দেৱিকা ৰাণী

ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম নাৰী ৰূপে জনাজাত।
(দেবীকা ৰাণীৰ পৰা পুনঃনিৰ্দেশিত)


দেৱিকা ৰাণী (ইংৰাজী: Devika Rani; বঙালী: দেবিকা ৰাণী; জন্ম : ৩০ মাৰ্চ, ১৯০৮ – মৃত্যু : ৯ মাৰ্চ, ১৯৯৪);[1] ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী। তেওঁক ভাৰতীয় চিনেমা জগতৰ ‘ফাৰ্ষ্ট লেডী’ (প্ৰথম মহিলা) বুলি কোৱা হয়। ১৯২৯ চনত মুক্তিপ্ৰাপ্ত ‘প্ৰপঞ্চ পাস’ নামৰ ছবিখনৰ জৰিয়তে দেৱিকা ৰাণীয়ে অভিনয় জীৱনৰ পাতনি মেলিছিল। ছবিখনত তেওঁ কষ্টিউম ডিজাইনাৰ আৰু জুনিয়ৰ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। ১৯৩৩ চনত মুক্তিপ্ৰাপ্ত ‘কৰ্মা’ নামৰ ছবিখনত তেওঁ প্ৰথম বাৰৰ বাবে নায়িকা হিচাপে অভিনয় কৰে। দেৱিকাৰ অভিনয়ৰ দক্ষতা আৰু ব্যক্তিত্বই তেতিয়াৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেওঁ জৱাহৰলাল নেহৰু আৰু সৰোজিনী নাইডুৰ দৰে ব্যক্তিৰ প্ৰশংসা লাভ কৰিছিল।[2]

দেৱিকা ৰাণী
জন্ম দেৱিকা ৰাণী চৌধুৰী
মাৰ্চ ৩০ , ১৯০৮
মাদ্ৰাছ প্ৰেসিডেন্সি, ব্ৰিটিছ ইণ্ডিয়া (বৰ্তমানৰ বিশাখাপট্টনম, অন্ধ্ৰ প্ৰদেশ)
মৃত্যু মাৰ্চ ৯ , ১৯৯৪ (৮৫ বছৰ)
অন্য নাম দ্য ড্ৰেগন লেডী
সক্ৰিয় হৈ থকা সময় ১৯২৫ - ১৯৪৩
দাম্পত্যসঙ্গী হিমাংশু ৰায় (১৯২৯- ১৯৪০)
স্বেতোস্লাৱ ৰোৰিক (১৯৪৫ - ১৯৯৩)

পৰিয়াল সম্পাদনা কৰক

দেৱিকাৰ পিতৃ এছ. এম. চৌধৰী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পৰ্কীয় আছিল। [3] এছ. এম. চৌধৰী ইংৰাজ সৈন্য বাহিনীৰ চিকিৎসক আছিল আৰু পিছলৈ মাদ্ৰাজৰ চাৰ্জন জেনেৰেলো হৈছিল।[4][5][6]

শিক্ষা আৰু কৰ্মজীৱন সম্পাদনা কৰক

দেৱিকা ৰাণীয়ে ৯ বছৰ বয়সত ইংলেণ্ডৰ আৱাসিক বিদ্যালয়ত থাকি পঢ়িছিল। পিছলৈ লণ্ডনৰ ৰয়েল একাডেমী অৱ ড্ৰেমেটিক আৰ্টচ্ আৰু ৰয়েল একাডেমী অৱ মিউজিক ইনষ্টিটিউটত অধ্যয়ন কৰিছিল। [5][7] শিক্ষা সমাপ্ত কৰি তেওঁ ১৯২৮ চনত লণ্ডনৰ এটি টেক্সটাইল ডিজাইনিং ষ্টুডিঅ’ত চাকৰিত সোমায়। [8] তালৈ ছবি এখনৰ কামত যাওঁতে চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু ৰায়ে তেওঁক লগ পায়। হিমাংশু ৰায়ে ১৯২৯ চনত ‘প্ৰপঞ্চ পাস’ নিৰ্মাণ কৰিছিল।

 
অছুৎ কন্যা চলচ্চিত্ৰত অশোক কুমাৰৰ সৈতে অভিনীত এক মুহূৰ্ত

বিবাহিত জীৱন সম্পাদনা কৰক

‘প্ৰপঞ্চ পাস’ নিৰ্মাণৰ পাছতেই হিমাংশু ৰায়ৰ সৈতে দেৱিকাৰ বিবাহ হয়। ১৯৩৩ চনত তেওঁলোক ভাৰতলৈ ঘূৰি আহি ‘কৰ্মা’ নিৰ্মাণ কৰে। দেৱিকা ৰাণীৰ সফলতাৰ আঁৰৰ মানুহজন আছিল হিমাংশু ৰায়।[2] ১৯৪০ চনত হিমাংশু ৰায়ৰ মৃত্যু হয়। ১৯৪৫ চনত ৰুচ চিত্ৰশিল্পী স্বেতোস্লাভ ৰ’ৰিকৰ সৈতে দেৱিকা ৰাণী বিবাহপাশত আবদ্ধ হয়। [9]

অভিনীত কেইখনমান ছবি সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ টোকা
১৯৪৩ হমাৰী বাত
১৯৪১ অঞ্জান ইন্দিৰা
১৯৩৭ সাবিত্ৰী সাবিত্ৰী
১৯৩৭ ইজ্জত
১৯৩৬ অছুৎ কন্যা কস্তুৰী
১৯৩৬ জন্মভূমি
১৯৩৬ জীৱন নইয়া লতা


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Varma, Madhulika (26 March 1994). "Obituary: Devika Rani". The Independent. http://www.independent.co.uk/news/people/obituary-devika-rani-1431657.html। আহৰণ কৰা হৈছে: 8 April 2014. 
  2. 2.0 2.1 দেবীকাৰাণী, হেমলতা ৰাভা দাসৰ প্ৰবন্ধ, অসমীয়া খবৰ, ১৭ ফেব্ৰুৱাৰী, ২০০২
  3. Manjapra 2014, পৃষ্ঠা. 258.
  4. "B-town women who dared!". The Hindustan Times. Archived from the original on 29 April 2014. https://web.archive.org/web/20140429080601/http://www.hindustantimes.com/photos-news/photos-cinema/btownwomenwhodared/Article4-443599.aspx। আহৰণ কৰা হৈছে: 28 April 2014. 
  5. 5.0 5.1 Erik 1980, পৃষ্ঠা. 93.
  6. "Devika Rani" (PDF). Press Information Bureau. পৃষ্ঠা: 1. http://pib.nic.in/prs/iffi2007/birth.pdf। আহৰণ কৰা হৈছে: 8 April 2014. 
  7. "Devika Rani Roerich". Roerich & DevikaRani Roerich Estate Board, Government of Karnataka. http://www.roerich.kar.nic.in/devika_rani.htm। আহৰণ কৰা হৈছে: 8 April 2014. 
  8. Ghosh 1995, পৃষ্ঠা. 28–29.
  9. Saran 2014, পৃষ্ঠা. 27.

বাহ্যিক সংযোগ সম্পাদনা কৰক