পুতলা ঘৰ
অসমীয়া চলচ্চিত্ৰ (১৯৭৬)
পুতলা ঘৰ (ইংৰাজী: Putala Ghar) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন ক'লা-বগা ছবি। ছবিখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচনে। সঙ্গীত তফজ্জুল আলিৰ।[1]
পুতলাঘৰ Putala Ghar | |
---|---|
![]() পুতলা ঘৰৰ এটা দৃশ্যত কাশ্মিৰী আৰু মুকুল | |
পৰিচালক | সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
চিত্ৰনাট্য | সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
কাহিনী | সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
প্ৰযোজক | ইউনাইটেড প্ৰডাকচন |
অভিনয়ত | তচদ্দূক ইউচুফ কাশ্মিৰী শইকীয়া |
চিত্ৰগ্ৰহণকাৰী | পিণ্টু দাসগুপ্ত |
সম্পাদনা | গোৱিন্দ চেতাৰ্জী |
সংগীত পৰিচালক | তফজ্জুল আলি |
প্ৰযোজনা কোম্পানী |
|
পৰিবেশক | পিপলচ ফিল্ম (অসম) |
মুক্তি |
১৯৭৬ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
কাহিনী
সম্পাদনা কৰকঅনুগ্ৰহ কৰি এই অংশটো বহলাই লিখক। |
কলা-কুশলী
সম্পাদনা কৰক- কাহিনী, চিত্ৰনাট্য, পৰিচালনা- সমৰেন্দ্ৰ নাৰায়ণ দেৱ
- কেমেৰা- পিণ্টু দাসগুপ্ত
- সম্পাদনা- গোৱিন্দ চেতাৰ্জী
- শব্দগ্ৰহণ- পীযুষ কান্তি ৰয়
- সঙ্গীত গ্ৰহণ আৰু শব্দ পুনৰ্যোজনা- সত্যেন চেতাৰ্জী
- শিল্প নিৰ্দেশন- ভবেন ডেকা, হেমন্ত দত্ত
- নৃত্য- নবীন বৰা
- ৰূপসজ্জা- বংশী দাস[1]
অভিনয় শিল্পী
সম্পাদনা কৰক- তচদ্দুক ইউচুফ (মৌজাদাৰ)
- মুকুল (কমল)
- কাশ্মীৰি শইকীয়া (বেউলা)
- নিবেদিতা (ৰীণা)
- অৱনী দত্ত, বিপ্লৱ ৰয়, আবদুল্লা মাহমুদ, আশুতোষ চৌধুৰী, হবিবৰ ৰহমান, অনুপ দাস, বিনীতা চহৰীয়া, ৰীণা শইকীয়া[1]
গীত
সম্পাদনা কৰকপুতলা ঘৰৰ সঙ্গীত আৰু গীত ৰচনা তফজ্জুল আলিৰ।[2] জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা গীতো ছবিখনত অন্তৰ্ভুক্ত হৈছে।[3] কণ্ঠ দিছে- অনিমা চৌধুৰী, নিৰ্মলা মিশ্ৰ আৰু দ্বিপেন বৰুৱায়।[2]
ক্ৰমিক নং |
গীতৰ শীৰ্ষ | গীতিকাৰ | কণ্ঠ |
---|---|---|---|
১ | লুকাভাকু খেলোঁ আহা লিহিৰি বনতে, লৰি লৰি ফুৰোঁ আহা খৰালি চাপৰিতে | তফজ্জুল আলি | অনিমা চৌধুৰী, নিৰ্মলা মিশ্ৰ |
২ | বৃন্দাবন ত্যেজি কৃষ্ণ মথুৰাক গৈল, দুপৰৰ বেলি যেন থিতাতে লুকাইল | তফজ্জুল আলি | অনিমা চৌধুৰী |
৩ | পুতলা ঘৰৰ পুতলা আমি খেলাৰে লগৰী বাচি ল’লোঁ, দুদিন খেলি আমনি লাগি কোন কেনিবাদি যায় গুছি | তফজ্জুল আলি | দ্বিপেন বৰুৱা |
৪ | চোৱা চোৱা কথা কোৱা, মনে মনে কিয় তুমি কিয় থাকানো, মিচিকি মিচিকি কিয় হাঁহানো | তফজ্জুল আলি | দ্বিপেন বৰুৱা |
৫ | নূপুৰে মাতে ৰুণজুণ নূপুৰে মাতে, সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ছাটে সখী বিষাদে ছাটে | জ্যোতিপ্ৰসাদ আগৰৱালা | দ্বিপেন বৰুৱা |
বঁটা আৰু সন্মান
সম্পাদনা কৰকছবিখনে ১৯৭৬ৰ ২৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
বাহ্যিক সংযোগ
সম্পাদনা কৰকতথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Cast & Crew: Putala Ghar.
- ↑ 2.0 2.1 Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 251.
- ↑ 70's Freshers' Social in Colleges of Assam: Putala Ghar (1976).