জেনেলিয়া দেশমুখ (ওৰফে দিছুজা; জন্ম ৫ আগষ্ট ১৯৮৭)[1][2] হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ জেনেলিয়াই তেলেগু, হিন্দী, তামিল, কানাড়া আৰু মালায়ালম ভাষাৰ একাধিক ছবিত অভিনয় কৰিছে৷ অমিতাভ বচ্চনৰ সৈতে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জেনেলিয়াই ২০০৩ চনত তুঝে মেৰি কছম নামৰ ছবিখনৰ জৰিয়তে অভিনয়ৰ জগতত খোজ পেলায়৷[3] একেটা বৰ্ষতে মুক্তিপ্ৰাপ্ত বয়ছ নামৰ ছবিখনত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত জেনেলিয়াই অভিনয় কৰি দৰ্শকৰ মাজত পৰিচিতি লাভ কৰে৷ পৰৱৰ্তী সময়ত, অৰ্থাৎ ২০০৩ চনৰ পৰা ২০১২ চনৰ মাজত সময়ছোৱাত তেখেতে তেলেগু ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰে৷

জেনেলিয়া ডিছুজা
Genelia D'Souza
জন্ম জেনেলিয়া ডিছুজা
০৫ আগষ্ট, ১৯৮৭ (৩৬ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান ছেইণ্ট এণ্ড্ৰিউছ কলেৱ অৱ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমান
দাম্পত্যসঙ্গী ৰীতেশ দেশমুখ, ২০১২
সন্তান
আত্মীয়-স্বজন বিলাসৰাও দেশমুখ (শহুৰ)
অমিত দেশমুখ (খুলশালি)
ধীৰাজ দেশমুখ (খুলশালি)

২০০৬ চনত জেনেলিয়াই বোমাৰিল্লো নামৰ তেলেগু ভাষাৰ ৰোমাণ্টিক ছবিখনত অভিনয় কৰে৷ এইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ(দক্ষিণ)ৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ তেখেতৰ অভিনয়ক সমালোচকেও প্ৰশংসা কৰে৷ ২০০৮ চনত সন্তোষ সুব্ৰমনিয়ামে সেইখন ছবিৰ তামিল ৰিমেক নিৰ্মাণ কৰে৷ এইখন ছবিতো জেনেলিয়াই দক্ষতাৰে অভিনয় কৰে৷ ২০৮ চনতে জেনেলিয়াই হিন্দী ছবি জানে টু... য়া জানে নাত সবল অভিনয় কৰি দৰ্শকৰ মন জয় কৰে৷ তেলেগু আৰু তামিল ভাষাৰ উদ্যোগত বহুকেইখন সফল ছবিত অভিনয় কৰা জেনেলিয়াই ক্ৰমাৎ দাক্ষিণাত্যৰ শীৰ্ষ অভিনেত্ৰীৰ মৰ্যাদা পায়৷[4][5] মূলসুঁতিৰ ছবিত অভিনয় কৰি যোৱাৰ উপৰি, জেনেলিয়াই টেলিভিছনৰ অনুষ্ঠান বিগ ছুইটছ্ত সূত্ৰধাৰৰ ভূমিকা ৰূপায়ন কৰিছে৷ ফাণ্টা, ভাৰজিন ম'বাইল ইণ্ডিয়া, ফাষ্ট্ৰেক, এলজি মবাইল, মাৰ্গো, পাৰ্ক আদি একাধিক প্ৰতিষ্ঠানৰ তেখেত ব্ৰেণ্ড এম্বাছাদৰ৷[6]

কৰ্মজীৱন সম্পাদনা কৰক

জেনেলিয়াৰ জন্ম হয় মুম্বাইত৷[7] জেনেলিয়া এগৰাকী উত্তৰ-পূৰ্বীয়৷ উত্তৰ কংকান এটা মাৰাঠীভাষী খ্ৰীষ্টিয়ান পৰিয়ালত জেনেলিয়াৰ জন্ম হয়৷[8]মুম্বাইৰে বান্দ্ৰা উপনগৰত জেনেলিয়া লালিত-পালিত হয়৷ তেখেতৰ মাতৃ জিনেট ডিছুজা হৈছে ফাৰ্মা মাল্টিনেশ্যনেল কৰ্পোৰেছনৰ পৰিচালন প্ৰৱন্ধক৷ জেনেলিয়াক অভিনয়ৰ জগতত আগবঢ়াই দিয়াৰ স্বাৰ্থত তেখেতে ২০০৪ চনত চাকৰি জীৱন ত্যাগ কৰে৷ জেনেলিয়াৰ পিতৃ হৈছে নীল ডিছুজা৷ তেখেত টাটা কনছালটেন্সী ছাৰ্ভিছেছৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া৷[9]জেনেলিয়াৰ ভ্ৰাতৃ হৈছে নিগেল ডিছুজা৷[10][11] তেখেত বোম্বাই ষ্টক এক্সছেঞ্জত কৰ্মৰত৷ [12] জেনেলিয়াই পোনপ্ৰথমে এপোষ্টলিক কাৰ্মে হাইস্কুলত পঢ়া-শুনা কৰে আৰু পাছলৈ বান্দ্ৰাৰে ছেইণ্ট এণ্ড্ৰিউছ কলেজত নামভৰ্তি কৰে৷ তেখেতে 'ব্যৱস্থাপনা অধ্যয়ন'ত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ [13] ২০০৩ চনত প্ৰথমখন ছবি তুঝে মেৰি কছমৰ দৃশ্যগ্ৰহণৰ সময়তেই তেখেতে স্নাতক ডিগ্ৰীও অৰ্জন কৰে৷[14]

১৫ বছৰ বয়সতে জেনেলিয়াই প্ৰথমটো মডেলিঙৰ কাম পায়৷[15]

যেতিয়া জেনেলিয়াক তুঝে মেৰি কছমৰ বাবে নিৰ্বাচিত কৰা হয়, তেতিয়া তেখেতে এই প্ৰস্তাৱটো নাকচ কৰে৷ কাৰণ, ছবিৰজগতত কাম কৰাৰ জেনেলিয়াৰ কোনো পৰিকল্পনা নাছিল৷ পিছে ছবিখনৰ কুশলীসকলে জেনেলিয়াক অনুৰোধ কৰি থাকিল৷ এই অনুৰোধ দুমাহপৰ্যন্ত চলিল৷ জেনেলিয়াই ছবিখনৰ তেলেগু সংস্কৰণ নুভে কাৱালী চালে আৰু তাৰেই ফলশ্ৰুতিত তেখেত ছবিখনত কাম কৰিবলৈ মান্তি হ'ল৷ [16] ২০০৩ চনত তামিল ছবিপৰিচালক এছ. শংকৰে বয়ছ নামৰ ছবিখনৰ বাবে জেনেলিয়াৰ কাষ চাপে৷ শংকৰে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত জেনেলিয়াৰ কাম দেখি সন্তুষ্ট হৈছিল৷[17] জেনেলিয়াক চিনেমাখনৰ বাবে অডিশ্যন দিয়া ৩০০ গৰাকী ছোৱালীৰ মাজৰ পৰা নিৰ্বাচন কৰা হয়৷ জেনেলিয়াই তিনিখন ছবিৰ বাবে সমান্তৰালভাৱে চুক্তিবদ্ধ হয়৷ সেইকেইখন হৈছে, হিন্দী ভাষাৰ তুঝে মেৰি কছম, তেলেগু ভাষাৰ সত্যম আৰু তামিল ভাষাৰ বয়ছ[18]

২০০৬ চনত জেনেলিয়াই কেৰিয়াৰৰ এখন গুৰুত্বপূৰ্ণ ছবি বোমাৰিল্লোত অভিনয় কৰে৷ এইখন আছিল তেলেগু ভাষাৰ ৰোমাণ্টিক ছবি৷ ছবিখনে বক্স-অফিচত ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়৷[19][20] ছবিখনে ভাৰতত ২৫০ মিলিয়ন উপাৰ্জন কৰে৷[21] ইয়াৰ লগে ২০০৬ চনৰ বাবে নন্দী বঁটাৰ শ্ৰেষ্ঠ কথাছবিৰ বঁটা লাভ কৰে৷[22] হংসিনী নামৰ চৰিত্ৰটোত অভিনয় কৰি জেনেলিয়াই দৰ্শক আৰু সমালোচকৰ পৰা বিপুল প্ৰশংসা লাভ কৰে৷[23] জেনেলিয়াই ফিল্মফেয়াৰ(দাক্ষিণাত্য)ৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷[13]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

 
জেনেলিয়া আৰু ৰীতেশ

২০১২ চনৰ ৩ ফেব্ৰুৱাৰিত জেনেলিয়া আৰু বলিউদৰ অভিনেতা ৰীতেশ দেশমুখৰ মাজত বিবাহ সম্পন্ন হয়৷[24] তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছে৷ প্ৰথমটি সন্তান ৰিয়ানৰ জন্ম হৈছিল ২০১৪ চনৰ ২৫ নৱেম্বৰত৷[25][26]দ্বিতীয় পুত্ৰ ৰাহয়ালৰ জন্ম হৈছিল ২০১৬ চনৰ ১ জুনত৷[27][28]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Happy Birthday Genelia!". Planet Bollywood. http://www.planetbollywood.com/displayArticle.php?id=080510014320। আহৰণ কৰা হৈছে: 14 August 2013. 
  2. "Happy Birthday Genelia D'Souza". Patrika Group (5 August 2014). http://www.patrika.com/news/happy-birthday-genelia-dsouza/1021772. 
  3. India-West, R. M. Vijayakar, Special to. "Genelia Deshmukh: In a Happy Space" (en ভাষাত). India West. Archived from the original on 2016-06-12. https://web.archive.org/web/20160612060051/http://www.indiawest.com/entertainment/bollywood/interviews/genelia-deshmukh-in-a-happy-space/article_5c04ccee-68ee-5866-9cd3-ed715fb64d66.html। আহৰণ কৰা হৈছে: 2020-05-05. 
  4. Mahmood, Abdulla (15 July 2008). "Big-time girl: Genelia D'Souza". Gulf News. http://gulfnews.com/arts-entertainment/film/big-time-girl-genelia-d-souza-1.118213. 
  5. Shankar, Settu (2007-04-19). "Genelia D'Souza". Daijiworld Media. http://www.daijiworld.com/news/news_disp.asp?n_id=32562&n_tit=News+headlines. 
  6. "Genelia's the brand ambassador of the year". The Times of India (Indo-Asian News Service). 30 June 2010. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Genelias-the-brand-ambassador-of-the-year/articleshow/6105924.cms. 
  7. Pilai, Sreedhar (31 October 2008). "Bollywood via Kollywood". The Times of India. Archived from the original on 23 July 2013. https://web.archive.org/web/20130723172404/http://articles.timesofindia.indiatimes.com/2008-10-31/news-interviews/27946802_1_genelia-d-souza-jtyjn-tamil. 
  8. "Genelia awarded for promoting East Indian culture through wedding rituals - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/mumbai/Genelia-awarded-for-promoting-East-Indian-culture-through-wedding-rituals/articleshow/20115948.cms. 
  9. Brahma, Mahul (26 December 2008). "An Ingenue Is Born". Businessworld. Archived from the original on 7 February 2009. https://web.archive.org/web/20090207190915/http://www.businessworld.in/index.php/Corporate/An-Ingenue-Is-Born.html. 
  10. Tahseen, Ismat (11 April 2009). "I'm God's favourite child: Genelia D'Souza". Daily News and Analysis (DNA). http://www.dnaindia.com/mobile/report.asp?n=1247041. 
  11. Tiwari, Nimisha (25 December 2009). "Santa, bless Mumbai: Genelia". The Times of India. Archived from the original on 11 August 2011. https://web.archive.org/web/20110811060653/http://articles.timesofindia.indiatimes.com/2009-12-25/news-interviews/28091934_1_genelia-d-souza-homepage-christmas-tree-santa-claus. 
  12. Das, Chuman (5 August 2009). "Genelia D'Souza brings in birthday at her new house". Business of Cinema. http://www.businessofcinema.com/news.php?newsid=13968. 
  13. 13.0 13.1 "Meet Bollywood's New Bee Genelia D'souza". Daijiworld Media. 8 July 2008. http://www.daijiworld.com/news/news_disp.asp?n_id=48478&n_tit=Meet+Bollywood%92s+New+Bee+Genelia+D%92souza. 
  14. Udasi, Harshikaa (17 July 2009). "Oye bubbly!". The Hindu. Archived from the original on 12 May 2011. https://web.archive.org/web/20110512182630/http://www.hindu.com/fr/2009/07/17/stories/2009071750180100.htm. 
  15. Rasquinha, Reagan Gavin (13 September 2009). "She's no Sandra from Bandra!". The Times of India. Archived from the original on 11 August 2011. https://web.archive.org/web/20110811060637/http://articles.timesofindia.indiatimes.com/2009-09-13/news-interviews/28079002_1_bandra-fair-mount-mary-church-genelia-d-souza. 
  16. "I was not in awe of Mr Bachchan (Slide 5)". Rediff. 14 April 2005. http://specials.rediff.com/movies/2005/apr/14sld5.htm। আহৰণ কৰা হৈছে: 1 January 2010. 
  17. "I was not in awe of Mr Bachchan (Slide 1)". Rediff. 14 April 2005. http://specials.rediff.com/movies/2005/apr/14sld1.htm। আহৰণ কৰা হৈছে: 1 January 2010. 
  18. Rinki, Gupta (9 October 2010). "Genelia, the 'Uthamaputhiran' girl". Express News Service (The New Indian Express). Archived from the original on 12 June 2012. https://web.archive.org/web/20120612225016/http://expressbuzz.com/entertainment/interviews/genelia-the-uthamaputhiran-girl/213601.html. 
  19. "The man behind Telugu hit Bommarillu". Rediff Movies. Rediff. 6 September 2006. http://in.rediff.com/movies/2006/sep/06bomma.htm। আহৰণ কৰা হৈছে: 5 January 2010. 
  20. "First Look: 100 days of Bommarillu". Rediff Movies. Rediff.com. 8 November 2006. http://inhome.rediff.com/movies/2006/nov/08bom.htm। আহৰণ কৰা হৈছে: 5 January 2010. 
  21. Narasimhan, M. L. (29 December 2006). "A few hits and many flops". The Hindu. Archived from the original on 3 January 2007. https://web.archive.org/web/20070103213349/http://www.hindu.com/fr/2006/12/29/stories/2006122901630100.htm। আহৰণ কৰা হৈছে: 17 October 2007. 
  22. "Nandi Awards 2006". Sify Movies. Sify. 13 February 2008. http://www.sify.com/movies/nandi-awards-2006-news-telugu-kkftV1hgcca.html। আহৰণ কৰা হৈছে: 21 December 2010. 
  23. Devi K., Sangeetha (19 August 2006). "'Bommarillu' was a surprise". The Hindu. Archived from the original on 18 October 2007. https://web.archive.org/web/20071018204807/http://hindu.com/mp/2006/08/19/stories/2006081902140100.htm। আহৰণ কৰা হৈছে: 17 October 2007. 
  24. "Riteish Deshmukh weds Genelia D'Souza". The Times of India. 3 February 2012. Archived from the original on 9 July 2013. https://web.archive.org/web/20130709204611/http://articles.timesofindia.indiatimes.com/2012-02-03/news-interviews/31020719_1_riteish-and-genelia-genelia-d-souza-riteish-deshmukh। আহৰণ কৰা হৈছে: 3 February 2012. 
  25. "Riteish Deshmukh-Genelia blessed with son". The Times Group. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Riteish-Deshmukh-Genelia-blessed-with-son/articleshow/45273691.cms। আহৰণ কৰা হৈছে: 26 November 2014. 
  26. "Genelia D'Souza announces their son's name: Riaan Riteish Deshmukh". CNN-IBN. 6 December 2014. Archived from the original on 7 December 2014. https://web.archive.org/web/20141207002044/http://ibnlive.in.com/news/genelia-dsouza-announces-their-sons-name-riaan-riteish-deshmukh/516787-8-66.html। আহৰণ কৰা হৈছে: 18 December 2014. 
  27. "It's a Boy! Riteish Deshmukh and Genelia D'Souza welcome their second child". Daily News and Analysis. 1 June 2016. http://www.dnaindia.com/entertainment/report-it-s-a-boy-riteish-deshmukh-and-genelia-d-souza-welcome-their-second-child-2218657. 
  28. "Riteish Deshmukh and Genelia blessed with baby boy". Archived from the original on 4 August 2016. https://web.archive.org/web/20160804104024/http://chennaivision.com/genelia-blessed-with-baby-boy/। আহৰণ কৰা হৈছে: 3 June 2016.