মূল মেনু খোলক


ধন্দ কেশৱ কৰ্ৱে (১৮ এপ্ৰিল ১৮৫৮ – ৯ নৱেম্বৰ ১৯৬২), জনপ্ৰিয়ভাৱে মহৰ্ষি কৰ্ৱে এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সন্মানর্থে মুম্বাইৰ কুইনছ ৰ'ডৰ নাম সলনি কৰি মহৰ্ষি কৰ্ৱে পথ ৰখা হৈছে। তেওঁ বিধৱা সকলৰ মাজত শিক্ষাৰ প্ৰচাৰত আগৰণুৱা আছিল।[1] তেওঁ ১৯১৬ চনত দক্ষিণ এছিয়াৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল। ভাৰত চৰকাৰে তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰ স্বৰূপে ১৯৫৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু ১৯৫৮ চনত তেওঁৰ ১০০তম জন্মদিনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ভাৰত ৰত্ন লাভ কৰা ধন্দ কেশৱ কৰ্ৱে আটাইতকৈ বয়সস্থ ব্যক্তি।

ধন্দ কেশৱ কৰ্ৱে

১৯৫৮ চনৰ ভাৰতীয় ডাক টিকটত ধন্দ কেশৱ কৰ্ৱে
জন্ম এপ্ৰিল ১৮ , ১৮৫৮
চেৰাভালি, দাপলি, বোম্বে প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত
মৃত্যু নৱেম্বৰ ৯ , ১৯৬২ (১০৪ বছৰ)
পুণে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অধ্যাপক
  • সমাজ সেৱক
  • লেখক
  • সমাজ সংস্কাৰক
দাম্পত্যসঙ্গী ৰাধাবাঈ আৰু গংগুবাঈ
সন্তান ৰঘুনাথ কৰ্ৱে, শংকৰ কৰ্ৱে, দিনকৰ কৰ্ৱে, ভাস্কৰ কৰ্ৱে
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ, ১৯৫৫
ভাৰত ৰত্ন, ১৯৫৮

ভাৰতীয় জনসাধাৰণে তেওঁক মহৰ্ষি বুলি সম্বোধন কৰে। ইয়াৰ লগতে মাৰাঠী ভাষী লোক সকলে তেওঁক আন্না বুলি সম্বোধন কৰিছিল। ভাৰতীয় ডাক বিভাগে জাৰী কৰা ডাক টিকটত স্থান লাভ কৰা কৰ্ৱে প্ৰথম গৰাকী জীৱিত ব্যক্তি।

জীৱনীসম্পাদনা কৰক

১৮৫৮ চনৰ ১৮ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেচিডেন্সীৰ দাপলি অঞ্চলৰ চেৰাভালিত ধন্দ কেশৱ কৰ্ৱেৰ জন্ম হৈছিল। শিক্ষা লাভ কৰাৰ পিছত তেওঁ ১৮৯১ চনৰ পৰা ১৯১৪ চনলৈ মহাৰাষ্ট্ৰৰ পুণেৰ ফাৰগোচন কলেজত অংকশাস্ত্ৰ বিভাগৰ অধ্যাপনা কৰিছিল।[2] ১৯১৬ চনত ধন্দ কেশৱ কৰ্ৱেয়ে শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল। বিশ্ববিদ্যালয় খনৰ মুখ্য কাৰ্যালয় দক্ষিণ মুম্বাইৰ চাৰ্চগেটত অৱস্থিত। ইয়াৰ মূল চৌহদ ছাণ্টাক্ৰুজ-জুহু অঞ্চলত অৱস্থিত। শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়ৰ মুম্বাইত দুখন আৰু পুনেত এখন বিশ্ববিদ্যালয় চৌহদ আছে।

১৮৯৬ চনত ধন্দ কেশৱ কৰ্ৱেয়ে পুনেৰ ওচৰৰ হিঙেত বিধবা আৰু অসহায় নাৰী সকলৰ বাবে এক আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। নাৰীৰ সৰ্বাংগীন বিকাশৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ এখন মহিলা বিশ্ববিদ্যালয় গঠনৰ সপোন দেখিছিল। তেওঁৰ বন্ধু এজনে তেওঁলৈ টকিয়'ত অৱস্থিত বিশ্বৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়,জাপান মহিলা বিশ্ববিদ্যালয়ৰ এখন পুস্তিকা প্ৰেৰণ কৰিছিল। ১৯১৫ চনৰ ডিচেম্বৰ মাহত বোম্বেত অনুষ্ঠিত ৰাষ্ট্ৰীয় সমাজ সংস্কাৰ কংগ্ৰেছত তেওঁ নিজৰ সপোন বাস্তৱায়িত কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে। ১৯১৬ চনত ২ জুলাই তাৰিখে পাঁচ গৰাকী ছাত্ৰীৰে প্ৰথম মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হয়। তেওঁ ইয়াৰ বাবে প্ৰয়োজনীয় চৰকাৰী অনুমতি আৰু পুঁজিৰ বাবে অপেক্ষা কৰা নাছিল। ১৯২০ চনত বিশ্ববিদ্যালয়ৰ নাম আনুষ্ঠানিক ভাৱে শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় কৰা হৈছিল।[3]

১৯৩৬ চনত ইয়াৰ মুখ্য কাৰ্যালয় বোম্বেলৈ স্থানান্তৰ কৰা হয়। ১৯৫১ চনত বিশ্ববিদ্যালয়খন আইনৰ অধীনত আহে। ই গোটেই ভাৰততে মহাবিদ্যালয় অন্তৰ্ভূক্ত কৰিব পৰা বিশেষ অধিকাৰ লাভ কৰে। ২০১৬ চনৰ ৫ জুলাই তাৰিখে বিশ্ববিদ্যালয়খনে ১০০ বছৰ সম্পূৰ্ণ কৰে। ই ভাৰত তথা দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি মহিলা বিশ্ববিদ্যালয়।

তেওঁ দুখন আত্মজীৱনী ৰচনা কৰিছিল। প্ৰথমখন ১৯২৮ চনত প্ৰকাশিত মাৰাঠী ভাষাৰ "অমৰত্ব" আৰু দ্বিতীয়খন ১৯৩৬ চনত প্ৰকাশিত ইংৰাজী ভাষাৰ ল"লুকিং বেক"। ১৯৬২ চনৰ ৯ নৱেম্বৰ তাৰিখে মহাৰাষ্ট্ৰৰ পুণেত তেওঁৰ মৃত্যু হয়।

ব্যক্তিগত জীৱনসম্পাদনা কৰক

ধন্দ কেশৱ কৰ্ৱেৰ দুগৰাকী পত্নী আছিল। ৰাধাবাঈ আৰু গংগুবাঈ তেওঁৰ পত্নী। তেওঁলোকৰ চাৰিজন পুত্ৰ ক্ৰমে ৰঘুনাথ কৰ্ৱে, শংকৰ কৰ্ৱে, দিনকৰ কৰ্ৱে আৰু ভাস্কৰ কৰ্ৱে।

বঁটা আৰু সন্মানসম্পাদনা কৰক

তথ্য উৎসসম্পাদনা কৰক