জীৱনৰ মধুৰতম সময়

হোমেন বৰগোহাঞি ৰচিত গ্ৰন্থ

জীৱনৰ মধুৰতম সময় (ইংৰাজী: Jibonor Modhurotom Homoi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰকাশ হোৱা নতুন সংস্কৰণৰ পুনৰ্মুদ্ৰণ কৰা হয় ২০১২ চনত। এই গ্ৰন্থখন লেখক বৰগোহাঞিয়ে বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ কৰকমলতত আগবঢ়াইছে।[1]

জীৱনৰ মধুৰতম সময়  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী বিষ্ণু তামুলী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ গদ্য
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৮০
আই.এচ.বি.এন. 81-7665-374-8

বিৱৰণ সম্পাদনা কৰক

কিতাপখন মুঠ দহটা প্ৰবন্ধ আছে। সেইকেইটা হৈছে, জীৱনৰ মধুৰতম সময়, অপৰাধী বিবেক,গধূলিৰ অতিথি, মোৰ শিক্ষকসকল, মৃত্যু, কিতাপ, নীৰৱতা, চৰাইবোৰ, ঢেঁকী আৰু উত্তৰ-পঞ্চাশ।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (২০১২). জীৱনৰ মধুৰতম সময়. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক সম্পাদনা কৰক