নংশ্বাবা
নংশ্বাবা (ইংৰাজী: Nongshaba) বা কংলাশ্বা পাৰম্পৰিক মণিপুৰী লোকধৰ্ম সনামহীৰ লগতে মণিপুৰী পৌৰাণিক কাহিনীত সিংহসদৃশ ড্ৰেগন ঈশ্বৰ।[1][2][3] তেওঁক নিংথৌজা ৰাজবংশৰ লগতে মইলাং ৰাজবংশ মানুহে উপাসনা কৰে।[4] তেওঁক অনাদিকালৰ পৰা কংলেইপাকত (বৰ্তমানৰ মণিপুৰ) উমাং লাই বা পৱিত্ৰ বনাঞ্চলৰ সৈতে সম্পৰ্কিত দেৱতাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে উপাসনা কৰা হয়। নংশ্বাবাৰ এযোৰ বিশাল মূৰ্তি এতিয়াও মণিপুৰৰ কংলা প্ৰাসাদৰ ভিতৰত আছে।[3][5][6] নংশ্বাবা দেৱতাক মণ্টক গাওঁবাসীয়ে বিশেষকৈ গ্ৰীষ্মকালত দীৰ্ঘ জীৱনৰ আশিস বিচাৰি পূজা-উপাসনা কৰে।[7]
নংশ্বাবা কংলা শ্বা | |
---|---|
ড্ৰেগন সিংহ ঈশ্বৰ[1][2][3] | |
উমাং লাই আৰু মেইতেই দেৱ-দেৱীসকলৰ সদস্য-ৰ সদস্য | |
সম্পৰ্ক | সনামহী ধৰ্ম আৰু মণিপুৰী পৌৰাণিক কাহিনী |
পাঠ্য | পুয়া |
নংশ্বাবাক মণিপুৰ চৰকাৰৰ ৰাজ্যিক প্ৰতীকত অন্তৰ্ভুক্ত কৰা হৈছে।
ইতিহাস
সম্পাদনা কৰকনংশ্বাবাক দুজন মানুহে মইৰাঙৰ পৰা নিংথৌজা ৰাজবংশৰ ৰাজ্যলৈ আনিছিল। ৰজা খাগেম্বাই তেওঁৰ প্ৰতি উৎসৰ্গিত মন্দিৰ এটা নিৰ্মাণ কৰি পূজা কৰিছিল।[8] তেওঁৰ ৰাজত্বকালতেই ৰাজকীয় পৃষ্ঠপোষকতাত নংশ্বাবাৰ গুৰুত্ব আৰু জনপ্ৰিয়তা বৃদ্ধি পাইছিল।[9]
পৌৰাণিক কাহিনী
সম্পাদনা কৰকমণিপুৰী পৌৰাণিক কাহিনীত তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা আটিংকোক মাৰু চিদাবাৰ তিনিজন পুত্ৰৰ ভিতৰত এজন। তেওঁ লাইনিংথৌ সনামাহী আৰু পাখংবৰ ভাতৃ।
নংশ্বাবা লাইহুই পুয়া বিশ্বব্ৰহ্মাণ্ডৰ গৰাকীৰ দ্বিতীয় পুত্ৰ নংশ্বাবা বা কংলাশ্বাৰ বিষয়ে লিখা এখন মেইতেই মণিপুৰী শাস্ত্ৰ। তেওঁক "থলবু চিংলেন নংদাই নিংথৌ" বুলিও জনা যায়। তেওঁক বিশ্বব্ৰহ্মাণ্ড সৃষ্টিত অৱদান আগবঢ়োৱা বা এক মহান ভূমিকা লোৱা বুলি কোৱা নহয়। এই বিশাল কামটো সম্পাদন কৰোঁতে তেওঁৰ ডাঙৰ ভায়েক আচিবাক সহায় কৰা বুলিও কোৱা নহয়।
তেওঁৰ দুয়োগৰাকী ভাতৃৰ দৰে তেওঁ মেইতেই মণিপুৰী পাৰম্পৰিক লোকধৰ্মত ওখ স্থান দখল নকৰে। অৱশ্যে পিছলৈ ক্ৰমান্বয়ে মণিপুৰী ৰজাসকলে ৰাজকীয় চৌহদত তেওঁৰ নামত মন্দিৰ উৎসৰ্গা কৰিছিল। তেওঁৰ সৰু ভায়েক পাখাংবৰ দৰে নংচাবাৰ কোনো মানৱ বংশধৰ নাই। পাখংব লাইহুই আৰু সনামাহী লাইহুই নামৰ মণিপুৰী শাস্ত্ৰৰ বৰ্ণনা অনুসৰি নংশ্বাবা তেওঁৰ ডাঙৰ ভায়েক সনামাহীৰ দৰে মানৱ ৰূপত প্ৰকাশ নকৰে।
ভাস্কৰ্য
সম্পাদনা কৰকমণিপুৰৰ কংলা প্ৰাসাদত কংলাশ্বা বা নংশ্বাবাৰ কিছুমান গুৰুত্বপূৰ্ণ ভাস্কৰ্য পোৱা গৈছিল। দুৰ্ভাগ্যবশতঃ ১৮৯১ চনৰ ২০ জুন তাৰিখে কংলা প্ৰাসাদক নিজৰ অধীনলৈ অনা সময়ত ব্ৰিটিছ বিষয়াসকলে ভাস্কৰ্যসমূহ ধ্বংস কৰিছিল।[10] ১৯৪৭ চনত ভাৰতে স্বাধীনতা অৰ্জন কৰাৰ পিছত নংশ্বাবাৰ গাঁথনিসমূহ ইটা আৰু কংক্ৰিটৰে পুনৰ নিৰ্মাণ কৰা হয়।[10][5][11]
নংশ্বাবা বা কংলাশ্বা মণিপুৰ চৰকাৰৰ ৰাজ্যিক প্ৰতীকত অন্তৰ্ভুক্ত কৰা হৈছে।[12] ১৯৮০ চনৰ ১৮ ডিচেম্বৰত মণিপুৰ ৰাজ্য চৰকাৰে ইয়াক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল। ইম্ফলৰ কংলা প্ৰসাদত অৱস্থিত কংলাশ্বাৰ মূৰ্তিৰ পৰা ইয়াৰ আৰ্হি গ্ৰহণ কৰা হৈছিল। প্ৰতীকৰ তলত মেইতেই ভাষাত কংলাশ্বা লিখা আছে।
চিত্ৰ বিথিকা
সম্পাদনা কৰক-
কংলাশ্বাৰ মূৰ্তি
-
শীৰ্ষত কংলাশ্বাৰ মূৰ্তিৰ সৈতে ছহিদ মিনাৰ
-
কংলা প্ৰসাদ, ইম্ফল
-
১৮৯১ চনত ব্ৰিটিছ বাহিনীৰ দ্বাৰা ধ্বংস কৰাৰ আগতে কংলাশ্বাৰ এযোৰ মূৰ্তি
-
পুনৰুদ্ধাৰৰ অধীনত কংলাশ্বাৰ মূৰ্তিসমূহ
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 Internationales Asien Forum: International quarterly for Asian studies. 1989. https://books.google.com/books?id=f3AMAQAAMAAJ&q=lainingthou+nongsaba.
- ↑ 2.0 2.1 Singh, Moirangthem Kirti (1993). Folk Culture of Manipur. ISBN 9788170490630. https://books.google.com/books?id=q5eBAAAAMAAJ&q=nongshaba.
- ↑ 3.0 3.1 3.2 Lisam, Khomdan Singh (2011). Encyclopaedia of Manipur (3 Vol.). ISBN 9788178358642. https://books.google.com/books?id=Z6d-IyINtk4C&q=kanglasha&pg=PA582.
- ↑ Joykumar Singh, N. (2006). Ethnic Relations Among the People of North-East India. ISBN 9788183700818. https://books.google.com/books?id=F1luAAAAMAAJ&q=nongshaba.
- ↑ 5.0 5.1 "Kanglasha by Prabin Pebam on Dribbble". Dribbble.com. 2013-01-09. https://dribbble.com/shots/887063-Kanglasha। আহৰণ কৰা হৈছে: 2020-01-16.
- ↑ "Rediscovering a heritage". Frontline.thehindu.com. https://frontline.thehindu.com/static/html/fl2218/stories/20050909000106500.htm। আহৰণ কৰা হৈছে: 2020-01-16.[সংযোগবিহীন উৎস]
- ↑ Vanyajāti. 2004. https://books.google.com/books?id=_BtuAAAAMAAJ&q=nongsaba.
- ↑ Bahadur, Mutua (1986). Epigraphical Records of Manipur. https://books.google.com/books?id=af4dAAAAMAAJ&q=nongsaba.
- ↑ Birajit, Soibam (December 2014). Meeyamgi Kholao: Sprout of Consciousness. https://books.google.com/books?id=PgHgCwAAQBAJ&q=nongsaba&pg=PA110.
- ↑ 10.0 10.1 "Kanglasha model bombarded : 10th dec08 ~ E-Pao! Headlines". e-pao.net. http://e-pao.net/GP.asp?src=8..101208.dec08.
- ↑ "Kanglasha : E-Pao YellOut". E-pao.net. 2009-06-05. http://e-pao.net/yellout/Kanglasha/। আহৰণ কৰা হৈছে: 2020-01-16.
- ↑ "The Improper Use of the State Emblem of India in Manipur". Archived from the original on 2018-10-11. https://web.archive.org/web/20181011214521/https://www.ifp.co.in/page/items/51334/the-improper-use-of-the-state-emblem-of-india-in-manipur/। আহৰণ কৰা হৈছে: 2022-03-09.