চোৰাত(বৈজ্ঞানিক নাম: Dendrocnide sinuata, ইংৰাজী নাম: pulutus,[1] pulus,[1] stinging tree,[1] fever nettle,[উদ্ধৃতিৰ প্ৰয়োজন] বা elephant nettle[2] ) এবিধ জোপোহা গছ। এই গছ এছিয়াৰ অৰ্ধক্ৰান্তীয় সেমেকা আৰু চিৰসেউজীয়া (subtropical wet evergreen forests) অঞ্চলসমূহত দেখা পোৱা যায়। [3] চোৰাতৰ গছৰ বহুতো ঔষধি গুণ আছে বুলিও জনা যায়।[4]

চোৰাত
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Rosales
পৰিয়াল: Urticaceae
গণ: Dendrocnide
প্ৰজাতি: D. sinuata
বৈজ্ঞানিক নাম
Dendrocnide sinuata
(Blume) Chew
সমাৰ্থক
  • Urtica sinuata Blume
  • Laportea crenulata (Roxb.) Gaud.

বিভিন্ন ভাষাত নাম সম্পাদনা কৰক

এছিয়াৰ বিভিন্ন ভাষাত চোৰাত গছৰ ভিন্ন নাম পোৱা যায়।

  • অসমীয়া: Sirnatচোৰাত; বঙালী: Chorpata; Lepcha: Mealumma, Ongyalop, Sunkroug; নেপালী: Moringe;[4]
  • তামিল: Anachoriya, Anaimeratti (‘that which threatens elephants'), Ottarbala, Otta-pilavu (ஓட்டா-பில்வு), Anaichorian (ஆனைச்சொரியன்);
  • মালায়ালম: Anamayakki (ആനമയക്കി), Aanavanangi (ആനവണങ്ങി), Aanayaviratti (ആനയെവിരട്ടി), Anachoriyanam (ആനച്ചൊറിയണം), Kattanplavu (കട്ടൻപ്ലാവ്);
  • কানাড়া: jwara gida (ಜ್ವರ ಗಿಡ);[5] Hindi: Morange, Utigun;
  • চীনা: Quan Yuan Huo Ma Shu and থাই: Kalangtang Chang .[6]

বিস্তৃতি সম্পাদনা কৰক

চোৰাৰ সেমেকা চিৰসেউজীয়া বনাঞ্চলত সাগৰপৃষ্ঠৰ পৰা ৩০০-৮৫০ মিটাৰ উচ্চতাত উৎপন্ন হয়। কেতিয়াবা অৱশ্যে ১২০০ মিটাৰ পৰ্য্যন্ত উচ্চতালৈকে এই গছ দেখা পোৱা যায়।

এই গছ ভাৰতৰ দাক্ষিণাত্য অঞ্চল, বিহাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা শ্ৰীলংকা, ম্যানমাৰ, ভূটান, থাইলেণ্ড, মালয়েছিয়া আৰু চীনৰ কিছু অংশত পোৱা যায়। [3]

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এই গছৰ বিস্তৃতি ব্যাপক।[7] উদাহৰণস্বৰূপে অৰুণাচল প্ৰদেশৰ পশ্চিম কমেং জিলাৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা অঞ্চলৰ নামে ছেছনি ('Sessni' ) যাৰ নিছি জনগোষ্ঠীয় ভাষাত অৰ্থ হ’ল চোৰাত। এই অঞ্চলৰ বাটৰ দুয়োকাষ চোৰাতেৰে ভৰি আছে। [8]

বিৱৰণ সম্পাদনা কৰক

চোৰাত গছৰ উচ্চতা প্ৰায় পাঁচ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে। ই ডাঙৰ ডাঙৰ গছ-গছনিৰ তলত থকা চেঁচুকীয়া ঠাইত একেলগে সৰহীয়াকৈ বা নিলগা-নিলগিকৈ একেডোখৰ সেউজীয়া হাবিত উৎপন্ন হয়। নতুনকৈ উৎপন্ন হোৱা কুমলীয়া ঠাল-ঠেঙুলি আৰু পাতৰ উপৰিভাগত চুটি চুটি শুঙে বিকাশ লাভ কৰে। এই পাত ব ঠাৰি গাত লাগিলে ভীষণ খজুৱতি হয়।[9]

এই গছৰ গা-গছৰ বাকলি বগা আৰু মিহি।[5] পাতবোৰ ধপলা-ধপল। ডাঠ চানেকীয়া কোমল পাতৰ গুৰিভাগে ঘূৰণীয়াকৈ ঠাৰিৰফালে চাপ খোৱাৰ আকৃতি প্ৰদৰ্শন কৰে আৰু আগৰফালে ক্ৰমে চিয়াঁ হৈ অৱশেষত জোঙা হৈ পৰে। পাতৰ উপৰিভাগত বিকশিত হোৱা শুংবিলাক চুটি চুটি হোৱাৰ বাবে খালি চকুৰে মনিব নোৱাৰি।[9]

চোৰাতগছত জাৰকালি ফুল ফুলে। ফুলৰ বৰণ বগা চানেকীয়া হয়। ফুলবোৰ পুৰঠ হ’লে উৎপত্তি হোৱা ফল বগা আৰু মঙহাল হয়।[9]

ব্যৱহাৰ সম্পাদনা কৰক

চোৰাতৰ পৰা হোৱা বিষ আৰু খজুৱতিৰ আঁৰত কি বিষাক্ত পদাৰ্থ আছে সেয়ে এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। কিন্তু ফৰমিক এচিড, চেৰ’টনিন, হিষ্টামিন, অক্সেলিক এছিড বা টাৰটাৰিক এচিডৰ কোনো এবিধ থকা বুলি সন্দেহ কৰা হয়।[2][10]

চোৰাত গছৰ শিপাৰ ৰস জ্বৰৰ পথ্যৰূপে ব্যৱহাৰ কৰা হয় বুলি জনা যায়। শিপা পানীত সিদ্ধ কৰি জণ্ডিছৰ বাবেও ব্যৱহাৰ কৰা হয়। এই গছৰ পাত আৰু শিপা আঘাত, জুয়েপোৰা আদিৰ বাবেও ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। এই গছৰ শিপাৰ 2a, 3, 21, 24, 28-pentahydroxy-olean-12-enes নামৰ এবিধ ৰাসাুনিক পদাৰ্থ থকাৰ বাবে ই বেক্টেৰিয়া নিৰ্মুলত সহায় কৰে।[4]

তদুপৰি চোৰাত গছ মেলেৰিয়া, গ্ৰহণী, মূত্ৰাশয়ৰ ৰোগ আদিৰ বাবে উত্তৰ-পূবৰ নিছি, আপাটানি, আদিবাসী, কাৰবি, ডিমাছা, খাছি আদি জনগোষ্ঠীয়ে ঔষধ হিচাপে ব্যৱহাৰ কৰে[11]

চোৰাত গছৰ কাণ্ডৰ পৰা ওলোৱা সূতা কাপোৰ তৈয়াৰ কৰাতো ব্যৱহাৰ হয়। [4]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "The Australian Plant Names Index". http://www.anbg.gov.au/cgi-bin/apx?taxon_id=104181. 
  2. 2.0 2.1 Janaki Lenin (11 February 2011), "My Husband and other Animals — Innocent plant, deadly sting", The Hindu - S & T » ENERGY & ENVIRONMENT (Chennai: Kasturi & Sons Ltd.), http://www.thehindu.com/sci-tech/energy-and-environment/article1410829.ece, আহৰণ কৰা হৈছে: 26 February 2012 
  3. 3.0 3.1 "Dendrocnide sinuata (Blume) Chew, Gard. Bull. Singapore. 21: 206. 1965.", Flora of China খণ্ড 5: p. 90, http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=242317378, আহৰণ কৰা হৈছে: 2011-02-14 
  4. 4.0 4.1 4.2 4.3 T.K. Paul; A. Kumar, "Dendrocnide sinuata (Blume) Chew [Urticaceae. – A plant that can be grown to repulse the wild elephants."], ENVIS NEWSLETTER, From Directors desk (Keystone Foundation): p. 5, ISSN 0974-1992, archived from the original on 4 March 2016, https://web.archive.org/web/20160304044132/http://www.keystone-foundation.org/download/329/, আহৰণ কৰা হৈছে: 25 February 2012 
  5. 5.0 5.1 "Dendrocnide sinuata (Bl.) Chew - URTICACEAE", Biodiversity Informatics and co-Operation in Taxonomy for Interactive shared Knowledge base (BIOTIK), http://www.biotik.org/india/species/d/dendsinu/dendsinu_en.html, আহৰণ কৰা হৈছে: 2011-02-14 
  6. Dendrocnide sinuata, http://zipcodezoo.com/Plants/D/Dendrocnide_sinuata/, আহৰণ কৰা হৈছে: 2011-02-14 
  7. Rawat, G.S., ed. (2008), "Special Habitats and Threatened Plants of India", ENVIS Bulletin: Wildlife and Protected Areas (Dehradun, India: Wildlife Institute of India) খণ্ড 11 (1): p. 84, http://www2.wii.gov.in/envis/Special_Habitat_Threatened_Plants_of_India/Special_Habitat_Threatened_Plants_of_India.pdf, আহৰণ কৰা হৈছে: 2011-02-26 [সংযোগবিহীন উৎস]
  8. text: Bikram Grewal; images: Ramki Sreenivasan (28 February – 8 March 2009), "In search of the Bugun Liocichla and other parables from Eaglenest", Birds of India, Eaglenest 2009 - Trip Report (Sumit K. Sen), archived from the original on 4 February 2012, https://web.archive.org/web/20120204233028/http://www.kolkatabirds.com/hillbirdsofind/eaglenesttrip2009.htm, আহৰণ কৰা হৈছে: 26 February 2012 
  9. 9.0 9.1 9.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ.
  10. Beddome, R.H. (1869). The Flora Sylvatica for Southern India. Volume II. প্ৰকাশক Madras: Gantz Brothers. পৃষ্ঠা. 306. https://archive.org/stream/florasylvaticafo02bedd#page/306/mode/1up/. 
  11. Tanti, Bhaben; Buragohain, Alak Kumar; Gurung, Lisha; Kakati, Debashree (March 2010), "Assessment of antimicrobial and antioxidant activities of Dendrocnide sinuata (Blume) Chew leaves–A medicinal plant used by ethnic communities of North East India", IJNPR Vol.1(1) [March 2010] (New Delhi: Council of Scientific and Industrial Research (CSIR)), ISSN 0976-0504, http://nopr.niscair.res.in/bitstream/123456789/7687/1/IJNPR%201%281%29%2017-21.pdf, আহৰণ কৰা হৈছে: 2011-02-14 

লগতে চাওক সম্পাদনা কৰক

  • Anonymous. 1962. Wealth of India, Raw Materials, 6: 34-35. Council of Scientific & Industrial Research, New Delhi.
  • Chopra, R.N., S.L. Nayar & I.C. Chopra. 1956. Glossary of Indian Medicinal Plants, p. 150. Council of Scientific & Industrial Research, New Delhi.
  • Rahman, M.M., A. Khan, M.E. Haque & M.M. Rahman. 2008. Antimicrobial and cytotoxic activities of Laportea crenulata. Fitoterapia79: 584-586