, নবনুৰ, চৌগট, চুলতান আৰু দ্য মহম্মদীৰ বাবেও লিখিছিল। তেওঁৰ ৰচনাসমূহে ইছলামিক পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যক মহিমামণ্ডিত কৰি বঞ্চিত বঙালী মুছলমান সমাজখনক জাগ্ৰত কৰাৰ লগতে আধুনিক শিক্ষা আৰু পৰম্পৰাগত ইছলামিক শিক্ষা দুয়োটাৰে পোষকতা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

কাব্যগ্ৰন্থ
  • অনল-প্ৰবাহ (১৯০০)
  • আকাঙ্ক্ষা(১৯০৬)
  • উছ্বাস (১৯০৭)
  • উদ্বোধন (১৯০৭)
  • নব উদ্দীপনা (১৯০৭)
  • স্পেইন বিজয় কাব্য (১৯১৪)
  • মহাশিক্ষা মহাকাব্য (১ম খণ্ড-১৯৬৯, ২য় খণ্ড-১৯৭১)
উপন্যাস
  • ৰায়নন্দিনী (১৯১৫)
  • তাৰাবাঈ (১৯১৬)
  • ফিৰোজা বেগম (১৯১৮)
  • নূৰউদ্দীন (১৯১৯)
  • জাহানাৰা (১৯৩১)
  • বঙ্গ ও বিহাৰ বিজয় (১৮৯৯, অসমাপ্ত)
  • বঙ্কিম দুহিতা
  • বাংলা একাডেমি হতে তাৰ উপন্যাস সমূহ প্ৰকাশিত হয়েছে।
সঙ্গীত গ্ৰন্থ
  • সঙ্গীত সঞ্জীবনী (১৯১৬)
  • প্ৰেমাঞ্জলি (১৯১৬)
  • প্ৰবন্ধ
  • স্বাধীন চিন্তাশীলতা
  • মাতৃভাষা ও জাতীয় উন্নতি
  • শক্তিৰ প্ৰতিযোগিতা
  • হিন্দু-মুছলমান
  • উচ্চশিক্ষাৰ ফল
  • আত্মত্যাগ ও জাতীয় উন্নতি
  • সাহিত্যেৰ প্ৰভাব ও প্ৰেৰণা
  • জাতীয় জীৱনে স্বাধীনতাৰ প্ৰয়োজন
  • স্বজাতি প্ৰেম
  • স্বৰাজ ও হিন্দু-মুছলমান
  • শিল্প সংগঠন ও জাতীয় জীৱন
  • ইছলাম ও ধনবল
  • আত্মবিশ্বাস

স্বাধীনতাৰ ষোল্ল বছৰ আগতে, ১৯৩১ চনৰ ১৭ জুলাইত বেংগল প্ৰেচিডেন্সিত ছিৰাজীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, পাঁচজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান এৰি থৈ যায়। কাজী মৌলৱী মতিউৰ ৰহমানে তেওঁৰ জানাজা কৰিছিল।[5] তেওঁ পৰৱৰ্তী প্ৰজন্মৰ বাংলা মুছলমান লেখক, মহম্মদ ইনামুল হক আৰু সাহিত্যৰত্ন মহম্মদ নেজিবৰ ৰহমান আদিক প্ৰভাৱিত কৰিছিল।[10] ১৯৬৭ চনত আব্দুল কোৱাদিৰে ছিৰাজীৰ ৰচনাবলী (চিৰাজীৰ ৰচনা) সম্পাদনা কৰে।[11] ড° কাজী আব্দুল মান্নানেও ছিৰাজীৰ ওপৰত গৱেষণা কৰিছিল আৰু ১৯৭০ চনত চৈয়দ ইছমাইল হোছেইন ছিৰাজী প্ৰকাশ কৰিছিল।[12]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 Rana Razzaq (2012). "Shiraji, Ismail Hossain". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 2 December 2024. 
  2. Ahmed, Sufia (2012). "Khilafat Movement". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 2 December 2024. 
  3. 3.0 3.1 Shah, Mohammad (April–June 2003). "Terrorism in Colonial Bengal: The Muslim Response". Journal of the Pakistan Historical Society খণ্ড 51 (2): 24. 
  4. 4.0 4.1 Mahal Anjana, Naznin. "ইসমাইল হোসেন সিৰাজী জাতীয় জাগৰণেৰ অগ্নিমন্ত্ৰদাতা" (bn ভাষাত). Risingbd.com. https://www.risingbd.com/amp/art-literature/news/116221। আহৰণ কৰা হৈছে: 13 July 2021. 
  5. 5.0 5.1 Ahmed, Hasnain (14 January 2021) (bn ভাষাত). ইসমাঈল হোসেন সিৰাজী’ৰ সাহিত্যে আৰবী শব্দেৰ প্ৰয়োগ ও ইসলামী ভাবধাৰা (Thesis). University of Dhaka. p. 16. http://repository.library.du.ac.bd:8080/xmlui/handle/123456789/1657. [সংযোগবিহীন উৎস]
  6. Kabir, Nurul (27 October 2013). "Colonialism, politics of language and partition of Bengal PART XXVII". New Age. Archived from the original on 15 February 2016. https://web.archive.org/web/20160215180222/http://old-archives.newagebd.net/special.php?a=arc&spid=31&id=169&date=2013-10-27. 
  7. Ahmed, Sufia (2012). "Partition of Bengal, 1905". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 2 December 2024. 
  8. Anwarul Karim (15 Sep 2018). "Syed Ismail Hossain Siraji: A Tribute". https://www.thedailystar.net/literature/news/syed-ismail-hossain-siraji-tribute-1634035. 
  9. Misra, Chitta Ranjan (2012). "Civil Disobedience Movement". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 2 December 2024. 
  10. Ibne Inam, Muhammad (2012). "Haq, Muhammad Enamul". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 2 December 2024. 
  11. Haque, Mahbubul (2012). "Quadir, Abdul". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 2 December 2024. 
  12. Ahmed, Wakil (2012). "Mannan, Kazi Abdul". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 2 December 2024.