পঞ্চায়তী ৰাজ

ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা এক ৰাজনৈতিক ব্যৱস্থা

পঞ্চায়তী ৰাজ (ইংৰাজী: Panchayati raj) ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা এক ৰাজনৈতিক ব্যৱস্থা। এই ৰাজনৈতিক ব্যৱস্থা স্থানীয় শাসনৰ অন্যতম নিদৰ্শন। এই ব্যৱস্থা প্ৰধানকৈ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু নেপালত দেখা যায়।[1] ই ভাৰতীয় উপমহাদেশৰ স্থানীয় চৰকাৰৰ অন্যতম পুৰণি ব্যৱস্থা আৰু ইয়াৰ ঐতিহাসিক উল্লেখ ২৫০ খ্ৰীষ্টাব্দৰ পৰা পোৱা যায়।[2] আক্ষৰিক ভাবে ৰাজ শব্দৰ অৰ্থ "শাসন" আৰু পঞ্চায়তৰ অৰ্থ পাঁচ (পঞ্চ)ৰ "সমাবেশ" (আয়ত)। পৰম্পৰাগতভাৱে পঞ্চায়তসমূহ স্থানীয় সমাজে নিৰ্বাচিত আৰু গ্ৰহণ কৰা জ্ঞানী আৰু সন্মানীয় বয়োজ্যেষ্ঠসকলেৰে গঠিত আছিল। পৰম্পৰাগত পঞ্চায়তে ব্যক্তি আৰু গাঁও উভয়ৰে মাজত বিবাদ নিষ্পত্তি কৰিছিল। অৱশ্যে ঠাইভেদে এনে সমাবেশৰ ৰূপ ভিন্ন আছিল।

কেৰালাৰ মুহাম্মাত অৱস্থিত এটা পঞ্চায়ত কাৰ্যালয়

পঞ্চায়তৰ নেতাক প্ৰায়ে সভাপতি, মুখীয়া, সৰ্পঞ্চ বা প্ৰধান বুলি কোৱা হৈছিল। এই পদ ৰাইজৰ পৰা নিৰ্বাচিত বা সাধাৰণতে স্বীকৃতিপ্ৰাপ্ত পদ। ভাৰতৰ আধুনিক পঞ্চায়তীৰাজ ব্যৱস্থা আৰু ইয়াৰ গাঁও পঞ্চায়তসমূহ পৰম্পৰাগত ব্যৱস্থাৰ সৈতে বহু ক্ষেত্ৰত মিল দেখা যায় যদিও দুয়ো ব্যৱস্থা সম্পূৰ্ণৰূপে একে নহয়। সেইদৰে উত্তৰ ভাৰতৰ কিছু অংশত দেখা সাংবিধানিক বহিৰ্ভূত খাপ পঞ্চায়ত (বা জাতি পঞ্চায়ত) সমূহো আধুনিক ব্যৱস্থাৰ ব্যতিক্ৰম।[3]

মধ্য প্ৰদেশৰ নৰসিংহগড়ৰ ওচৰৰ মুকলি পঞ্চায়ত

মহাত্মা গান্ধীয়ে পঞ্চায়তী ৰাজক ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ ভেটি হিচাপে পোষকতা কৰিছিল। তেওঁৰ মতে "ই এক বিকেন্দ্ৰীকৃত চৰকাৰ হ'লহেঁতেন, য'ত প্ৰতিখন গাঁৱে নিজৰ নিজৰ কাম-কাজৰ বাবে দায়বদ্ধ হ'লহেঁতেন।" [4][5] এনে দৃষ্টিভংগীৰ বাবে তেওঁ গ্ৰাম স্বৰাজ ("গাঁৱৰ আত্মশাসন") শব্দ ব্যৱহাৰ কৰিছিল। বৰ্তমান ভাৰতীয় শাসন ব্যৱস্থাৰ চৰকাৰৰ এক অতি কেন্দ্ৰীভূত ব্যৱস্থা।[6] তথাপিও চৰকাৰৰ স্থানীয় পৰ্যায়লৈ কেইবাটাও প্ৰশাসনিক গোটৰ প্ৰতিনিধিত্ব কৰি নিৰ্বাচিত গাঁও পঞ্চায়তসমূহক ক্ষমতা প্ৰদান কৰা হৈছে।[7]

জৱাহৰলাল নেহৰুৱে ১৯৫৯ চনৰ ২ অক্টোবৰ তৰিখে ৰাজস্থানৰ নগৌৰত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ উদ্বোধন কৰিছিল। মহাত্মা গান্ধীৰ জন্মদিন গান্ধী জয়ন্তীৰ উপলক্ষে এই দিৱস বাছনি কৰা হৈছিল। গান্ধীয়ে পঞ্চায়তীৰাজৰ জৰিয়তে গ্ৰাম স্বৰাজ বিচাৰিছিল।[8][9] ১৯৯২ চনত এই ব্যৱস্থাৰ সংশোধন কৰা হয়।[10]

ইতিহাস সম্পাদনা কৰক

প্ৰায় খ্ৰীষ্টপূৰ্ব ১৭০০ বছৰ পুৰণি বৈদিক সাহিত্যৰ সৰ্বপ্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ ঋকবেদত 'সভা' নামৰ স্ব-শাসিত গাঁও সংস্থাৰ অস্তিত্ব আছিল বুলি প্ৰমাণ পোৱা গৈছে।[11] সময়ৰ লগে লগে এই শাসন একক সমূহ পঞ্চায়ত (পাঁচজনীয়া পৰিষদ) হৈ পৰিল। প্ৰায় প্ৰতিখন গাঁৱতে পঞ্চায়ত তৃণমূল পৰ্যায়ৰ শাসনৰ কাৰ্যকৰী প্ৰতিষ্ঠান আছিল। গাঁও পঞ্চায়ত বা নিৰ্বাচিত পৰিষদ গাঁৱৰ পৰিসীমাৰ ভিতৰত কাৰ্যবাহী আৰু ন্যায়িক দুয়োটা দিশ চোৱা-চিতা কৰিছিল। এই পঞ্চায়তখনে গাঁওবাসীৰ মাজত মাটিৰ বিতৰণ কৰিছিল আৰু উৎপাদিত সামগ্ৰীৰ পৰা কৰ সংগ্ৰহ কৰি গাঁৱৰ হৈ অন্তৰ্ভুক্ত ৰাজতান্ত্ৰিক চৰকাৰকক কৰৰ অংশ দিছিল। পিছলৈ এই ব্যৱস্থা বহুস্তৰীয় পৰ্য্যায়ত উপনীত হয়। এনে কেইবাখনো গাঁও পৰিষদৰ ওপৰত এটা বৃহৎ পঞ্চায়ত বা পৰিষদ আছিল। এই বৃহৎ পঞ্চায়ত খনে ইয়াৰ তলতীয়া গাঁও পৰিষদ সমূহক তদাৰক কৰিছিল আৰু প্ৰয়োজন হ'লে কাৰ্যবাহী আৰু ন্যায়িক ব্যৱস্থাত হস্তক্ষেপ কৰিছিল।[12] মধ্যযুগীয় যুগত মোগল শাসনৰ অধীনত জাতিবাদ আৰু সামন্তবাদী শাসন ব্যৱস্থাই লাহে লাহে গাঁৱে-ভূঞে স্বশাসন ব্যৱস্থা দুৰ্বল হৈ পৰিল। শাসক আৰু জনসাধাৰণৰ মাজত সামন্তীয় মুখিয়াল আৰু ৰাজহ সংগ্ৰাহক (জমিদাৰ)ৰ এক নতুন শ্ৰেণীৰ উত্থান ঘটিল। তেনেকৈয়ে গাঁৱে-ভূঞে স্বশাসনৰ ব্যৱস্থাৰ অৱনতি ঘটিল।

মধ্যযুগীয় দক্ষিণ ভাৰতীয় গাঁও পৰিষদ এখনে কেনেদৰে কাম কৰিছিল তাৰ বিশদ বিৱৰণ চেন্নাইৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ পশ্চিমে তামিলনাডুৰ এখন গাঁও উথিৰামেৰুৰৰ মন্দিৰৰ দেৱালত খোদিত কৰা হৈছিল। ত্ৰিশজন পৰিষদীয় সদস্যসকল লটাৰীৰ জৰিয়তে বাছনি কৰা হৈছিল। ভাল চৰিত্ৰৰ, মাটিৰ মালিকীস্বত্ব থকা আৰু হিন্দু শাস্ত্ৰৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি একাধিক যোগ্যতাৰ আধাৰত পুৰুষসকলক পৰিষদীয় নিৰ্বাচনৰ বাবে বাছনি কৰা হৈছিল। তাৰ পিছত তেওঁলোকক জলসিঞ্চনৰ কাম, বাগিচা আদি বিষয়ৰ দায়িত্বত থকা বিভিন্ন কমিটীত নিযুক্তি দিয়া হৈছিল।[13]

ব্ৰিটিছ ৰাজ সম্পাদনা কৰক

ব্ৰিটিছ ৰাজৰ সময়ত ব্ৰিটিছসকলে সাধাৰণতে স্থানীয় প্ৰশাসনৰ গুৰুত্ব প্ৰদান কৰা নাছিল। তেওঁলোকে স্থানীয় শাসকসকলৰ ওপৰত এৰি দিছিল আৰু সেয়েহে বৰ্তমানৰ পঞ্চায়তী ব্যৱস্থাত হস্তক্ষেপ কৰা নাছিল। তেওঁলোকে স্থানীয় শাসকসকলক স্থানীয় পৰ্যায়ত অধিক গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ কথা বিবেচনা কৰিবলৈও প্ৰৰোচিত কৰা নাছিল।[14] ভাৰতীয় স্থানীয় শাসকসকলে ‘নিয়ন্ত্ৰিত’ স্থানীয় সংস্থা সৃষ্টিৰ প্ৰতি আগ্ৰহী আছিল। তেওঁলোকৰ বাবে কৰ সংগ্ৰহ কৰি তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থত সহায় কৰিবলৈ এনে সংস্থাৰ গঠন কৰা হৈছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত যেতিয়া ঔপনিৱেশিক প্ৰশাসন তীব্ৰ আৰ্থিক হেঁচাত পৰিছিল, তেতিয়া পথ আৰু ৰাজহুৱা কামৰ দায়িত্ব স্থানীয় সংস্থাসমূহৰ হাতলৈ হস্তান্তৰ কৰি বিকেন্দ্ৰীকৰণৰ সন্ধান কৰা হৈছিল। কিন্তু এই ‘বাধ্য’ বিকেন্দ্ৰীকৰণৰ ধাৰা পৌৰসভা প্ৰশাসনৰ আলমত গঢ়ি তোলা হৈছিল।

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৭৬৫ চনত বাক্সাৰত পৰাজয়ৰ পিছত ক্ষতিপূৰণৰ অংশ হিচাপে নবাবে বংগত দেৱানৰ কাৰ্যালয় প্ৰদান কৰাত পঞ্চায়তখন ধ্বংস কৰি পেলায়। দেৱান হিচাপে কোম্পানীয়ে দুটা সিদ্ধান্ত লৈছিল। প্ৰথমটো হ’ল গাঁৱৰ ভূমি অভিলেখৰ কাৰ্যালয়টো বাতিল কৰি পাটোৱাৰী নামৰ কোম্পানীটোৰ এজন বিষয়াৰ সৃষ্টি কৰা। পাটোৱাৰীসকল কেইবাখনো গাঁৱৰ চৰকাৰী অভিলেখৰ ৰক্ষক হৈ পৰে। দ্বিতীয়টো আছিল দণ্ডাধীশৰ কাৰ্যালয় সৃষ্টি আৰু গাঁও আৰক্ষী ব্যৱস্থাৰ বিলুপ্ত কৰা। দণ্ডাধীশে ফৌজদাৰৰ অধীনত সদায় ৰাজ্যিক কাৰ্যকৰী হৈ থকা দাৰোগাৰ জৰিয়তে আইনী কাম-কাজ চলাইছিল। এই ব্যৱস্থাসমূহৰ প্ৰধান উদ্দেশ্য আছিল আইনী ব্যৱস্থাৰ জৰিয়তে ভূমি ৰাজহ সংগ্ৰহ কৰা। পাটোৱাৰী আৰু দাৰোগাৰ লুণ্ঠনৰ ফলত বংগৰ আটাইতকৈ ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। ১৮ শতিকাৰ শেষলৈকে দুৰ্ভিক্ষৰ প্ৰভাৱ ৰৈ গৈছিল। এই দুটা ব্যৱস্থাই গাঁওবাসীক সম্পূৰ্ণৰূপে অক্ষম কৰি পাৰম্পৰিক পঞ্চায়ত ব্যৱস্থা ধ্বংস কৰি পেলালে। ১৮৫৭ চনৰ পিছত ইংৰাজে পঞ্চায়তক সৰু সৰু অপৰাধৰ বিচাৰ আৰু গাঁৱৰ বিবাদ নিষ্পত্তিৰ ক্ষমতা প্ৰদান কৰি পুনৰুদ্ধাৰৰ চেষ্টা কৰিছিল। কিন্তু ই গাঁওসমূহে হেৰুৱা ক্ষমতা পুনৰ ঘূৰাই দিয়া নাছিল।[15]

মানুহৰ চাহিদা পূৰণৰ ক্ষেত্ৰত প্ৰশাসনিক দক্ষতা আনিবলৈ আৰু ঔপনিৱেশিক শাসন ব্যৱস্থাৰ বিত্তীয় দিশত যোগ দিবলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে ভাইচৰয়ৰ লৰ্ড মেয়’ৰ প্ৰস্তাৱে ১৮৭০ চনৰ পৰা স্থানীয় প্ৰতিষ্ঠানসমূহৰ উন্নয়নত প্ৰয়োজনীয় গতি প্ৰদান কৰিছিল। স্থানীয় চৰকাৰৰ প্ৰতি ঔপনিৱেশিক নীতিৰ বিৱৰ্তনৰ ক্ষেত্ৰত ই মাইলৰ খুঁটি স্বৰূপ আছিল। বিকেন্দ্ৰীকৰণৰ চৰকাৰী নীতিৰ প্ৰকৃত মাপকাঠি অৱশ্যে লৰ্ড ৰিপনৰ কাৰ্যকালত নিৰ্ণয় কৰা হয়। তেওঁ ১৮৮২ চনৰ ১৮ মে’ত স্থানীয় স্বশাসনৰ ওপৰত তেওঁৰ বিখ্যাত প্ৰস্তাৱত স্থানীয় চৰকাৰৰ দ্বৈত বিবেচনাক স্বীকৃতি দিছিল। সেই দুটা বিষয় হৈছে (ক) প্ৰশাসনিক দক্ষতা আৰু... (খ) ৰাজনৈতিক শিক্ষা। চহৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰিপন বিশ্লেষণত নিৰ্বাচিত বেচৰকাৰী সদস্যৰ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে গঠিত আৰু এজন বেচৰকাৰী অধ্যক্ষৰ সভাপতিত্বত স্থানীয় সংস্থাৰ ব্যৱস্থা কৰা হৈছিল। এই প্ৰস্তাৱটোৱে ঔপনিৱেশিক প্ৰশাসকৰ প্ৰতিৰোধৰ সন্মুখীন হ’বলগীয়া হৈছিল। স্থানীয় স্বায়ত্ত্ব শাসনৰ অগ্ৰগতি শামুকীয়া গতিত চলিছিল আৰু পৌৰসভাৰ সংস্থা গঠনৰ ক্ষেত্ৰত নামমাত্ৰ পদক্ষেপহে লোৱা হৈছিল। গ্ৰাম্য বিকেন্দ্ৰীকৰণ প্ৰশাসনিক সংস্কাৰৰ এক অৱহেলিত ক্ষেত্ৰ হৈয়েই থাকিল।[16]

ছাৰ এইচ.ডব্লিউ. প্ৰাইমৰোজৰ অধ্যক্ষতাত ৰয়েল কমিছন অন ডিচেণ্ট্ৰেলাইজেচন (১৯০৭)-এ গাঁও পৰ্যায়ত পঞ্চায়তৰ গুৰুত্ব স্বীকাৰ কৰিছিল। আয়োগে পৰামৰ্শ দিছিল যে "বিকেন্দ্ৰীকৰণৰ স্বাৰ্থত আৰু প্ৰশাসনৰ স্থানীয় কাম-কাজৰ সৈতে জনসাধাৰণক সংযোগ কৰাৰ স্বাৰ্থত স্থানীয় গাঁৱৰ কাম-কাজৰ প্ৰশাসনৰ বাবে গ্ৰাম পঞ্চায়ত গঠন আৰু উন্নয়নৰ প্ৰচেষ্টা চলোৱাটো অতি বাঞ্ছনীয়।" [17]

কিন্তু মণ্টেগ-চেমছফৰ্ড সংস্কাৰে (১৯১৯) স্থানীয় স্বায়ত্ত্ব শাসনক প্ৰাদেশিক হস্তান্তৰিত বিষয় হিচাপে প্ৰদেশসমূহৰ ভাৰতীয় মন্ত্ৰীসকলৰ অধীনলৈ লৈ আনে। সাংগঠনিক আৰু বিত্তীয় বাধাৰ বাবে এই সংস্কাৰে পঞ্চায়ত অনুষ্ঠানসমূহক সঁচা অৰ্থত গণতান্ত্ৰিক আৰু সজীৱ কৰি তুলিব পৰা নাছিল। কিন্তু এই সময়ছোৱাৰ আটাইতকৈ উল্লেখযোগ্য বিকাশ আছিল যে ‘কেইবাখনো প্ৰদেশত গাঁও পঞ্চায়ত স্থাপন কৰা, হৈছিল। এই পঞ্চায়ত সমূহ কেৱল তদৰ্থ ন্যায়িক ন্যায়াধিকৰণ নাছিল, বৰঞ্চ নাগৰিকৰ ক্ষেত্ৰত গাঁওখনৰ নিগমীয় চৰিত্ৰক মূৰ্ত কৰি তোলা প্ৰতীক আৰু সন্মানৰ ক্ষেত্ৰত বহল অধিকাৰক্ষেত্ৰ থকা প্ৰতিনিধিত্বমূলক প্ৰতিষ্ঠান। ১৯২৫ চনলৈকে আঠখন প্ৰদেশে পঞ্চায়ত আইন গৃহীত কৰিছিল আৰু ১৯২৬ চনলৈকে ছখন স্থানীয় ৰাজ্যইও পঞ্চায়ত আইন গৃহীত কৰিছিল।

ভাৰত চৰকাৰ আইন, ১৯৩৫ৰ অধীনত প্ৰাদেশিক স্বায়ত্তশাসনৰ ফলত ভাৰতত পঞ্চায়তসমূহৰ বিৱৰ্তন ঘটিছিল। প্ৰদেশসমূহৰ জনপ্ৰিয়ভাৱে নিৰ্বাচিত চৰকাৰসমূহে স্থানীয় স্বায়ত্ত্ব শাসনৰ প্ৰতিষ্ঠানসমূহক অধিক গণতান্ত্ৰিক কৰাৰ বাবে আইন প্ৰণয়ন কৰিছিল। কিন্তু তৃণমূল পৰ্যায়ৰ দায়িত্বশীল চৰকাৰৰ ব্যৱস্থাটোৱেই আছিল কম দায়বদ্ধ। কেন্দ্ৰীয় প্ৰদেশসমূহত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত স্থানীয় স্বশাসনৰ তদানীন্তন মন্ত্ৰী ডি. পি. মিশ্ৰৰ মত আছিল যে ‘আমাৰ স্থানীয় সংস্থাসমূহৰ কাম-কাজ... আমাৰ প্ৰদেশত আৰু হয়তো সমগ্ৰ দেশতে এক কৰুণ ছবি দাঙি ধৰে। .. 'অদক্ষতা' আৰু 'স্থানীয় সংস্থা' সমাৰ্থক শব্দ হৈ পৰিছে....'।[18]

ৰয়েল কমিছন অন ডিচেণ্ট্ৰেলাইজেচন (১৯০৭), মণ্টেগ আৰু কেমছফৰ্ডৰ সাংবিধানিক সংস্কাৰৰ প্ৰতিবেদন (১৯১৯), ভাৰত চৰকাৰৰ ৰিজ’লিউচন (১৯১৯) আদি বিভিন্ন সমিতিৰ সত্ত্বেও তত্ত্বাৱধান আৰু নিয়ন্ত্ৰণৰ ওপৰত ভিত্তি কৰি এক স্তৰভিত্তিক প্ৰশাসনিক গাঁথনি বিকশিত হৈছিল। প্ৰশাসকজন গ্ৰাম্য শাসনৰ কেন্দ্ৰবিন্দু হৈ পৰিল। ব্ৰিটিছে বিকেন্দ্ৰীকৃত গণতন্ত্ৰৰ প্ৰতি কোনো গুৰুত্ব নাছিল বৰঞ্চ ঔপনিৱেশিক উদ্দেশ্যৰ পূৰ্তি তেওঁলোকৰ মুখ্য লক্ষ্য আছিল।[19]

স্বৰাজৰ উন্মেষ সম্পাদনা কৰক

১৯২০ চনৰ পৰা ১৯৪৭ চনলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বভাৰতীয় পৰ্যায়ত স্বৰাজৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতাৰ বাবে দেশজুৰি আন্দোলন সংগঠিত কৰিছিল। ফলত স্থানীয় পৰ্যায়ত যিকোনো ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ কাম অৱহেলিত হৈ পৰিল। গ্ৰাম্য স্থানীয় স্বশাসনৰ প্ৰতিষ্ঠানটোক কিমান মৰ্যাদা আৰু ভূমিকা প্ৰদান কৰা হ’ব সেই সম্পৰ্কে শীৰ্ষ নেতাসকলৰ মাজত কোনো একমত নাছিল। বৰঞ্চ বিষয়টোৰ ওপৰত ভিন্ন জনে ভিন্ন মত পোষণ কৰিছিল। এফালে গান্ধীয়ে গ্ৰাম স্বৰাজ আৰু গাঁও পঞ্চায়তক সম্পূৰ্ণৰূপে শক্তিশালী কৰাৰ পক্ষপাতী আৰু আনটো মূৰে ড° বি.আৰ. আম্বেদকাৰে এই ধাৰণাটোৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে এই ব্যৱস্থা পৰম্পৰাগত সামাজিক অত্যাচাৰৰ উৎস আৰু ই পশ্চাদপসৰণশীল ভাৰতক প্ৰতিনিধিত্ব কৰে। সেয়েহে আদৰ্শ ৰাষ্ট্ৰই এনে সামাজিক অত্যাচাৰৰ বিৰুদ্ধে সুৰক্ষাৰ ব্যৱস্থা গঢ়ি তুলিবলগীয়া হৈছিল। ইয়াৰ একমাত্ৰ উপায় আছিল ৰাজনীতিৰ সংসদীয় আৰ্হি গ্ৰহণ কৰা।[20] ভাৰতৰ সংবিধানৰ খচৰা প্ৰণয়নৰ সময়ত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক ভাৰতৰ সংবিধানৰ অন্যায্য অংশ অৰ্থাৎ ৰাজ্যৰ বাবে নিৰ্দেশাত্মক নীতিৰ ৪০ নং অনুচ্ছেদ হিচাপে স্থান দিয়া হৈছিল। এই প্ৰতিষ্ঠানসমূহ স্থানীয় স্বায়ত্ত্ব শাসনৰ একক হিচাপে কাম কৰিবলৈ সক্ষম কৰিবলৈ প্ৰয়োজনীয় ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰা হৈছে। কিন্তু ইয়াক কাৰ্যকৰী কৰিবলৈ ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়তো কোনো উল্লেখযোগ্য আইন প্ৰণয়ন কৰা হোৱা নাছিল।

স্বাধীনতা-উত্তৰ কাল সম্পাদনা কৰক

প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই পৰিকল্পনা প্ৰণয়ন ৰূপায়ণ আৰু নিৰীক্ষণকে ধৰি পৰিকল্পনা প্ৰক্ৰিয়াত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ প্ৰাপ্ত কৰিব নোৱাৰিলে। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত ব্লক উন্নয়ন বিষয়া, সহকাৰী উন্নয়ন বিষয়া, গাঁও পৰ্যায়ৰ কৰ্মী, সেই অঞ্চলৰ গ্ৰাম পঞ্চায়তৰ মনোনীত প্ৰতিনিধি আৰু সমবায়ৰ দৰে আন কিছুমান জনপ্ৰিয় সংগঠনৰ প্ৰতিষ্ঠানৰ জৰিয়তে সমগ্ৰ গ্ৰাম্য অঞ্চলক ৰাষ্ট্ৰীয় ব্যাপক সেৱা ব্লকেৰে সামৰি লোৱাৰ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল। কিন্তু এই পৰিকল্পনায়ে সন্তোষজনকভাৱে বিকেন্দ্ৰীকৰণ সম্পূৰ্ণ কৰাত ব্যৰ্থ হয়। সেয়ে বিকেন্দ্ৰীকৰণৰ বিভিন্ন দিশত কেন্দ্ৰক পৰামৰ্শ দিবলৈ বিভিন্ন কৰ্তৃপক্ষই সমিতি গঠন কৰে।

অন্ততঃ আংশিকভাৱে তৃণমূল পৰ্যায়ত মানুহৰ প্ৰত্যক্ষ ৰাজনৈতিক অংশগ্ৰহণৰ গান্ধীবাদী লক্ষ্য প্ৰদানৰ বাবে ১৯৫৭ চনত ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদে বলৱণ্ত ৰায় মেহতাৰ অধীনত এখন সমিতি গঠন কৰে। ১৯৫৮ চনত এই সমিতিয়ে এক প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদন খনত জিলা পৰ্যায়ত জিলা পৰিষদ, ব্লক পৰ্যায়ত পঞ্চায়ত সমিতি আৰু গাঁও পৰ্যায়ত গ্ৰাম পঞ্চায়তৰে গঠিত তিনি স্তৰৰ গাঁথনিৰে পঞ্চায়তী ব্যৱস্থাৰ স্থাপনৰ পৰামৰ্শ দিয়া হয়।

১৯৫৯ চনৰ ২ অক্টোবৰ তাৰিখে ৰাজস্থানৰ নগৌৰত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পঞ্চায়তীৰাজ ব্যৱস্থাৰ উদ্বোধন কৰে। গান্ধীয়ে পঞ্চায়তীৰাজৰ জৰিয়তে গ্ৰাম স্বৰাজ বিচাৰিছিল।[8] ইয়াক কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য ৰাজস্থান আছিল। ১৯৫৯ চনৰ ১১ অক্টোবৰত দশহৰা উপলক্ষে নেহৰুৱে অন্ধ্ৰ প্ৰদেশত পঞ্চায়ত ৰাজ ব্যৱস্থা উদ্বোধন কৰে। ক্ৰমান্বয়ে সমগ্ৰ ভাৰততে এই ব্যৱস্থা প্ৰতিষ্ঠা কৰা হয়।[9]

ভাৰতৰ পঞ্চায়ত ব্যৱস্থাৰ পৰৱৰ্তী বৃহৎ পৰিৱৰ্তন ১৯৯২ চনত পঞ্চায়তীৰাজ আইন (সংবিধানৰ ৭৩ সংখ্যক সংশোধনী আইন) গৃহীত হোৱাৰ ৰূপত আহিছিল। এই আইনখনৰ এটা মূল প্ৰেৰণা আছিল যে কেন্দ্ৰীয়ভাৱে নিযুক্তি দিয়া আমোলাসকলতকৈ স্থানীয় চৰকাৰসমূহে গাঁৱৰ প্ৰয়োজনীয়তা চিনাক্ত কৰা আৰু তাৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত বেছি ফলপ্ৰসূ। সেয়েহে এই আইনখন ভাৰতৰ বিকেন্দ্ৰীকৰণৰ দিশত আগবাঢ়ি যোৱাৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়।

এই আইনখনৰ মূল বৈশিষ্ট্যসমূহ হ’ল- (ক) ২০ লাখতকৈ অধিক জনসংখ্যা থকা সকলো ৰাজ্যৰ বাবে পঞ্চায়তীৰাজৰ তিনি স্তৰৰ ব্যৱস্থা; (খ) প্ৰতি ৫ বছৰৰ মূৰে মূৰে নিয়মীয়াকৈ পঞ্চায়ত নিৰ্বাচন; (গ) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাৰ বাবে আসন সংৰক্ষণ কৰা (আসনৰ এক তৃতীয়াংশতকৈ কম নহয়); (ঘ) পঞ্চায়তসমূহৰ আৰ্থিক ক্ষমতাৰ সন্দৰ্ভত পৰামৰ্শ দিবলৈ ৰাজ্যিক বিত্ত আয়োগ নিযুক্তি। সেয়েহে তত্ত্বগতভাৱে পঞ্চায়তসমূহক স্থানীয় স্বায়ত্ত্ব শাসনৰ প্ৰতিষ্ঠান হিচাপে কাম কৰিবলৈ আৰু সামাজিক ন্যায়ত সহায় কৰিবলৈ পৰ্যাপ্ত কৰ্তৃত্ব দিয়া হৈছে।

তথ্য উৎস সম্পাদনা কৰক

  1. Although it is also found in other places such as Trinidad and Tobago. "The Panchayat system as an early form of conflict resolution in Trinidad. - GCSE History - Marked by Teachers.com". www.markedbyteachers.com. http://www.markedbyteachers.com/gcse/history/the-panchayat-system-as-an-early-form-of-conflict-resolution-in-trinidad.html.  "Carmona wants "Panchayat' system to resolve conflicts". Trinidad and Tobago Newsday. 30 May 2016. http://www.newsday.co.tt/news/0,228484.html.  "Return of the panchayat". Trinidad and Tobago Newsday. 12 May 2005. http://www.newsday.co.tt/news/0,27598.html. 
  2. P.B. Udgaonkar (1986), Political Institutions & Administration, Motilal Banarasidass Publishers, 1986, ISBN 978-81-20-82087-6, https://books.google.com/books?id=Jdoym34QydQC&pg=PA210, "... these popular courts are first mentioned by Yajnavalkya and then by Narada, Brishaspati, Somadeva and Sukra. These writers covered a period of about a thousand years, c. 100 to 1950 A.D., and they could not have mechanically referred to the popular courts if they were not actually functioning ..." 
  3. Mullick, Rohit; Raaj, Neelam (9 September 2007). "Panchayats turn into kangaroo courts". The Times of India. http://timesofindia.indiatimes.com/Opinion/Sunday_Specials/Panchayats_turn_into_kangaroo_courts/rssarticleshow/2351247.cms. 
  4. Sisodia, R. S. (1971). "Gandhiji's Vision of Panchayati Raj". Panchayat Aur Insan খণ্ড 3 (2): 9–10. 
  5. Sharma, Manohar Lal (1987). Gandhi and Democratic Decentralization in India. প্ৰকাশক New Delhi: Deep and Deep Publications. OCLC 17678104.  Hathi Trust copy, search only
  6. Hardgrave, Robert L.; Kochanek, Stanley A. (2008). India: Government and Politics in a Developing Nation (seventh সম্পাদনা). প্ৰকাশক Boston, Massachusetts: Thomson/Wadsworth. পৃষ্ঠা. 157. ISBN 978-0-495-00749-4. 
  7. Pellissery, S. (2007). "Do Multi-level Governance Meet Local Aspirations?". Asia Pacific Journal of Public Administration খণ্ড 28 (1): 28–40. 
  8. 8.0 8.1 Sharma, Shakuntla (1994). Grass Root Politics and Panchayati Raj. Deep & Deep Publications. পৃষ্ঠা. 131. https://books.google.com/books?id=wOotj52KG9QC. 
  9. 9.0 9.1 Singh, Surat (2004). Decentralised Governance in India: Myth and Reality. Deep & Deep Publications. পৃষ্ঠা. 74. ISBN 978-81-7629-577-2. https://books.google.com/books?id=e-4taHca3HQC. 
  10. Singh, Vijandra (2003). "Chapter 5: Panchayate Raj and Gandhi". Panchayati Raj and Village Development: Volume 3, Perspectives on Panchayati Raj Administration. Studies in public administration. প্ৰকাশক New Delhi: Sarup & Sons. পৃষ্ঠা. 84–90. ISBN 978-81-7625-392-5. 
  11. R. P. Joshi, G. S. Narwani (2002). Panchayat Raj in India: Emerging Trends Across the States. Rawat Publications. পৃষ্ঠা. 21. 
  12. Jawaharlal Nehru, (1964), The Discovery of India, Signet Press, Calcutta, p.288
  13. Abraham Eraly (2011). The First Spring: Life in the Golden Age of India. Penguin Books. পৃষ্ঠা. 184-186. ISBN 9780143424574. 
  14. George Mathew, Ed :Status of Panchayati Raj in the States and Union Territories of India 2000/edited by George Mathew. Delhi, Concept for Institute of Social Sciences, 2000,
  15. "MEASURES TO STRENGTHEN THE INDIAN ADMINISTRATION". https://shodhganga.inflibnet.ac.in/bitstream/10603/136758/10/10_chapter%205.pdf. 
  16. Report of the Royal-€OInmission on Decentralisation, 1907
  17. Report of the Royal-€OInmission on Decentralisation, 1907
  18. Venkatarangaiah, M. and M. Pattabhiram (1969), 'Local Government in India:Select Readings', Allied Publishers, New Delhi
  19. Venkatarangaiah, M. and M. Pattabhiram (1969), 'Local Government in India:Select Readings', Allied Publishers, New Delhi
  20. World Bank, (2000), Overview of Rural Decentralisation in India, Volume III, p. 18

বাহ্যিক সংযোগ সম্পাদনা কৰক