দুঃশাসন
দুঃশাসন (সংস্কৃত: दुःशासन) অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু ৰাণী গান্ধাৰীৰ দ্বিতীয় পুত্ৰ। তেখেত মহাভাৰত মহাকাব্যৰ দুৰ্যোধনৰ সৰু ভায়েক।
জন্ম
সম্পাদনা কৰককুৰুসভাত দ্ৰৌপদীৰ নিগ্ৰহ
সম্পাদনা কৰকশকুনিৰ লগত পাশা খেলাত যুধিষ্ঠিৰ সৰ্বস্বান্ত হোৱাৰ পিছত নিজৰ ভাই সকলক আৰু নিজকে পণ কৰি পৰাজিত হয়। ইয়াৰ পিছত তেওঁ সিহঁতৰ ধৰ্মপত্নী দ্ৰৌপদীক পণ কৰিও পৰাস্ত হয়। দুঃশাসনে দ্ৰৌপদীক তাৰ অন্তঃপুৰৰ পৰা চুলিত ধৰি সভালৈ টানি আনে আৰু কৰ্ণৰ আদেশত[1][2] তাক বিবস্ত্ৰা কৰাৰ চেষ্টা কৰে। এইসময়ত দ্ৰৌপদীয়ে শ্ৰীকৃষ্ণক আহ্বান কৰি থাকে। কৃষ্ণই ধৰ্মৰ অৱতাৰলৈ বস্ত্ৰৰূপে দ্ৰৌপদীক আবৃত কৰি থাকে। এনেদৰে স্ত্ৰীক অপমানিত হোৱা দেখি ভীমে প্ৰতিজ্ঞা কৰে যে যুদ্ধভূমিতে তেওঁ দুঃশাসনৰ বক্ষ বিদাৰণ কৰি তাৰ ৰক্তপান কৰিব।
মৃত্যু
সম্পাদনা কৰককুৰুক্ষেত্ৰ যুদ্ধৰ সপ্তদশ দিনা ভীমে দুঃশাসনৰ বক্ষ খড়্গৰে বিদীৰ্ণ কৰে আৰু তাৰ তেজ পান কৰে। দুঃশাসনৰ তেজেৰে তেওঁ দ্ৰৌপদীক চুলি ধোৱাত সাহায্য কৰে, কিয়নো দ্ৰৌপদীয়ে দুঃশাসনৰ তেজেৰে চুলি ধুব নোৱাৰালৈকে চুলি মেলা ৰখাৰ প্ৰতিজ্ঞা কৰিছিলে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ http://www.sacred-texts.com/hin/m02/m02067.htm |title=The Mahabharata, Book 2: Sabha Parva: Section LXII |publisher=Sacred-texts.com
- ↑ https://archive.org/stream/mahabharata_nk/mahabharata_nilakanthas_commentary#page/n403/mode/2up