পাতপোক (ইংৰাজী: Leaf Insect, বৈজ্ঞানিক নাম-Phyllium bioculatum) ৷ পৰিয়াল-Phyllidae ৷ ইংৰাজ প্ৰাণীতত্ত্ববিদ 'জৰ্জ ৰবাৰ্ট গ্ৰে'ই ১৮৩২ চনত এই পতংগবিধ চিনাক্ত কৰি বৈজ্ঞানিকভাবে ইয়াৰ শ্ৰেণীবিভাজন কৰে৷ তেখেতৰ নাম অনুযায়ী ইয়াক 'গ্ৰে'ৰ পাতপোক' (Gray's Leaf Insect) বুলিও জনা যায়৷ [1]

পাতপোক (Leaf insect)
জীৱাশ্ম কাল: Eocene - Recent
দাক্ষিণাত্যত দেখা পোৱা এটা পাতপোক
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Phasmatodea
মহাপৰিয়াল: Phyllioidea
পৰিয়াল: Phylliidae
Redtenbacher, 1906
Genera

Chitoniscus
Microphyllium
Nanophyllium
Phyllium
Eophyllium (extinct)


বসতিস্থল সম্পাদনা কৰক

উৎপত্তিগতভাৱে পাতপোক,পশ্চিম মালয়েছিয়াৰ থলুৱা পোক৷ ইয়াৰ বাহিৰেও ভাৰতবৰ্ষ,চীনৰ দক্ষিণ অংশ,শ্ৰীলংকা,সুমাত্ৰা,বৰ্ণিঅ,জাভা,ফিলিপাইনছ আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অংশ আদিত এই পোকবিধ পোৱা যায়৷ পৃথিৱীৰ বিষুৱীয় বৰ্ষাৰণ্য অঞ্চল,এই পোকবিধৰ প্ৰধান বাসভূমি৷[1]

বিৱৰণ সম্পাদনা কৰক

পাতপোকৰ মতা আৰু মাইকী দুয়োটাকে সেউজীয়া,হালধীয়া আৰু সুমথিৰা,- এই তিনিটা বৰণত পোৱা যায়৷ ইয়াৰ বৰণ পৰিবেশৰ আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰশীল৷ ভাৰতীয় জলবায়ুত ইয়াক সেউজীয়া বা হালধীয়া ৰূপত দেখা যায়৷ লিংগভেদে পাতপোকৰ দেহৰ গঠন আৰু আকৃতিত যথেষ্ট পাৰ্থক্য দেখা যায়৷ প্ৰকৃততে মাইকী পোকবোৰহে পাতৰ দৰে আৰু চেপেতা৷ মতা পাতপোক আকৃতিত গোতা আৰু দীঘলীয়া হয়৷ আকৃতিত মাইকী পাতপোক মতা পাতপোকতকৈ ডাঙৰ হয়৷ ইহঁত পাঁচৰপৰা আঠ-ন ছেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰ হয়৷ ইহঁতৰ এযোৰ চেপেটা,অস্বচ্ছ,পাতৰ দৰে পাখি থাকে৷ এই পাখিয়ে দেহৰ চাৰি-পঞ্চমাংশ ঠাই আগুৰি থাকে৷ গছ-পাতৰ সৰল সিৰাবিন্যাসৰ দৰে ইহঁতৰ দেহৰ মাজভাগ উঠঙা আৰু পাৰ্শ্বভাগলৈ সমান্তৰাল সিৰাবিন্যাস আকৃতিৰ ৰেখা দেখিবলৈ পোৱা যায়৷ আকাৰত ডাঙৰ যদিও মাইকী পাতপোক উৰণত অসমৰ্থ হয়৷

 
'Children’s Museum of Indianapolis' সংগৃহীত হৈ থকা এটা পাতপোক
 
পাকে ব্ৰাঘ্ৰ প্ৰকল্পত দেখা পোৱা এটা পাতপোক

মতা পাতপোক আকৃতিত সৰু৷ ইহঁত চাৰিৰপৰা সাত ছেণ্টিমিটাৰমান ডাঙৰ হয়৷ ইহঁতৰ দেহটো সৰু,দীঘলীয়া পাতৰ দৰে গোটা আৰু প্ৰায়েই অসম গঠনৰ হয়৷ ইহঁতৰ এযোৰ স্বচ্ছ পাখি থাকে৷ই দেহৰ পুচ্ছভাগ পৰ্যন্ত আৱৰি থাকে৷ এই পাখিৰ সহায়ত ইহঁত উৰিবলৈ সক্ষম হয়৷ মাইকী পাতপোকৰ দৰে ইহঁতৰ দেহতো সমান্তৰাল সিৰাবিন্যাসৰ গঠন দেখা যায়৷ তদুপৰি ইহঁতৰ দেহত প্ৰায়েই কিছুমান ফুটফুটীয়া দাগ দৃষ্টিগোচৰ হয়৷[1]

বিশেষত্ব সম্পাদনা কৰক

চৰাই আৰু সাপ বা আন সৰীসৃপ ইহঁতৰ প্ৰধান শত্ৰু৷ অৱশ্যে ইহঁতৰ বিশেষ দেহৰ গঠনে ইহঁতক শত্ৰুৰ চকুত ধূলি দিয়াত যথেষ্ট সহায় কৰে৷ তদুপৰি আন পতংগ আদিৰ আক্ৰমণৰপৰা নিজকে ৰক্ষা কৰিবলৈ ইহঁতৰ সমুখভাগত এযোৰ সৰু পাখিৰ দৰে শক্তিশালী গঠন থাকে৷ সাধাৰণতে ৬০% তকৈ কন আৰ্দ্ৰ পৰিবেশত ইহঁতৰ জীৱনধাৰণ সম্ভৱ নহয়৷

জীৱনকাল সম্পাদনা কৰক

লিংগভেদে পাতপোকৰ জীৱনকালো বেলেগ বেলেগ হয়৷ মাইকী পাতপোকৰ জীৱনকাল তিনিৰপৰা ছমাহ হয়৷ তাৰ তুলনাত মতা পাতপোকবোৰ মাত্ৰ একৰপৰা ছমাহ পৰ্যন্তহে জীয়াই থাকে৷ পৰিবেশৰ উষ্ণতা আৰু আৰ্দ্ৰতা ভেদেও ইহঁতৰ জীৱন কালৰ তাৰতম্য ঘটে৷ ২৪-২৮° ছেলছিয়াছ উষ্ণতা আৰু ৭০% - ৯৫% আৰ্দ্ৰতা ইহঁতৰ বাবে উপযোগী৷[1]

বংশবিস্তাৰ সম্পাদনা কৰক

পাতপোকৰ বংশবিস্তাৰ প্ৰক্ৰিয়া জটিল৷ ইহঁতে যৌন আৰু অযৌন - দুয়ো প্ৰকাৰে বংশবিস্তাৰ কৰে৷ মাইকী পাতপোকে এমাহ বয়সৰপৰাই কণী পাৰিবলৈ লয়৷ সাধাৰণতে এই প্ৰক্ৰিয়া যৌনমিলনৰ পাছত হব যদিও বহুক্ষেত্ৰত মাইকী পাতপোকে অনিষিক্ত ডিম্বৰো সৃষ্টি কৰে৷

পাতপোকৰ কণীৰপৰা পোৱালোৰ বিকাশ হোৱা প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া৷ প্ৰক্ৰিয়া ভেদেও এই সময়ৰ তাৰতম্য ঘটে৷ নিষিক্ত কণীৰপৰা দুই-তিনি মাহতেই পোৱালি জগিবলৈ পাঁচৰপৰা ছমাহ পৰ্যন্ত সময় লাগে৷ বহু সময়ত অনিষিক্ত কণীত ভ্ৰূণ বিকাশ প্ৰক্ৰিয়া অসম্পূৰ্ণ হোৱা দেখা যায়৷ নিষিক্ত কণীৰপৰা মতা আৰু মাইকী দুই ধৰণৰ পলুৰ সৃষ্টি হোৱাৰ পৰিবৰ্তে অনিষিক্ত কণীৰপৰা কেৱল মাইকী পোৱালিৰহে সৃষ্টি হয়। মাইকী পাতপোকে এবাৰত ৮০ ৰপৰা ১০০ পৰ্যন্ত কণী পাৰে৷ কণীৰ বৰণ মটীয়া৷

পলু পাতপোকবোৰ ৰঙা বৰণৰ হয়৷ ইহঁতৰ দেহৰ বৃদ্ধি যথেষ্ট খৰতকীয়া হব আৰু আহাৰ গ্ৰহণ কৰিবলৈ লোৱাৰপৰা দেহৰ বৰণ সলনি হ'বলৈ ধৰে৷ পোৱালিবোৰে প্ৰায় ১৫ দিনমানৰ ভিতৰতে পূৰ্ণাংগ ৰূপ পায়৷[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 পাৰ্থ সাৰথি শৰ্মা (১-১৫ জানুৱাৰি ২০১৪). "প্ৰকৃতিৰ অনুপম সৃষ্টি - পাতপোক". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (৩য় সংখ্যা): পৃষ্ঠা ৩২.