দুবৰি বন

এবিধ ঘাঁ‌হ জাতীয় ঔষধি উদ্ভিদ।

দুবৰি বন (বৈজ্ঞানিক নাম: Cynodon dactylon)[2] এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।[3] আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দুবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দুবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়। কিছুমান ঠাইত ইয়াক বিদেশী প্ৰজাতি হিচাপে অপতৃণ বুলিও গণ্য কৰা হয়।

দুবৰি বন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Poales
পৰিয়াল: Poaceae
গণ: Cynodon
প্ৰজাতি: C. dactylon
বৈজ্ঞানিক নাম
Cynodon dactylon
(L.) Pers.
সমাৰ্থক[1]
তালিকা
    • Agrostis bermudiana Tussac. ex Kunth nom. inval.
    • Agrostis filiformis J.Koenig ex Kunth nom. inval.
    • Agrostis linearis Retz.
    • Agrostis stellata Willd.
    • Capriola dactylon (L.) Kuntze
    • Capriola dactylon (L.) Hitchc.
    • Chloris cynodon Trin. nom. illeg.
    • Chloris maritima Trin.
    • Chloris paytensis Steud.
    • Cynodon affinis Caro & E.A.Sánchez
    • Cynodon aristiglumis Caro & E.A.Sánchez
    • Cynodon aristulatus Caro & E.A.Sánchez
    • Cynodon barberi f. longifolia Join
    • Cynodon decipiens Caro & E.A.Sánchez
    • Cynodon distichloides Caro & E.A.Sánchez
    • Cynodon erectus J.Presl
    • Cynodon glabratus Steud.
    • Cynodon grandispiculus Caro & E.A.Sánchez nom. inval.
    • Cynodon hirsutissimus (Litard. & Maire) Caro & E.A.Sánchez
    • Cynodon iraquensis Caro
    • Cynodon laeviglumis Caro & E.A.Sánchez
    • Cynodon linearis Willd.
    • Cynodon maritimus Kunth
    • Cynodon mucronatus Caro & E.A.Sánchez
    • Cynodon nitidus Caro & E.A.Sánchez
    • Cynodon occidentalis Willd. ex Steud. nom. inval.
    • Cynodon pascuus Nees
    • Cynodon pedicellatus Caro
    • Cynodon polevansii Stent
    • Cynodon portoricensis Willd. ex Steud. nom. inval.
    • Cynodon repens Dulac nom. illeg.
    • Cynodon sarmentosus Gray nom. illeg.
    • Cynodon scabrifolius Caro
    • Cynodon stellatus Willd.
    • Cynodon tenuis Trin.
    • Cynodon umbellatus (Lam.) Caro
    • Cynosurus dactylon (L.) Pers.
    • Cynosurus uniflorus Walter
    • Dactilon officinale Vill. nom. illeg.
    • Dactylus officinalis Asch. nom. inval.
    • Digitaria ambigua (Lapeyr. ex DC.) Mérat
    • Digitaria dactylon (L.) Scop.
    • Digitaria glumaepatula (Steud.) Miq.
    • Digitaria glumipatula (Steud.) Miq.
    • Digitaria linearis (L.) Pers.
    • Digitaria linearis (Retz.) Spreng.
    • Digitaria littoralis Salisb. nom. illeg.
    • Digitaria maritima (Kunth) Spreng.
    • Digitaria stolonifera Schrad. nom. illeg.
    • Fibichia dactylon (L.) Beck
    • Fibichia umbellata Koeler nom. illeg.
    • Milium dactylon (L.) Moench
    • Panicum ambiguum (DC.) Le Turq.
    • Panicum dactylon L.
    • Panicum glumipatulum Steud.
    • Panicum lineare L.
    • Paspalum ambiguum DC.
    • Paspalum dactylon (L.) Lam.
    • Paspalum umbellatum Lam.
    • Phleum dactylon (L.) Georgi
    • Syntherisma linearis (L.) Nash
    • Vilfa linearis (Retz.) P.Beauv.
    • Vilfa stellata (Willd.) P.Beauv.

বৰ্ণনা সম্পাদনা কৰক

দুবৰিৰ পাত সেউজীয়া ৰঙৰ আৰু গুৰিৰ প্ৰায় ২-১৫ ছেঃমিঃ দীঘল হয়। ইয়াৰ বুঢ়া পাতবোৰ অলপ খহটা।[4] ইয়াৰ থিয় ঠাৰিডাল অলপ চেপেটা আৰু ১-৩০ ছেঃমিঃ ওখ হয়। গুটিবোৰ সৰু যদিও গা-গছৰ ধাৱকেৰে বংশবৃদ্ধি বেছিকৈ হয়।

ইয়াৰ মূল শিপা প্ৰণালী মাটিক খামুচি মাৰি ধৰে আৰু খৰাং পৰিস্থিতিত ২ মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। ধাৱক গা গছৰ গাঁঠিৰ পৰাও সৰু সৰু শিপা ওলায়। এই শিপা খুব বেছি ৬০ ছেঃমিঃ দীঘল হয় আৰু মাটিৰ ওপৰত ডাঠকৈ বিয়পি পৰে। উচ্চ উষ্ণতাত ইয়াৰ বৃদ্ধি ভাল হয়। শীতকালত ইয়াৰ বৃদ্ধি আটাইতকৈ কম হয়।

ব্যৱহাৰ সম্পাদনা কৰক

সংস্কৃতিক ব্যৱহাৰ সম্পাদনা কৰক

ভাৰতীয় সংস্কৃতিত কল্যাণৰ প্ৰতীক হিচাপে দুবৰি বনক গণ্য কৰা হয়। পূজা-পাৰ্বনত শান্তিজল ছটিয়াবলৈ দুবৰি বন ব্যৱহাৰ কৰা হয়। পূজাত দেৱ-দেৱীলৈ দুবৰি আগবঢ়োৱা হয়। বিবাহ অনুষ্ঠানত দুবৰিৰে নতুন বোৱাৰী ঘৰলৈ বৰণ কৰি অনা হয়। বিভিন্ন গীত, কবিতা আৰু সাহিত্যত দুবৰিৰ উল্লেখ পোৱা যায়।

ঔষধি গুণ সম্পাদনা কৰক

আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। দুবৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হলে ব্যৱহাৰ কৰা হয়। আমাশয় আৰু উদৰাময়েত দুবৰি বনৰ ৰস ঔষধ। আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়। চুলি সৰা ৰোগটো দুবৰি ব্যৱহাৰ কৰা হয়। পায়োৰিয়া ৰোগত দুবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল। কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।

সৌন্দৰ্য বৰ্ধন সম্পাদনা কৰক

উদ্যানৰ ঘাঁহ হিচাপে দুবৰি বন ব্যৱহাৰ কৰা হয়। নিয়ৰত তিতা কোমল দুবৰি বনৰ ওপৰত খোজ কাঢ়িবলৈ ভাল।

অন্যান্য নাম সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. "The Plant List: A Working List of All Plant Species". Archived from the original on 2023-03-07. https://web.archive.org/web/20230307082857/http://www.theplantlist.org/tpl/record/kew-406339। আহৰণ কৰা হৈছে: 2019-10-03. 
  2. "Vilfa stellata (Willd.) P. Beauv". Missouri Botanical GardenTropicos.org. http://www.tropicos.org/Name/100389014?tab=acceptednames। আহৰণ কৰা হৈছে: 5 December 2015. 
  3. "CABI Invasive Species Compendium". https://www.cabi.org/isc/datasheet/17463. 
  4. Walker, Karen; Burrows, Geoff; McMahon, Lynne (2001). Bidgee bush: an identification guide to common native plant species of the south western slopes of New South Wales. প্ৰকাশক Yarralumla, Australian Capital Territory: Greening Australia. পৃষ্ঠা. 82. ISBN 978-1-875345-61-8. https://books.google.com/books?id=6J1VAQAACAAJ। আহৰণ কৰা হৈছে: 21 March 2010. 

বাহ্যিক সংযোগ সম্পাদনা কৰক