জীতু-তপন
জীতু-তপন (ইংৰাজী: Jitu-Tapan) ভাৰতীয় চলচ্চিত্ৰৰ, বিশেষকৈ বলিউডী আৰু অসমীয়া ছবিৰ জনপ্ৰিয় সঙ্গীতকাৰ যুটী। ১৯৭১ চনত মানৱ আৰু দানৱ ছবিৰ যোগেদি প্ৰথম চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰা এই যুটীটোৱে ১৯৭২ চনত মুম্বাইলৈ যায় আৰু হিন্দী ছবিৰ সৈতে জড়িত হৈ পৰে। তেওঁলোকে চল্লিশৰো অধিক অসমীয়া আৰু হিন্দী ছবিত সঙ্গীত পৰিচালনা কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে গুজৰাটী ছবি, ভোজপুৰী ছবি, টিভি ধাৰাবাহিক, টেলিফিল্ম, মিউজিক এলবাম আদিত সঙ্গীত পৰিচালনা কৰাৰ উপৰিও বহুতো অসমীয়া আধুনিক গীতত সুৰাৰোপণ কৰিছে।[1][2] বিউটি শৰ্মা বৰুৱাই ১৯৬৮ চনত আকাশবাণীৰ বাবে ৰেকৰ্ডিং কৰা তেওঁৰ প্ৰথম গীত ‘তোমালৈ মনত পৰে’ আৰু মহম্মদ ৰফিয়ে গোৱা ‘অসমীৰে চোতালতে’- এই দুয়োটা গীতৰ সুৰকাৰ আছিল জীতু-তপন।[3][4]
জীতু-তপন | |
---|---|
তপন (বাওঁফালে) - জীতু (সোঁফালে) | |
প্ৰাথমিক তথ্য | |
সংগীতৰ প্ৰকাৰ | চলচ্চিত্ৰীয় সঙ্গীত, অসমীয়া আধুনিক গীত |
পেচা | সঙ্গীত পৰিচালক, সুৰকাৰ |
কাৰ্যকাল | ১৯৬৮- |
জীৱন পৰিক্ৰমা
সম্পাদনা কৰকযোৰহাটত ডাঙৰ-দীঘল হোৱা জীতু-তপনৰ সম্পূৰ্ণ নাম আছিল জীতু শৰ্মা আৰু তপন ভট্টাচাৰ্য। যোৰহাটৰ প্ৰখ্যাত সঙ্গীতশিল্পী, যিয়ে ৰুণুমী (১৯৫২) ছবিৰ সঙ্গীত পৰিচালনা কৰিছিল, দৰ্পনাথ শৰ্মা জীতুৰ দেউতাক আছিল। দৰ্পনাথ শৰ্মা আৰু শ্যামসুন্দৰৰ ওচৰত জীতু-তপনে সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৯৬৭ চনৰ এপ্ৰিল মাহত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মহম্মদ ৰফি যোৰহাটলৈ আহিছিল। তাত জীতু-তপনে অৰ্কেষ্ট্ৰাৰ কাৰ্যসূচী এটা ৰূপায়ণ কৰিছিল। ৰফিয়ে তেওঁলোকৰ পাৰদৰ্শিতা দেখি মোহিত হৈ পিছদিনা মাতি পঠিয়ালে আৰু তেওঁৰ বাবে এটা গীত তৈয়াৰ কৰিবলৈ অনুৰোধ জনালে। তেনেকৈয়ে সৃষ্টি অসমীৰে চোতালতে শীৰ্ষক জনপ্ৰিয় গীতটো।[2][1]
আকাশবাণীৰ বাবে ১৯৬৮ চনত গোৱা বিউটি শৰ্মা বৰুৱাৰ প্ৰথম গীতটোৰ সুৰ জীতু-তপনে তৈয়াৰ কৰি দিছিল। ১৯৭০ চনত মানৱ আৰু দানৱ ছবিৰ সঙ্গীত পৰিচালক ৰুপে এই যুটীটোৱে চলচ্চিত্ৰৰ জগতত প্ৰথম পদাৰ্পন কৰে। ১৯৭২ চনত তেওঁলোক বলীউডলৈ যায়। তাত তেওঁলোকে ত্ৰিশৰো অধিক হিন্দী ছবিৰ সঙ্গীত পৰিচালনা কৰাৰ উপৰিও এয়াৰ হোষ্টেচ, ৰিপোৰ্টাৰ, আজুৱা, চোটী বড়ী বাতে, কল ঔৰ আজ, এহসাচ আদি বহুতো হিন্দী ধাৰাবাহিক আৰু গুৰু, আৰতি, গুমৰাহ আদি টেলিফিল্মত সঙ্গীত পৰিচালনা কৰিছে।[2]
গজল, ভজনৰ পৰা ডেঞ্চ বেলে, পপ আদি আধুনিক সঙ্গীতৰ বিভিন্ন ধাৰাৰ সৈতে এই যুটীটোৱে কাম কৰিছে। বাঙালী, ডোগ্ৰী ভোজপুৰী, গুজৰাটী আদিৰ উপৰিও অন্যান্য দক্ষিণ ভাৰতীয় ভাষাৰ ছবিত তেওঁলোকে সঙ্গীত দিছে। ভাৰতীয় সঙ্গীতজগতত আশী, নব্বৈৰ দশকটো মিউজিক এলাবামৰ প্ৰভুত্বৰ দশক। স্বাভাৱিতকে এই মাধ্যমটোতো জীতু-তপনে নিজৰ শক্তিশালী উপস্থিতি সাব্যস্ত কৰিছিল। কুমাৰ চানুু, পণ্ডিত ৰাজদানে কণ্ঠ দিয়া নশা, নজৰানা, নশিলা আদি গজল এলবামত এই যুটীটোৱে সঙ্গীতৰ কাম কৰিছিল। তেওঁলোকৰ অন্যান্য কেইখন জনপ্ৰিয় হোৱা এলবাম হ’ল- ও জানা, চাই চমৰন, চাই কা দৰবাৰ আদি।[2]
চলচ্চিত্ৰপঞ্জী
সম্পাদনা কৰকসঙ্গীত পৰিচালনা কৰা অসমীয়া ছবি
সম্পাদনা কৰকতথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Famed music director duo Jitu-Tapan feted". Tribune Publication, Guwahati. Archived from the original on 17 July 2020. https://web.archive.org/web/20200717104409/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec0817/city050। আহৰণ কৰা হৈছে: 16 July 2020.
- ↑ 2.0 2.1 2.2 2.3 "Eminent Personalities from Northeast: Jitu-Tapan". assamtimes.org. https://www.assamtimes.org/node/174। আহৰণ কৰা হৈছে: 16 July 2020.
- ↑ "Beauty Sharma Baruah ( 1951- present)". indiaonline.in. https://www.indiaonline.in/about/personalities/singers/beauty-sharma-baruah। আহৰণ কৰা হৈছে: 16 July 2020.
- ↑ "Musical Minds". enajori.com. Archived from the original on 8 July 2012. https://archive.is/20120708043719/http://enajori.com/art-and-literature/musical-minds/। আহৰণ কৰা হৈছে: 16 July 2020.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh.