দেবানন্দ ভৰালি (ইংৰাজী: Devananda Bharali; (১৮৮৩ - ১৯৭২) কুৰি শতিকাৰ প্ৰথমাংশৰ এগৰাকী অসমীয়া ভাষাবিদ আৰু সাহিত্যিক। অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে প্ৰথমে মৌলিক গৱেষণালব্ধ কিতাপ প্ৰণয়ন কৰিছিল। ঊষা, বাঁহী আদি আলোচনীত নিয়মীয়াকৈ প্ৰৱন্ধ লিখাৰ লগতে তেখেতে ছেক্‌ছপীয়েৰৰ মেকবেথ নাটকখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।

দেবানন্দ ভৰালি
জন্ম জুন, ১৮৮৩
শিৱসাগৰ, অসম
মৃত্যু জুন, ১৯৭২
যোৰহাট
ছদ্মনাম মিৰি
পেচা লেখক, ভাষাবিদ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ অসমীয়া সাহিত্য

চমু জীৱনী সম্পাদনা কৰক

দেবানন্দ ভৰালিৰ জন্ম হৈছিল অসমৰ শিৱসাগৰত। তেখেতৰ পিতৃৰ নাম ইশানন্দ ভৰালী। শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা এন্ট্ৰেন্স পাছ কৰি কোচবিহাৰ কলেজৰপৰা ১৯০৪ চনত বি.এ. পাছ কৰে। ১৯০৬ চনত তেখেতে ছাব-ডেপুটি কালেক্টৰ পদত নিযুক্ত হয়। ২০ বছৰ পাছত ১৯২৬ চনত তেখেতে চাকৰিৰপৰা অৱসৰ লয়।[1]

সাহিত্যিক অৱদান সম্পাদনা কৰক

দেবানন্দ ভৰালিয়ে অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে তিনিখন মৌলিক গৱেষণালব্ধ গ্ৰন্থ প্ৰকাশ কৰিছিল। লগতে ইংৰাজী ভাষাঅসমীয়া ব্যাকৰণৰ পুথিও প্ৰণয়ন কৰিছিল। তেখেতে উষা, বাঁহী আদি আলোচনীত প্ৰৱন্ধ-পাতি লিখিছিল। 'মিৰি' ছদ্মনামত তেখেতে কবিতা আলোচনী 'আলোচনী'ত কবিতা লিখিছিল। একেখন আলোচনীতে তেখেতে 'বিহু' নাটিকা এখন ধাৰাবাহিক ভাৱে লিখিছিল। ইয়াৰোপৰি তেখেতে ছেক্সপীয়েৰৰ 'মেকবেথ'ৰ প্ৰভাৱত 'ভীমদৰ্প' নামে এখন নাটক ৰচনা কৰিছিল।[2] 'শ্ৰীমন্ত শংকৰ' তেখেতৰ ৰচিত আন এখন নাটক।[1]

সাহিত্যিক কৰ্মৰাজি সম্পাদনা কৰক

ভাষা-তত্বৰ পুথি সম্পাদনা কৰক

নাটক সম্পাদনা কৰক

  • ভীমদৰ্প (১৯১০)
  • শ্ৰীমন্ত শংকৰ (১৯৪৪)
  • বিহু (নাটিকা)

উপন্যাস সম্পাদনা কৰক

  • চীনা লুইতৰ পাৰে পাৰে (১৯৭২)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 বৰ্মন, শিৱনাথ (১৯৯২). অসমীয়া জীৱনী অভিধান, চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃলিঃ, গুৱাহাটী, প্ৰথম সংস্কৰণ, পৃঃ ১২৮-২৯
  2. http://indianreview.in/shakespeare-in-assamese-navakanta-barua/ Baruah, Navakanta. Shakespeare in Assamese আহৰণ কৰা তাৰিখঃ ১৭-০১-২০১৩

বাহ্যিক সংযোগ সম্পাদনা কৰক