জিকা ভাইৰাছ (Zika virus বা ZIKV) হৈছে ভাইৰাছ পৰিয়াল Flaviviridae আৰু গণ Flavivirus-ৰ অন্তৰ্গত এবিধ বীজাণু।[1] দিনত সক্ৰিয় থকা Aedes মহ যেনে A. aegyptiয়ে এই ভাইৰাছ বিয়পায়।[2] এই নামটো ১৯৪৭ চনত ভাইৰাছবিধ প্ৰথম ধৰা পৰা উগাণ্ডাৰ জিকা অৰণ্যৰ পৰা আহিছে।[3] জিকা ভাইৰাছৰ ডেংগি, পীত জ্বৰ, জাপানীজ এন্‌কেফেলাইটিছ আৰু ৱেষ্ট নাইল ভাইৰাছৰ লগত সম্পৰ্ক আছে।[4] ১৯৫০ চনমানৰে পৰা আফ্ৰিকা হৈ এছিয়া পৰ্যন্ত বিষুৱৰেখাৰ ওচৰে মাজৰে এই ৰোগ হোৱা বুলি জনা যায়। ২০০৭ চনৰ পৰা ২০১৬ লৈকে ভাইৰাছবিধ প্ৰশান্ত মহাসাগৰ পাৰ হৈ আমেৰিকালৈ বিয়পে আৰু ২০১৫-২০১৬ জিকা ভাইৰাছ মহামাৰীৰ সৃষ্টি কৰে।

জিকা ভাইৰাছ
জিকা ভাইৰাছৰ ইলেক্‌ট্ৰন মাইক্ৰ্'গ্ৰাফ। বাহিৰৰ আৱৰণ আৰু ভিতৰৰ ঘন কেন্দ্ৰৰে ভাইৰাছ কণিকাবোৰৰ ব্যাস ৪০ নেন'মিটাৰ (উৎস: CDC).
Virus classification
Group: Group IV ((+)ssRNA)
পৰিয়াল: Flaviviridae
গণ: Flavivirus
প্ৰজাতি: জিকা ভাইৰাছ

জিকা জ্বৰ বা জিকা ভাইৰাছ ৰোগ বুলি কোৱা সংক্ৰমণে পাতলীয়া ডেংগি ৰোগৰ দৰে শূন্য বা নূন্যতম লক্ষণ উৎপন্ন কৰে।[5] বিশেষ চিকিৎসা নাই যদিও পাৰাচিটামল ঔষধ আৰু বিশ্ৰামে লক্ষণ পৰিশমৰ সহায় কৰে।[6] ২০১৬ চনলৈকে এই ৰোগ ঔষধ বা প্ৰতিষেধকেৰে প্ৰতিৰোধ কৰিব নোৱাৰি।[6] গৰ্ভৱতী মহিলাৰ পৰা সন্তানলৈ জিকা বিয়পিব পাৰে। ইয়াৰ ফলত মাইক্ৰ'চিফালি (সৰু আকাৰৰ মূৰ), মগজুৰ গুৰুতৰ ক্ষতি আৰু আন জন্মগত খুঁত হ'ব পাৰে।[7][8] প্ৰাপ্তবয়স্কত জিকা সংক্ৰমণে Guillain–Barré syndrome কৰিব পাৰিলেও সেয়া বিৰল।[9]২০১৬ চনৰ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Centers for Disease Control and Prevention (CDC)-এ আক্ৰান্ত দেশসমূহত বিশেষ সাৱধানতাকে ধৰি কেতবোৰ ভ্ৰমণৰ নিৰ্দেশাৱলী প্ৰকাশ কৰে। গৰ্ভৱতী মহিলাৰ বাবে ভ্ৰমণ পিছুৱাই দিয়াৰ দৰে পৰামৰ্শও দিয়া হয়।[10][11] আন চৰকাৰ বা স্বাস্থ্য সন্থাই একে ধৰণৰ ভ্ৰমণ সতৰ্কবাণী দিয়ে,[12][13][14] যাৰ ভিতৰত কলম্বিয়া, ডমিনিকান ৰিপাব্লিক, পৰ্টে ৰিক', ইকুৱেডৰ, এল্‌ ছাল্‌ভাদৰ আৰু জামাইকাই অধিক তথ্য নজনালৈকে মহিলাক গৰ্ভধাৰণ পিছুৱানলৈ পৰামৰ্শ দিয়ে।[13][15] ২০১৭ চনৰ ১৫ মে'ত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে গুজৰাটৰ বাপুনগৰ অঞ্চলত তিনিজন জিকা ভাইৰাছ ৰোগী ধৰা পৰা বুলি নিশ্চিত কৰে।[16] জিকাক /ˈzkə/ বা /ˈzɪkə/ বুলি উচ্চাৰণ কৰা হয়।[17][18]

জিকা ভাইৰাছ আৰু জিকা জ্বৰৰ এটা ভিডিঅ' বিৱৰণ।

বাহ্যিক সংযোগ সম্পাদনা কৰক

  জিকা ভাইৰাছ ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

  1. Malone, Robert W.; Homan, Jane; Callahan, Michael V. et al. (2 March 2016). "Zika Virus: Medical Countermeasure Development Challenges". PLOS Neglected Tropical Diseases খণ্ড 10 (3): e0004530. doi:10.1371/journal.pntd.0004530. ISSN 1935-2735. http://journals.plos.org/plosntds/article?id=10.1371/journal.pntd.0004530. 
  2. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; MaloneHoman20162 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. Sikka, Veronica; Chattu, Vijay Kumar; Popli, Raaj K. et al. (11 February 2016). "The emergence of zika virus as a global health security threat: A review and a consensus statement of the INDUSEM Joint working Group (JWG)". Journal of Global Infectious Diseases খণ্ড 8 (1): 3–15. doi:10.4103/0974-777X.176140. ISSN 0974-8245. PMID 27013839. PMC 4785754. http://www.jgid.org/text.asp?2016/8/1/3/176140. 
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; SikkaChattu20162 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; MaloneHoman20163 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. 6.0 6.1 "Symptoms, Diagnosis, & Treatment". Zika virus. প্ৰকাশক Atlanta: Centers for Disease Control and Prevention. 3 March 2016. http://www.cdc.gov/zika/symptoms/। আহৰণ কৰা হৈছে: 4 March 2016. 
  7. Rasmussen, Sonja A.; Jamieson, Denise J.; Honein, Margaret A.; Petersen, Lyle R. (13 April 2016). "Zika Virus and Birth Defects — Reviewing the Evidence for Causality". New England Journal of Medicine খণ্ড 374: 1981–1987. doi:10.1056/NEJMsr1604338. PMID 27074377. http://www.nejm.org/doi/pdf/10.1056/NEJMsr1604338. 
  8. "CDC Concludes Zika Causes Microcephaly and Other Birth Defects". CDC. 13 April 2016. http://www.cdc.gov/media/releases/2016/s0413-zika-microcephaly.html। আহৰণ কৰা হৈছে: 14 April 2016. 
  9. "Zika Virus Microcephaly And Guillain–Barré Syndrome Situation Report". World Health Organization. 7 April 2016. http://apps.who.int/iris/bitstream/10665/204961/1/zikasitrep_7Apr2016_eng.pdf?ua=1। আহৰণ কৰা হৈছে: 8 April 2016. 
  10. "Zika Virus in the Caribbean". Travelers' Health: Travel Notices. Centers for Disease Control and Prevention. 15 January 2016. http://wwwnc.cdc.gov/travel/notices/alert/zika-virus-caribbean. 
  11. Petersen, Emily E.; Staples, J. Erin; Meaney-Delman, Dana et al. (22 January 2016). "Interim Guidelines for Pregnant Women During a Zika Virus Outbreak — United States, 2016". MMWR. Morbidity and Mortality Weekly Report খণ্ড 65 (2): 30–33. doi:10.15585/mmwr.mm6502e1. ISSN 0149-2195. PMID 26796813. http://www.cdc.gov/mmwr/volumes/65/wr/mm6502e1.htm. 
  12. "Zika virus: Advice for those planning to travel to outbreak areas". ITV Report (ITV News). 22 January 2016. http://www.itv.com/news/2016-01-22/zika-virus-advice-for-those-planning-to-travel-to-outbreak-area. 
  13. 13.0 13.1 "Pregnant Irish women warned over Zika virus in central and South America". RTÉ News. 22 January 2016. http://www.rte.ie/news/2016/0122/762119-el-salvador-zika-virus. 
  14. "Zika: Olympics plans announced by Rio authorities". BBC News (British Broadcasting Corporation). 24 January 2016. http://www.bbc.com/news/world-latin-america-35394297. "The Rio de Janeiro authorities have announced plans to prevent the spread of the Zika virus during the Olympic Games later this year. ... The US, Canada and EU health agencies have issued warnings saying pregnant women should avoid traveling to Brazil and other countries in the Americas which have registered cases of Zika." 
  15. "Zika virus triggers pregnancy delay calls". BBC News. 23 January 2016. http://www.bbc.com/news/world-latin-america-35388842. 
  16. "Zika virus infection – India". WHO. 26 May 2017. http://www.who.int/csr/don/26-may-2017-zika-ind/en/। আহৰণ কৰা হৈছে: 13 July 2017. 
  17. "How to pronounce Zika". HowToPronounce.com. https://www.howtopronounce.com/zika/. 
  18. "Etymologia: Zika Virus". Emerging Infectious Diseases খণ্ড 20 (6): 1090. June 2014. doi:10.3201/eid2006.ET2006. PMID 24983096. PMC 4036762. http://wwwnc.cdc.gov/eid/article/20/6/et-2006_article.