ছায়া কদম (ইংৰাজী: Chhaya Kadam) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মাৰাঠী আৰু হিন্দী ছবিত অভিনয় কৰে।[1] নাগৰাজ মঞ্জুলেৰ ছবি ফাণ্ড্ৰি (২০১৩), ছাইৰাট (২০১৬)কেপ্ৰমুখ্য কৰি ঝুণ্ড (২০২২), ৰেডু (২০১৮), নুড (Nude) (২০১৮) আৰু একাধিক মাৰাঠী ছবিত তেওঁ অভিনয় কৰিছে।[2][3][4]'নুড ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ 'মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা' লাভ কৰে।[5][6]কদমে ২০২৪ চনত কমেডী-ড্ৰামা লাপাতা লেডিজ, মাদগাঁও এক্সপ্ৰেছ আৰু স্বতন্ত্ৰ ড্ৰামা অল উই ইমাজিন এজ লাইটত অভিনয় কৰি বহল স্বীকৃতি লাভ কৰে।

ছায়া কদম
Chhaya Kadam

২০২৪ চনৰ কাঁনৰ চলচ্চিত্ৰ মহোৎসৱত ছায়া কদম
জন্ম মুম্বাই, মহাৰাষ্ট্ৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
উল্লেখযোগ্য কৰ্ম অল উই ইমাজিন এজ লাইট, লাপাতা লেডিজ

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

ছায়া কদমৰ জন্ম হৈছিল মধ্য মুম্বাইৰ উপকণ্ঠ অঞ্চল কালিনাৰ এটা মধ্যবিত্ত পৰিয়ালত।[7] তেওঁৰ দেউতাক কাৰখানাৰ শ্ৰমিক আছিল। তেওঁ পিতৃক ছাই বাবাৰ অন্যতম ন্যাসৰক্ষক হিচাপে উল্লেখ কৰিছে।.[8] দ্বাদশ শ্ৰেণীত অনুত্তীৰ্ণ হোৱাৰ সন্দৰ্ভত তেওঁ কৈছিল, "জীৱনত সফলতা আৰু বিফলতা আহে, কিন্তু সেয়া নিৰুৎসাহিত হোৱাৰ কোনো কাৰণ নহয়। কাৰণ জীৱনত নিজকে প্ৰমাণ কৰাৰ দ্বিতীয়টো সুযোগ পায়। কিন্তু জীৱনটো দ্বিতীয়বাৰৰ বাবে নাহে৷ কোৱা হয় যে, পৰীক্ষাত বিফল হোৱাৰ বাবে কিছুমান শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি লয়৷"[9][10] ভিলে পাৰ্লেৰ সথায়ে কলেজত পঢ়ি ছায়া কদমে ৰাজ্যিক পৰ্যায়ত কাবাডী খেলি টেক্সটাইল ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰে। হাইস্কুল আৰু কলেজৰ সময়ছোৱাত তেওঁ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল।[11]

কৰ্মজীৱন

সম্পাদনা কৰক

২০০৯ চনত চলচ্চিত্ৰত প্ৰৱেশ কৰাৰ আগতে ছায়াই মঞ্চত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ ৱামান কেন্দ্ৰৰে নিৰ্মাণ কৰা জুলভা ছবিখনৰ জৰিয়তে মঞ্চত অভিষেক ঘটায়৷ তেওঁৰ প্ৰথমখন ছবি বাইমানুছ (২০১০)-এ এতিয়ালৈকে মুক্তি লাভ নকৰিলে।[12] ইয়াৰ পিছতে মি সিন্ধুতাই সাপকাল (২০১০), বাবু বন্দ বাজা (২০১১), আৰু কুনি ঘৰ দেতা কা ঘৰ (২০১৩) আদি ছবি। তেওঁৰ প্ৰথম হিন্দী ছবি আছিল সিংঘম ৰিটাৰ্নছ (২০১৩), য'ত তেওঁৰ অজয় ​​দেৱগনৰ সৈতে একক দৃশ্য আছিল।[2][13]

নাগৰাজ মঞ্জুলেৰ পৰিচালনাত নিৰ্মিত ফাণ্ড্ৰি (২০১৩) ছবিখনত তেওঁ এটা প্ৰধান চৰিত্ৰ আছিল। তেওঁ ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবিখনত নানীৰ চৰিত্ৰত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰে। ইয়াৰ পিছত তেওঁ হাইৱে (২০১৫) আৰু গৌৰ হৰি দস্তান (২০১৫) ছবিত অভিনয় কৰে।

বঁটা আৰু সন্মান

সম্পাদনা কৰক
বৰ্ষ কাম বঁটা শিতান ফলাফল তথ্যসূত্ৰ
২০১৬ সৈৰত মাৰাঠী ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা-মাৰাঠী মনোনীত
সৈৰত মহাৰাষ্ট্ৰচা ফেভাৰিট কন? প্ৰিয় সহযোগী অভিনেত্ৰীৰ বাবে এম এফ কে বঁটা মনোনীত
২০১৮ নুড মহাৰাষ্ট্ৰচা ফেভাৰিট কন? প্ৰিয় সহযোগী অভিনেত্ৰীৰ বাবে এম এফ কে বঁটা মনোনীত
২০১৮ নুড মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিজয়ী
২০১৯ ৰেডু বিশেষ জুৰী বঁটা বিজয়ী
২০২০ আটপাড়ী নাইটছ্ ফিল্মফেয়াৰ বঁটা-মাৰাঠী শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা – মাৰাঠী মনোনীত

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "'Redu'". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/birthday-special-chhaya-kadams-movies-you-should-not-miss/photostory/66329519.cms?picid=66329540. 
  2. आपटे, अंकिता (2023-01-18). "Chhaya Kadam Interview: सहायक भूमिकाही मुख्य भूमिकेसारखीच करते" (mr ভাষাত). MaTa Gold. https://matagold.timesgroup.com/entertainment/interview-with-jhund-and-gangubai-kathiawadifame-actress-chhaya-kama-about-her-journey/1674063063639। আহৰণ কৰা হৈছে: 2023-06-19. 
  3. Pawar, Yogesh (2022-03-07). "Chhaya Kadam interview: 'Every role is a challenge'" (en-US ভাষাত). Scroll.in. https://scroll.in/reel/1018932/chhaya-kadam-interview-every-role-is-a-challenge। আহৰণ কৰা হৈছে: 2023-06-22. 
  4. "From Nana Patekar, Swapnil Joshi to Chhaya Kadam; Marathi celebrities who stunned us with their performances!". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/best-of-2018-marathi-celebrities-who-stunned-us-with-their-performances/photostory/67253618.cms. 
  5. "असा रंगला दिमाखदार 56 वा राज्य मराठी चित्रपट पुरस्कार सोहळा, वाचा विजेत्यांची संपूर्ण यादी" (mr ভাষাত). www.timesnowmarathi.com. 2019-05-27. https://www.timesnowmarathi.com/entertainment/article/maharashtra-state-film-awards-2019-complete-winner-list-mukta-barve-bharat-jadhav-paresh-rawal-vinod-tawde-k-k-menon/252452। আহৰণ কৰা হৈছে: 2023-06-26. 
  6. "'भोंगा'ने पटकावला उत्कृष्ट चित्रपट पुरस्कार" (mr-IN ভাষাত). My Mahanagar. 2019-05-27. https://www.mymahanagar.com/maharashtra/56th-maharashtra-state-film-awards/95297/। আহৰণ কৰা হৈছে: 2023-06-26. 
  7. "Not quite in the shadows" (en ভাষাত). DNA India. https://www.dnaindia.com/just-before-monday/report-not-quite-in-the-shadows-2619104। আহৰণ কৰা হৈছে: 2023-06-22. 
  8. "'मेरे साई' मालिकेत काम करणं खुद्द देवानंच दिलेला एक संकेत" (mr ভাষাত). Maharashtra Times. https://maharashtratimes.com/entertainment/entertainment-news/television-news/popular-marathi-actress-chhaya-kadam-to-enter-mere-sai/articleshow/78271425.cms। আহৰণ কৰা হৈছে: 2023-06-22. 
  9. "Chaya Kadam". https://divyamarathi.bhaskar.com/news/BOL-MB-sairat-fame-actress-chhaya-kadam-share-her-experience-about-12th-exam-5726965-PHO.html. 
  10. टीम, एबीपी माझा वेब (2022-06-08). "Result : निकाल काहीही येवो, निराश होऊ नका; 'हे' दिग्गजही परीक्षेत नापास पण जीवनात मात्र टॉपर" (mr ভাষাত). marathi.abplive.com. https://marathi.abplive.com/education/maharashtra-hsc-result-dont-despair-after-result-nagraj-manjule-chhaya-kadam-failed-exam-but-topper-in-life-1067430। আহৰণ কৰা হৈছে: 2023-06-22. 
  11. "Ground Beneath Her Feet" (en ভাষাত). The Indian Express. 2018-04-22. https://indianexpress.com/article/entertainment/entertainment-others/chhaya-kadam-fandry-ravi-jadhav-nude-5146997/। আহৰণ কৰা হৈছে: 2024-10-11. 
  12. "The journey of an actor can never stop". https://www.tribuneindia.com/news/lifestyle/the-journey-of-an-actor-can-never-stop-says-chhaya-kadam-from-the-show-mere-sai-147785. 
  13. "ग्रामीण प्रेक्षक, सर्वसामान्य लोक यांच्या जीवावरच मी मोठी झाले, अभिनेत्रीने व्यक्त केल्या भावना" (mr ভাষাত). Maharashtra Times. 2020-04-26. https://maharashtratimes.com/entertainment/entertainment-news/the-general-audience-made-me-big-says-actress-chhaya-kadam/articleshow/78785039.cms। আহৰণ কৰা হৈছে: 2023-06-19. 


বাহ্যিক সংযোগ

সম্পাদনা কৰক

ছায়া কদম সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।