দীনা পাঠক (ইংৰাজী: Dina Pathak ; জন্ম: গান্ধী, ৪ মাৰ্চ ১৯২২ – ১১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী তথা গুজৰাটী থিয়েটাৰৰ এগৰাকী পৰিচালক আছিল। তেওঁ নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান উইমেনৰ (NFIW) কৰ্মী আৰু সভানেত্ৰীও আছিল।[3][4]

দীনা পাঠক
জন্ম দীনা গান্ধী[1]
৪ মাৰ্চ, ১৯২২
আমৰেলি, বৰোদা ষ্টেট, ব্ৰিটিছ ভাৰত
মৃত্যু ১১ অক্টোবৰ, ২০০২ (৮০ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
সক্ৰিয় হৈ থকা সময় ১৯৪৮-২০০২
দাম্পত্যসঙ্গী বলদেৱ পাঠক
সন্তান সুপ্ৰিয়া পাঠক
ৰত্না পাঠক
আত্মীয়-স্বজন নাচিৰুদ্দিন শাহ (জোৱাই)
পংকজ কাপুৰ (জোৱাই)
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী (১৯৮০)
গুজৰাট চৰকাৰৰ দ্বাৰা মেৰিট এৱাৰ্ড (২০০০-২০০১)[2]

হিন্দী আৰু গুজৰাটী ছবিৰ লগতে থিয়েটাৰৰ এগৰাকী শীৰ্ষস্থানীয় নমস্য ব্যক্তি দীনা পাঠকে ছয় দশকৰো অধিক সময়ৰ কৰ্মজীৱনত ১২০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। পাঠকে প্ৰযোজনা কৰা ভৱাই লোকনাট্য শৈলীৰ নাট মেইনা গুৰজাৰী বহু বছৰ ধৰি সফলতাৰে চলিছিল।[5][6]

হিন্দী চলচ্চিত্ৰ গোলমাল আৰু খুবছুৰতত স্মৰণীয় চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ পৰিচিত লাভ কৰিছিল। ভাৰতৰ কলাত্মক চলচ্চিত্ৰৰ তেওঁ এক প্ৰিয় নাম আছিল, য'ত তেওঁ কোশিছ, উমৰাও জান, মিৰ্ছ মছলা আৰু মোহন যোশী হাজিৰ হোৰ দৰে ছবিত শক্তিশালী চৰিত্ৰত অভিনয় কৰিছিল।[7]

তেওঁৰ উল্লেখযোগ্য গুজৰাটী ছবিসমূহ হ’ল- মতি বা, মালেলা জীৱ আৰু ভৱানী ভৱাই। আনহাতে তেওঁৰ সুপৰিচিত নাটকসমূহৰ ভিতৰত আছে দিংলেগাৰ, ড’লছ হাউচ, বিজন শেনী আৰু সত্যদেৱ ডুবে পৰিচালিত, গিৰীশ কাৰনাৰ্ড ৰচিত হায়াৱদনা

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯২২ চনৰ ৪ মাৰ্চত গুজৰাটৰ আমৰেলীত জন্মগ্ৰহণ কৰা দীনা পাঠকে ফেশ্বন আৰু ছবিৰ প্ৰতি আকৰ্ষিত হৈছিল। কিশোৰী অৱস্থাতে নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিবলৈ লয় আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে।[5][8] বম্বে বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ এখনত পঢ়ি স্নাতক ডিগ্ৰী লয়। ৰসিকলাল পাৰেখে তেওঁক অভিনয়ৰ প্ৰশিক্ষণ দিয়াৰ বিপৰীতে শান্তি বৰ্ধনে তেওঁক নৃত্য শিকাইছিল।[8]

কম বয়সতে ইণ্ডিয়ান নেচনেল থিয়েটাৰত অভিনেত্ৰী হিচাপে যোগদান কৰে। প্ৰাক-স্বাধীন সময়ছোৱাত গুজৰাটৰ লোকনাট্য ভৱাইৰ জৰিয়তে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ব্যপক সজাগতা সৃষ্টিৰ কৰিছিল, যাৰবাবে এগৰাকী সক্ৰিয় ছা্ত্ৰকৰ্মী হিচাপে পৰিচিতি লাভ কৰিছিল। এনেকৈয়ে তেওঁৰ বায়েক শান্তা গান্ধী আৰু ভনীয়েক তৰলা মেহতাৰ সৈতে ভাৰতীয় গণনাট্য সংঘৰ (IPTA)ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন হয়।[9] মুম্বাইত থকাৰ সময়ত কৈলাশ পাণ্ডিয়া আৰু দামিনী মেহতাৰ দৰে গুজৰাটী অভিনয় শিল্পীৰ সহযোগত গুজৰাটী থিয়েটাৰ পুনৰুজ্জীৱিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।[10]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৪০ চনত গুজৰাটত তেওঁ নাটকেৰে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। ভৱাই শৈলীৰ তেওঁৰ জনপ্ৰিয় নাট মেইনা গুৰজাৰী , লগতে বায়েক শান্তা গান্ধীৰ জছমা ওধান চাবলৈ দৰ্শকে শাৰী পাতিছিল।[6] ১৯৫৭ চনত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত তেতিয়াৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ সন্মুখত মেইনা গুৰজাৰী নাটক পৰিবেশন কৰি এতিয়ালৈকে এই কৃতিত্ব অৰ্জন কৰা প্ৰথম আৰু একমাত্ৰ গুজৰাটী নাটক হিচাপে পৰিগণিত হয়।[11]

যদিও তেওঁ গুজৰাটী ছবি কৰিয়াৱাৰৰ (১৯৪৮) জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল, তথাপিও মাত্ৰ এখন ছবিত অভিনয় কৰি তেওঁ পুনৰ থিয়েটাৰলৈ উভতি গৈছিল। ভাৰতীয় গণনাট্য সংঘ (ITPA) আৰু শান্তি বৰ্ধনৰ বেলে ট্ৰুপৰ নাটকত তেওঁ ভৰা প্ৰেক্ষাগৃহত তেওঁৰ অভিনয় চলি থাকিল।[12] পিছলৈ তেওঁ আহমেদাবাদনাটমণ্ডল নামৰ নিজাকৈ নাট্যগোষ্ঠী গঠন কৰে।[13]আজিও তেওঁক গণনাট্য সংঘৰ এগৰাকী দৃঢ় অভিনেত্ৰী আৰু নাট্য কৰ্মী হিচাপে স্মৰণ কৰা হয়।[14]

মনোনয়ন সম্পাদনা কৰক

বঁটা সম্পাদনা কৰক

টোকা সম্পাদনা কৰক

  1. "Sangeet Natak Akademi Honours". Archived from the original on 25 December 2018. https://web.archive.org/web/20181225122514/http://www.sangeetnatak.com/programmes_recognition%26honours_drama.html। আহৰণ কৰা হৈছে: 26 February 2023. 
  2. Govt award for Dina Pathak The Times of India, 8 November 2001.
  3. Need to make women aware: Dina Pathak The Tribune, 3 February 2000.
  4. Women panels 'toothless' The Tribune, 1 May 1999.
  5. 5.0 5.1 Brandon, p. 83
  6. 6.0 6.1 "From Gujarat with grace". The Tribune. 11 June 2006. http://www.tribuneindia.com/2006/20060611/spectrum/main2.htm. 
  7. Veteran actress Dina Pathak passes away The Times of India, 11 October 2002.
  8. 8.0 8.1 Baradi, Hasmukh (2004). Lal, Ananda. ed. The Oxford Companion to Indian Theatre. প্ৰকাশক New Delhi: Oxford University Press. ISBN 0195644468. OCLC 56986659. http://www.oxfordreference.com/view/10.1093/acref/9780195644463.001.0001/acref-9780195644463-e-0480. 
  9. "The Grand Dame of Indian Cinema" The Tribune, 11 April 1999
  10. "Veteran actress Dina Pathak passes away" Archived 12 July 2004 at the Wayback Machine Indian Express, 12 October 2002.
  11. "Reliving the past of Gujarati Rangbhoomi". The Times of India. 27 March 2013. Archived from the original on 15 June 2013. https://archive.today/20130615195310/http://articles.timesofindia.indiatimes.com/2013-03-27/ahmedabad/38069233_1_world-theatre-day-costumes-villages. 
  12. "Remembering Dina Pathak". Archived from the original on 12 December 2007. https://web.archive.org/web/20071212024710/http://pprabhu.com/entertainment/remembering-dina-pathak.html। আহৰণ কৰা হৈছে: 11 March 2015. 
  13. "Shaili Sathyu". Archived from the original on 3 March 2016. https://web.archive.org/web/20160303193525/http://www.glamsham.com/dramas/interviews/shaili_sathyu.asp। আহৰণ কৰা হৈছে: 11 March 2015. 
  14. "IPTA". http://www.mumbaitheatreguide.com/dramas/groups/ipta.asp। আহৰণ কৰা হৈছে: 11 March 2015. 
  15. Bollywood Hollywood gets 5 Genie nominations, The Times of India, 3 January 2003,

প্ৰসংগ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক