টেমচুলা আও

সাহিত্য অকাডেমি বঁটা বিজয়ী ভাৰতীয় লেখিকা
(তেমচুলা আওৰ পৰা পুনঃনিৰ্দেশিত)

টেমচুলা আও (ইংৰাজী: Temsüla Ao) এগৰাকী কবি, গল্পকাৰ, লোকসংস্কৃতিৰ গৱেষক আৰু সাহিত্যিক। ২০১৩ চনত তেওঁ চুটিগল্প সংকলন Laburnum for My Head ৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[1] তেওঁৰ লেখাসমূহ ইতিমধ্যে জাৰ্মান, ফৰাচী, অসমীয়া, বঙালী আৰু হিন্দী ভাষালৈ অনূদিত হৈছে। উত্তৰ-পূবৰ পৰা ইংৰাজীত সাহিত্য চৰ্চা কৰা সাহিত্যিকসকলৰ ভিতৰত টেমচুলা আওৰ এক সুকীয়া আসন আছে।

টেমচুলা আও

২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় গ্ৰন্থমেলাত টেমচুলা আও
জন্ম ১৯৪৫ (বয়স ৭৮–৭৯)
মৃত্যু ৯ অক্টোবৰ, ২০২২
পেচা কবি, সাহিত্যিক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী (২০০৭)
সাহিত্য অকাডেমি বঁটা (২০১৩)

চমূ জীৱনী সম্পাদনা কৰক

টেমচুলা আওৰ জন্ম হয় ১৯৪৫ চনৰ অক্টোবৰত অসমযোৰহাট জিলাত। তেওঁ গোলাঘাটৰ ৰিডজৱে বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সাং কৰে। টেমচুলা আওৱে নাগালেণ্ডমোককচাং জিলাত অৱস্থিত ফাজি আলি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী কালত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ হায়দৰাবাদৰ ইংৰাজী আৰু বিদেশী ভাষা বিশ্ববিদ্যালয় (English and Foreign Languages University)-ৰ পৰা স্নাতকোত্তৰ ডিপ্লমা আৰু উত্তৰ-পূব পাৰ্ব্যত বিশ্ববিদ্যালয়ৰ (NEHU)-ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

১৯৯২-৯৭ চনত তেওঁ ডিমাপুৰৰ উত্তৰ-পূব সাংস্কৃতিক কেন্দ্ৰৰ ডিৰেক্টৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। নেহুতো টেমচুলা আওৱে শিক্ষাদান কৰে। ১৯৮৫-৮৬ চনত তেওঁ ফুলব্ৰাইট ফেল’শ্বিপলৈ মিনেছ’টা বিশ্ববিদ্যালয়তো গৱেষণা কৰে।[2]

২০০৭ চনত তেওঁ সাহিত্যিক অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা লাভ কৰে। ২০০৯ চনত মেঘালয়ে চৰকাৰে তেওঁক ৰাজ্যপালৰ সোণৰ পদকো প্ৰদান কৰে।[3]

কবিতা সম্পাদনা কৰক

তেওঁৰ প্ৰকাশিত কবিতা সংকলনসমূহ হৈছে-

  • Songs that Tell (১৯৮৮)
  • Songs that Try to Say (১৯৯২)
  • Songs of Many Moods (১৯৯৫)
  • Songs from Here and There (২০০৩)
  • Songs From The Other Life (২০০৭)

লোকসংস্কৃতি সম্পাদনা কৰক

মিনেছ’টা বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ সময়ত টেমচুলা আও নেটিভ আমেৰিকানসকলৰ সংস্পৰ্শলৈ আহে। তেওঁ এই লোকসকলৰ সংস্কৃতি আৰু লোককথাসমূহৰ বিষয়ে জনািব পাৰে। ইয়াৰপৰাই তেওঁ নিজৰ আও নগা জনজাতিৰ কথিত লোকসংস্কৃতিৰ গৱেষণা আৰু সংৰক্ষণৰ প্ৰতি আকৃষ্ট হৈ পৰে। ভাৰতলৈ উভতি আহি তেওঁ এইসম্পৰ্কীয় গৱেষণা কৰিবলৈ লয়। আও নগাসকলৰ মুখে মুখে চলি অহা লোকগাঁথা, পৰম্পৰা আৰু সংস্কৃতিৰ ওপৰত কৰ এই গৱেষণাৰে ফলস্বৰূপে ১৯৯৯ চনত আও নগাসকলৰ কথিত পৰম্পৰাৰ বিষয়ে তেওঁৰ এখন গ্ৰন্থ প্ৰকাশ পায়।

চুটিগল্প সম্পাদনা কৰক

টেমচুলা আওৰ দুখন চুটিগল্প সংকলন প্ৰকাশ পাইছে:

  • These Hills Called Home: Stories from the War Zone
  • Laburnum for my Head (২০০৯)

প্ৰথমখনত দহটা আৰু দ্বিতীয়খন গ্ৰন্থত আঠটা চুটিগল্প সন্নিবিষ্ট আছে। তেওঁৰ চুটিগল্পসমূহত হিংসাজৰ্জৰ নাগালেণ্ডৰ সমাজ আৰু মনস্তত্ত্বৰ সাৱলীল ছৱি অংকিত হৈছে।

সাহিত্য সমালোচনা সম্পাদনা কৰক

টেমচুলা আওৱে সাহিত্য সমালোচনাতো অৱদান আগবঢ়াইছে। ১৯৮৯ চনত তেওঁ এইসম্পৰ্কীয় এখন গ্ৰন্থ ’Henry James' Quest for an Ideal Heroine’ প্ৰকাশ পায়।

অন্যন্য অৱদান সম্পাদনা কৰক

গ্ৰন্থৰ তালিকা সম্পাদনা কৰক

  • Laburnum for My Head (২০০৯)
  • These Hills Called Home: Stories From A War Zone
  • Ao-Naga Oral Tradition (২০০০)

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্যউৎস সম্পাদনা কৰক

  1. "Poets dominate Sahitya Akademi Awards 2013". Sahitya Akademi. 18 December 2013. Retrieved 18 December 2013.
  2. Women's Writing Archived 18 September 2012 at Archive.today
  3. Five artistes to receive Governor’s Award 2009 Archived 14 July 2011 at the Wayback Machine
  4. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 

বাহ্যিক সংযোগ সম্পাদনা কৰক