তামুলপুৰ মহকুমা
এই প্ৰবন্ধ বা অনুচ্ছেদ তামুলপুৰ জিলা নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
তামুলপুৰ অসমৰ বাক্সা জিলাৰ এটা মহকুমা। চৈধ্যটা জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ তামুলপুৰ মহকুমাটি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা তামুলপুৰৰ দূৰত্ব ৭৩ কিলোমিটাৰ।[1]
তামুলপুৰ | |
---|---|
মহকুমা | |
Country | ভাৰত |
ৰাজ্য | অসম |
জিলা | বাক্সা |
ইতিহাস
সম্পাদনা কৰক২০০৩ চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তিমতে অসমত চাৰিখন জিলা- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰিৰে বড়োলেণ্ড স্বায়ত্ত্ব শাসিত অঞ্চল স্থাপিত হয়। বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশৰে বাক্সা জিলাৰ সৃষ্টি কৰা হয়।[2] আৰু তামুলপুৰক সদৰ হিচাপে লৈ তামুলপুৰ আৰু গোৰেশ্বৰ ৰাজহ চক্ৰ সামৰি তামুলপুৰ মহকুমা গঠন কৰা হয়।[3]
নাম উৎপত্তি
সম্পাদনা কৰকতামুলপুৰ নামৰ উৎপত্তি সন্দৰ্ভত এডৱাৰ্ড গেইটৰ বৰ্ণনাত ১৮৬৪-৬৬ চনত ইংৰাজ আৰু ভূটীয়া সকলৰ মাজত হোৱা ৰণৰ বৰ্ণনা আছে। গেইটৰ মতে সেই সময়ত দেৱানগিৰি অঞ্চলত ভয়ংকৰ অভিযান চলিছিল আৰু গুৱাহাটীৰ পৰা কৰ্ণেল কেম্বল ছাহাবে ছটা কোম্পানী লৈ আগুৱাই আহি নামনিৰ সমতল ভূমিত তম্বু তৰি ছাউনী পাতিছিল। কিন্তু ভূটীয়াসকলে নিশাৰ শিবিৰ আক্ৰমণ কৰি ইংৰাজৰ তম্বুবোৰ পুৰি পেলাইছিল। তম্বু পুৰি দিয়া বাবে ঠাইখিনি তম্বুপোৰা-তাম্বোলপুৰ-তামুলপুৰ হোৱা বুলি মত পোষণ কৰা হয়।[3]
ভৌগোলিক অৱস্থিতি
সম্পাদনা কৰকতামুলপুৰ হিমালয়ৰ পাদদেশত অৱস্থিত ভাৰত-ভূটান সীমান্তৱৰ্তী এক অঞ্চল। ভূটানৰ পৰা বৈ অহা মটঙা আদি নদী তামুলপুৰ মাজমজিয়াৰে বৈ গৈ নামনিত নোনা নাম লৈ বৰলীয়া নদীত মিলিত হৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছে।[3]
জন গাঁথনি
সম্পাদনা কৰকতামুলপুৰ মহকুমাটো অসমীয়া, বড়ো, ৰাভা, আদিবাসী , বঙালী, নেপালী অদিকে ধৰি প্ৰায় চৈধ্যটা জাতি-জনজাতিৰে পৰিপূৰ্ণ। এই মহকুমাটোৰ ভিতৰত সৰ্বমুঠ ২৮৬খন গাঁও আছে।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Baksa district". http://baksa.gov.in/district_administration.html.
- ↑ Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ 3.0 3.1 3.2 উৎপল ডেকা (১ মাৰ্চ, ২০১৯). "তামুলপুৰ এতিয়াও সমস্যাৰে ভৰপূৰ". দৈনিক অসম. পৃষ্ঠা ১৩. http://www.assamtribune.com/scripts/spd.asp?id=2019/mar0119/BigPage13.jpg। আহৰণ কৰা হৈছে: 10 April 2020.[সংযোগবিহীন উৎস]