পাণবজাৰ অসমগুৱাহাটী মহানগৰৰ এক অঞ্চল। পল্টন বজাৰ, আমবাৰী, ফাঁচী বজাৰ আদি অঞ্চলবিলাক ওচৰা-ওচৰিকৈ অৱস্থিত। ব্ৰহ্মপুুত্ৰ নদীৰ দক্ষিণ পাৰত নগৰ কেন্দ্ৰৰ ই এক গুৰুত্বপূৰ্ণ অংশ।

স্থান সম্পাদনা কৰক

জিলা আদালত (কামৰূপ) এই অঞ্চলৰ এক প্ৰধান স্থান। অঞ্চলটোত বহু গ্ৰন্থাগাৰ, প্ৰধান চৰকাৰী কাৰ্যালয় আৰু দোকান অন্তৰ্ভুক্ত হৈ আছে। কিতাপৰ দোকানসমূহ পাণবজাৰৰ এক আকৰ্ষণ। ঔষধ আৰু ফাৰ্মাচিউটিকেল সামগ্ৰীৰ ই এক প্ৰধান পাইকাৰী বজাৰ আৰু মুদ্ৰণ তথা প্ৰকাশনৰ বাবে এটা কেন্দ্ৰ। কটন বিশ্ববিদ্যালয় ইয়াতে অৱস্থিত।

দীঘলী পুখুৰীৰ ওচৰত অসম আৰু উত্তৰ-পূব ভাৰত ঐতিহ্যবাহী শিল্পকলা তথা কাৰুশিল্পৰ পণ্যাগাৰ আছে। জিলা আদালতৰ কাষত কাছাৰী ঘাট এটা গুৰুত্বপূৰ্ণ স্থানীয় নদীবন্দৰ।

আকৰ্ষণীয় ঠাই সম্পাদনা কৰক

পাণবজাৰ গুৱাহাটীৰ অন্যতম সাংস্কৃতিক আৰু শিক্ষাগত কেন্দ্ৰ হিচাপে পৰিচিত। কামৰূপ অনুসন্ধান ​​সমিতি, অসম ৰাজ্যিক সংগ্ৰহালয় আৰু জিলা গ্ৰন্থাগাৰৰ নিচিনা অনেক ঐতিহাসিক ভৱন ইয়াত অৱস্থিত। নেহৰু পাৰ্ক আৰু শুক্লেশ্বৰ দেৱালয় এই অঞ্চলৰ আন প্ৰধান পৰ্যটন ক্ষেত্ৰ।

শিক্ষা প্ৰতিষ্ঠান সম্পাদনা কৰক

কটন কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডন বস্কো উচ্চ মাধ্যমিক বিদ্যালয় এই অঞ্চলৰ বিশিষ্ট শিক্ষা প্ৰতিষ্ঠান।

অধিক চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক