দলপুঙা (ইংৰাজী: Bronze-winged Jacana, বৈজ্ঞানিক নাম-Metopidius indicus) 'Jacana' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ এই গোটৰ চৰাইসমূ্হৰ ঠেং ডাঙৰ হয় আৰু এই বৈশিষ্ট্যটোৰ বাবে ই ওপঙি থকা উদ্ভিদৰ ওপৰত সুকলমে চৰি ফুৰিব পাৰে৷ বিষুৱীয় অঞ্চলত এই চৰাইবিধ বহুলভাৱে বিস্তৃত হৈ আছে৷

দলপুঙা (Bronze-winged Jacana)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Charadriiformes
পৰিয়াল: Jacanidae
গণ: Metopidius
Wagler, 1832
প্ৰজাতি: M. indicus
বৈজ্ঞানিক নাম
Metopidius indicus
(Latham, 1790)

বিৱৰণ সম্পাদনা কৰক

দলপুঙাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৯ ছে:মি:৷ মাইকী দলপুঙাৰ দেহৰ আকাৰ মতাটোতকৈ ডাঙৰ হয়৷ ইয়াৰ দেহৰ বৰণ প্ৰধানকৈ ক'লা, নেজডাল ৰঙা আৰু ভিতৰৰ পাখিৰ বৰণ ডাঠ মটিয়া হয়৷ ইয়াৰ চকুৰ চেলাউৰি উজ্জ্বল বগা দলপুঙাৰ ঠোঁট হালধীয়া আৰু ঠেং দুখন মুগাবৰণীয়া হোৱা দেখা যায়৷

পোৱালি দলপুঙাৰ বৰণ মটিয়া আৰু বগা-চানেকীয়া হোৱা দেখা যায়৷

বিতৰণ সম্পাদনা কৰক

দলপুঙাই ভাৰত আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে৷

আচৰণ সম্পাদনা কৰক

 
কলকাতাত এটা পোৱালি দলপুঙা চৰাই

দলপুঙাৰ মাত 'চিইক-চিইক-চিইক' ধৰণৰ৷ ই সাধাৰণতে সাৱধানবাণী দিবলৈ মাত মাতে৷

খাদ্য সম্পাদনা কৰক

দলপুঙাই সাধাৰণতে ওপঙি থকাজলজ উদ্ভিদত পোৱা পোক-পতংগ আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী খাই জীয়াই থাকে৷

 
কলকাতাত কণীৰ ওপৰত দলপুঙা

প্ৰজনন সম্পাদনা কৰক

দলপুঙাৰ প্ৰজননৰ ধৰণ অন্য চৰাইৰ পৰা ভিন্ন হোৱা দেখা যায়৷ ইয়াৰ ক্ষেত্ৰত মাইকী দলপুঙা চৰাইটো মতাতকৈ ডাঙৰ আৰু উজ্জ্বল হয়৷ মাইকী চৰাইৰ মাজত মতা সংগীৰ বাবে প্ৰতিযোগিতা হয়৷ এজনী মাইকী চৰায়ে একাধিক মতা দলপুঙাৰ সৈতে যোৰ পাতে আৰু পোৱালি জগায়৷ [2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2012). "Metopidius indicus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003073। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Butchart, S.H.M., Seddon, N. & Ekstrom, J.M.M. (1999) Yelling for sex: harem males compete for female access in bronze-winged jacanas. Animal Behavior.
  • Hayman, Peter; John Marchant; A J Prater (1988). Shorebirds. Helm. ISBN 0-7470-1403-5. 
  • Rasmussen, Pamela C; John C Anderton (2005). Birds of South Asia : the Ripley guide. প্ৰকাশক Washington, D.C.: Smithsonian Institution. ISBN 84-87334-67-9.  Also published by Lynx Edicions in Barcelona. Other ISBNs are: ISBN 84-87334-65-2 and ISBN 84-87334-66-0.
  • Butchart, S.H.M., Seddon, N. & Ekstrom, J.M.M. (1999) Polyandry and competition for territories in bronze-winged jacanas. Animal Ecology.
  • Butchart, S.H.M. (1998) Sexual conflicts and polyandry in bronze-winged jacanas. PhD Thesis, University of Cambridge, Cambridge.
  • Butchart, S.H.M. Sexual conflicts and copulation patterns in polyandrous bronze-winged jacanas (Metopidius indicus). Behavior.
  • Emlen, S.T., Wrege, P.H. (2004) Size dimorphism, intrasexual competition and sexual selection in wattled jacana Jacana jacana, a sex-role-reversed shorebird in Panama. Auk.

See also Ciconiiformes, as the influential Sibley-Ahlquist taxonomy considers the Jacana to be in this order

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক