দাৰা আহমেদ

অসমীয়া চলচ্চিত্ৰ পৰিচালক

দাৰা আহমেদ (ইংৰাজী: Dara Ahmed) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা।[1][2][3] ১৯৬৯ চনত, ব্ৰজেন বৰুৱা পৰিচালিত ডক্তৰ বেজবৰুৱা চলচ্চিত্ৰৰ সহকাৰী পৰিচালক ৰূপে তেওঁ অসমীয়া চিনেমা জগতত ভৰি দিয়ে আৰু প্ৰায় ২০খন চলচ্চিত্ৰৰ সহকাৰী পৰিচালক ৰূপে কাম কৰে। [4] ইয়াৰ পাছতে তেওঁ ‘ৰিক্সাৱালা’, ‘যখিনী’, ‘উৰ্ব্বশী’, ‘ধ্ৰুৱতৰা’ আৰু ‘পূজা’ নামেৰে কেইবাখনো জনপ্ৰিয় চিনেমা স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰে। দেৱী চলচ্চিত্ৰ তেওঁ শম্ভু গুপ্তাৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ কৰিছিল। সাদিন কাকতত তেওঁ নিয়মীয়াকৈ লিখা-মেলা কৰিছিল।[1]দাৰা আহমেদ জ্যোতি চিত্ৰবনৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ উপৰিও ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাৰ জুৰিৰ সদস্য আছিল।[3] হৃদৰোগত আক্ৰান্ত হৈ ২০২১ চনৰ ২৪ মে' তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত তেওঁৰ মৃত্যু হয়।[4]মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।[2]

দাৰা আহমেদ

দাৰা আহমেদৰ ফাইল ফটো
জন্ম ১০ জুন, ১৯৪৬
নাজিৰা, শিৱসাগৰ, অসম
মৃত্যু ২৪ মে', ২০২১ (৭৪ বছৰ)
নাগৰিকত্ব ভাৰত ভাৰতীয়
শিক্ষা স্নাতক
পেচা চলচ্চিত্ৰ পৰিচালক
দাম্পত্যসঙ্গী চায়েৰা আহমেদ
পিতৃ-মাতৃ এ ৰছিদ (পিতৃ)
সন্তান মুবী আহমেদ
আত্মীয়-স্বজন এলি আহমেদ
বঁটা, সন্মান, পুৰস্কাৰ আদি জীৱনৰাম মুংগীদেৱী স্মাৰক বঁটা
এনাজৰী বঁটা

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

১৯৪৬ চনৰ ১০ জুন তাৰিখে নাজিৰাত দাৰা আহমেদৰ জন্ম হয়। নাজিৰা হাইস্কুলতে স্কুলীয়া শিক্ষা সাং কৰি তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[2] তেওঁৰ পিতৃ এ ৰছিদ আছিল এগৰাকী চিকিৎসক আৰু ভগ্নী এলি আহমেদ, পদ্মশ্ৰী আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক।[3]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৬৯ চনত ব্ৰজেন বৰুৱা পৰিচালিত ডক্তৰ বেজবৰুৱা চলচ্চিত্ৰত সহকাৰী পৰিচালক ৰূপে আহমেদে আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ ১৯৭০ চনত মুকুতা, ১৯৭২ত ভদৰী, ললিতা, ওপজা সোণৰ মাটি, উপগ্ৰহ, ১৯৭৩ত মমতা, ১৯৭৪ত সন্তান, ১৯৭৫ত কাচঘৰ, চামেলী মেমচাব, ১৯৭৭ত বনহংস, ১৯৭৮ত ফাগুনী, বনজুই, ১৯৭৯ত মন প্ৰজাপতি, আশ্ৰয়, ১৯৮১ত পোনাকণ, ৰজনীগন্ধা, ১৯৮৩ত সাদৰী আৰু মুক্তিকে আদি কৰি প্ৰায় ২০খন ছবিত সহকাৰী পৰিচালক ৰূপে কাম কৰে। ১৯৮৪ চনত শম্ভু গুপ্তাৰ সৈতে যুটীয়াভাৱে ‘দেৱী’ চলচ্চিত্ৰ পৰিচালনা কৰে। পৰৱৰ্তী সময়ত তেওঁ স্বতন্ত্ৰ পৰিচালক ৰূপে একেলেথাৰিয়ে কাম কৰে আৰু দৰ্শকক কেইবাখনো জনপ্ৰিয় ছবি উপহাৰ দিয়ে। এই সমূহৰ ভিতৰত ‘পূজা’ (১৯৮৫), ‘মধুচন্দা’ (১৯৮৬), ‘প্ৰতিদান’ (১৯৮৭), ‘বৰদৈচিলা’ (১৯৮৯), ‘ধ্ৰুৱতৰা’ (১৯৯০), ‘যখিনী’ (১৯৯১), ‘ৰিক্সাৱালা’ (১৯৯৩), ‘উৰ্বশী’ (১৯৯৫) আৰু ‘দেৱতা’ (১৯৯৮) উল্লেখযোগ্য। [2]

দাৰা আহমেদে অসম আৰু ভাৰত চৰকাৰৰ সহযোগত ‘ডেভেল’পমেণ্ট অৱ কাৰ্বি আংলং’, ‘লীড কাইণ্ডলি লাইট’, ‘নীপকো’, 'দ্য মিল্ক’, ‘চাইল্ড চাইক’লজী’, ‘মহাশ্বেতা’, ‘প্ৰগতি পৰম্পৰা আৰু সমৃদ্ধি’, ‘অ’ল্ড মনুমেণ্টচ্‌ অৱ আহোম এইজ’কে আদি কৰি বহুকেইখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।[3]

‘জীৱনধাৰা’, ‘গান্ধী’, ‘শাহু আই’ আৰু ‘মিতাৰ তিতা-মিঠা’, দাৰা আহমেদে পৰিচালনা কৰা দূৰদৰ্শন ধাৰাবাহিক।[3]

‘সৎকাৰ’, ‘কালচক্ৰ’, ‘তেজৰ মৰম’ আৰু ‘সপ্ত সুৰে ৰিঙিয়াই’ শীৰ্ষক টেলিফিল্ম কেইখনো আহমেদে পৰিচালনা কৰিছিল। তেওঁ গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ দূৰদৰ্শন কেন্দ্ৰৰ বাবে ১৩খন তথ্যচিত্ৰ স্পনছৰ্‌ড প্ৰগামৰ অধীনত পৰিচালনা কৰিছিল। আহমেদ প্ৰসাৰ ভাৰতীৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু পি পি চি(এন ই)ৰ অনুমোদিত প্ৰযোজক আৰু পৰিচালক আছিল। [3]স্কুলীয়া জীৱনত তেওঁ প্ৰায় ২৫খন নাটকত অংশগ্ৰহণ কৰিছিল। [2]অসমীয়া চলচ্চিত্ৰক লৈ তেওঁৰ এখন গ্ৰন্থ প্ৰকাশিতব্য।

বঁটা আৰু স্বীকৃতি[3] সম্পাদনা কৰক

  1. অসম শিল্পী দিৱস সমিতিৰ দ্বাৰা ‘দেৱী’ চলচ্চিত্ৰলৈ শ্ৰেষ্ঠ কাহিনী চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা
  2. জীৱনজোৰা সাধনাৰ বাবে জীৱনৰাম মুংগীদেৱী স্মাৰক বঁটা
  3. জীৱনজোৰা সাধনাৰ বাবে এনাজৰী বঁটা
  4. ২০০৫ চনত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰিৰ সদস্য
  5. ২০০৬ চনত জ্যোতিৰূপা চলচ্চিত্ৰ মহোৎসৱৰ জুৰিৰ সদস্য
  6. ২০১৯ চনত ভবেন বৰুৱা বঁটা

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Assam: Noted Filmmaker Dara Ahmed No More". https://www.pratidintime.com/.+24 মে' 2021. https://www.pratidintime.com/assam-noted-filmmaker-dara-ahmed-no-more/। আহৰণ কৰা হৈছে: 24 মে' 2021. 
  2. 2.0 2.1 2.2 2.3 2.4 "অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ দাৰা আহমেদ আৰু নাই". অসমীয়া প্ৰতিদিন. ২৫ মে', ২০২১. পৃষ্ঠা ১ আৰু ১০. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 "বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা দাৰা আহমেদৰ দেহাৱসান". অসমীয়া খবৰ. ২৫ মে', ২০২১. পৃষ্ঠা ১ আৰু ৬. 
  4. 4.0 4.1 "Assam filmmaker Dara Ahmed passes away at 72". https://nenow.in/.+24 মে' 2021. https://nenow.in/north-east-news/assam/assam-filmmaker-dara-ahmed-passes-away-at-72.html। আহৰণ কৰা হৈছে: 24 মে' 2021.