দৈনিক জনসাধাৰণ হ'ল গুৱাহাটীৰপৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন দৈনিক বাতৰি কাকত। ২০০৩ চনৰ ১ জানুৱাৰীৰপৰা কাকতখন প্ৰকাশ হৈছিল। কাকতখনৰ সম্পাদক আছিল সাহিত্যিক, সাংবাদিক শিৱনাথ বৰ্মন। কাকতখনৰ সৈতে প্ৰতি দেওবাৰে 'ইত্যাদি' নামৰ এখন পৰিপূৰিকা প্ৰকাশ হৈছিল। 'ইত্যাদি'ৰ মুখ্য সম্পাদক আছিল বেদব্ৰত বৰা। ২০১৮ চনত কাকতখনৰ প্ৰকাশ বন্ধ হয়।[1]

দৈনিক জনসাধাৰণ
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
প্ৰতিষ্ঠা ১ জানুৱাৰী, ২০০৩ চন
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. শান্তনু কৌশিক বৰুৱা (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.