ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱবৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰমথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে।[1] সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে। দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে।[2]

দেউল

বৰপেটা কীৰ্তনঘৰত ফল্গু উৎসৱ উদ্‌যাপনৰ এক দৃশ্য
ঠাই বৰপেটা
প্ৰথমবাৰ পালন ১৫৯৬ খ্ৰীষ্টাব্দ (১৫১৮ শক)
অংশগ্ৰহণকাৰী বৰপেটাৰ ৰাইজ

নক্ষত্ৰ গণনা অনুসৰি এই উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে চাৰিদিনীয়াকৈ বা পাঁচদিনীয়াকৈ আৰু চ'তৰ মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে তিনিদিনীয়াকৈ পালন কৰা হয়। চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়। দৌলোত্‍সৱৰ প্ৰথম দিনটোক “গোন্ধযাত্ৰা” বা বহ্নোৎসৱ বা গন্ধ, দ্বিতীয় দিনটোক “ভৰ দেউল” আৰু তাৰ পাছৰ দিনা “সুঁৱেৰী” বা “ফাঁকুৱা” বোলা হয়।[2]

উৎসৱৰ বিৱৰণ

সম্পাদনা কৰক

গোন্ধযাত্ৰা

সম্পাদনা কৰক

গোন্ধযাত্ৰাৰ দিনা বৰপেটাৰ ২২খন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলত ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি সত্ৰৰ টুপৰ চোতালত এটা মেজি সাজে। আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলিয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই অনা হয়। ইয়াৰ পিছত সন্ধিয়ালৈ গোসাঁইক (শ্ৰীকৃষ্ণ) গায়ন-বায়ন আৰু বৰঢুলীয়াৰে সৈতে ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে। প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক সাতপাক ঘূৰোৱা হয়। ইয়াক 'মেজি পুওৱা' বা 'মাঘ পুওৱা' বুলি কোৱা হয়। এই সময়তে চৌদিশ ঢোল, খোল, দবা, শংখ, ঘণ্টা আদিৰ শব্দৰ লগতে হোলীগীতৰ প্ৰতিধ্বনিয়ে মুখৰিত কৰে। লগতে চাৰিওফালে স্থানীয় আতচবাজী প্ৰদৰ্শন কৰা হয়।[1]

মেজিৰ জুইৰ চাৰিওফালে সাতপাক ঘূৰোৱাৰ পিছত গোসাঁইক পোনতে নি বৰপেটা সত্ৰৰ উত্তৰ-পশ্চিম দিশত থকা 'যোগমোহন গৃহ'ত এখন শৰাইত ৰখা হয়। তাৰ পিছত নক্ষত্ৰ গণনা অনুসৰি গোসাঁইক এক শুভ ক্ষণত দৌলত আৰোহণ কৰা হয়। ইয়াতো গায়ন-বায়ন, বৰঢুলীয়াৰে আৰু ভক্তসকলৰ জয়ধ্বনিৰে গোসাঁইক দৌলত সাতোতা চিৰিৰে সাতপাক ঘূৰাই দৌলৰ ভিতৰৰ সুসজ্জিত দোলাত স্থাপন কৰা হয়। ৰাতিলৈ সেৱা-কীৰ্ত্তন আৰু যাত্ৰাভিনয় কৰা হয়।

গন্ধৰ পিছৰ দিনাখন ভৰদৌল। সেই দিনা পুৱা যোগমোহন গৃহত আইসকল আৰু বাপুসকলে প্ৰসংগৰ পিছত বংশৰা বা হাটী গোটৰ গায়ন-বায়নসকলে গুৰুঘাট বজাই শ্যাম ৰাগৰ দুটা 'পুৱাৰ গীত' আৰু ললিতা ৰাগৰ 'যশোমতী পেখিতে নয়ন জুৰাই' গীতটো গায়।

ভৰদৌলৰ পিছদিনা ফাকুৱা বা হোলী। স্থানীয়ভাৱে ফাকুৱাক ইয়াত 'সুঁৱেৰী' বা 'সৌৰী' বোলা হয়। সেইদিনা ফাকু গুৰি ছটিয়াই সকলোৱে আনন্দ কৰে। ভৰদৌলৰ নিশা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলৰ পৰা নমাই কীৰ্ত্তন ঘৰৰ ভিতৰত ৰখা হয়। সুঁৱৰীৰ দিনা আৱেলি পুনৰাই গোসাঁইক মঠৰ চোতাললৈ আনি পূজা কৰা হয়। ইয়াৰ পিছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ নিয়ে। তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয়। ভক্তগণে গোসাঁইৰ সন্মুখত এবিধ বনৰীয়া মাহ আগবঢ়াই। ইয়াৰ পিছত পুনৰ বৰপেটা সত্ৰলৈ অনা হয়। ইয়াৰ পিছতে সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত 'বাঁহ ভঙা' কাৰ্য অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত পুনৰ গোসাঁই মণিকূটত প্ৰৱেশ কৰে আৰু দেউল উৎসৱৰ সামৰণি পৰে।[2]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "আজিৰ পৰা বৰপেটাত দৌলোৎসৱ". আমাৰ অসম. ২৬ মাৰ্চ, ২০১৩. পৃষ্ঠাসমূহ: ১, ৮. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124923/http://amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=03/26/2013। আহৰণ কৰা হৈছে: ২৭ মাৰ্চ, ২০১৩. 
  2. 2.0 2.1 2.2 বৰপেটাৰ বৰধামৰ দেউল, প্ৰিয়ৰঞ্জন দাস, গণ অধিকাৰ সংবাদ-পত্ৰ, গুৱাহাটী, ৮ মাৰ্চ ২০১২

বাহ্যিক সংযোগ

সম্পাদনা কৰক