পুষ্টিকাৰক
পুষ্টিকাৰক বা পুষ্টি দ্ৰব্য (ইংৰাজী: Nutrient) হৈছে জীৱন ধাৰণ আৰু বৃদ্ধিৰ বাবে জীৱই গ্ৰহণ কৰা কিছুমান অতি প্ৰয়োজনীয় খাদ্যৰ উপাদান। স্থূলপোষকবোৰে জীৱৰ পৰিপাক ক্ৰিয়াৰ বাবে শক্তি প্ৰদান কৰে, আনহাতে সূক্ষ্মপোষকবোৰে পৰিপাক ক্ৰিয়াত কাৰক হিচাপে কাম কৰে। দুয়োবিধ পুষ্টিদ্ৰব্য পৰিৱেশৰ পৰাই আহৰণ কৰা হয়।[1] কলাৰ গঠন আৰু পুনৰ নিৰ্মাণ, শৰীৰৰ ক্ৰিয়াসমূহৰ নিয়ন্ত্ৰণ, আৰু শক্তিৰ পৰিবৰ্তন তথা ব্যৱহাৰৰ বাবে পুষ্টিদ্ৰব্যৰ প্ৰয়োজন। প্ৰাণী আৰু উদ্ভিদৰ পুষ্টি আহৰণ প্ৰক্ৰিয়া একে নহয়। উদ্ভিদৰ শিপাই মাটিৰ পৰা আৰু পাতে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে পুষ্টি গ্ৰহণ কৰে। প্ৰাণী আৰু প্ৰটিষ্ট বোৰৰ বিশেষ পাচন তন্ত্ৰই স্থূলপোষকবোৰ ভাঙি শক্তি আহৰণ কৰে আৰু পৰিপাক বা শৰীৰৰ গাঠনিক সংশ্লেষণৰ বাবে সূক্ষ্মপোষকবোৰ ব্যৱহাৰ কৰে।
শৰ্কৰা, চৰ্বী, প্ৰ'টিন (বা ইহঁতক গঠন কৰা এমিন' এচিড), আৰু ভিটামিন বোৰ হৈছে জৈৱিক পুষ্টিকাৰক। খাদ্য হিচাপে ব্যৱহৃত লৱণ, পানী, আৰু অক্সিজেন আদি অজৈৱিক ৰসায়নসমূহকো কেতিয়াবা পুষ্টিদ্ৰব্য হিচাপে গণ্য কৰা হয়। [2] জীৱই নিজে সংশ্লেষণ কৰিব নোৱাৰা বা অতি কমকৈ উৎপাদন কৰা বাবে বাহ্যক উৎসৰ পৰা আহৰণ কৰিব লগা হোৱা দ্ৰব্যবোৰেই হ'ল অত্যাৱশ্যকীয় পুষ্টিদ্ৰব্য। অতি কম মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক সূক্ষ্মপোষক আৰু অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। পুষ্টিকাৰকৰ ক্ৰিয়াবোৰ ইহঁতৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইহঁতৰ অভাৱক পুষ্টিহীনতা বোলে।[3]
প্ৰকাৰ
সম্পাদনা কৰকবিভিন্ন পদ্ধতিত স্থূলপোষকবোৰ সংজ্ঞাবদ্ধ কৰা হয়।[4]
- মানুহে অধিক মাত্ৰাত গ্ৰহণ কৰা ৰাসায়নিক মৌলবোৰ হৈছে কাৰ্বন, হাইড্ৰ'জেন, নাইট্ৰ'জেন, অক্সিজেন, ফছফৰাছ, আৰু ছালফাৰ, বা CHNOPS।
- মানুহে শক্তি আহৰণৰ বাবে অধিক মাত্ৰাত গ্ৰহণ কৰা ৰাসায়নিক যৌগবোৰ হৈছে শৰ্কৰা, প্ৰ'টিন, আৰু চৰ্বী। পানী আৰু বায়ুমণ্ডলীয় অক্সিজেন অধিক মাত্ৰাত গ্ৰহণ কৰা হয় যদিও এইবোৰক সদায়ে "খাদ্য" বা "পুষ্টিকাৰক" হিচাপে গণ্য কৰা নহয়।
- অন্য ভিটামিন আৰু লৱণৰ তুলনাত অধিক পৰিমাণে প্ৰয়োজনীয় কেলছিয়াম, নিমখ (ছডিয়াম আৰু ক্ল'ৰাইড), মেগনেছিয়াম, আৰু পটেছিয়াম (ফছফৰাছ আৰু ছালফাৰৰ সৈতে)বোৰকো কেতিয়াবা স্থূলপোষকদ্ৰব্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। এইবোৰক কেতিয়াবা বৃহৎ লৱণ বুলিও কোৱা হয়।
শক্তি প্ৰদানকাৰী পুষ্টিকাৰক
সম্পাদনা কৰক- শৰ্কৰাবোৰ চেনিজাতীয় পদাৰ্থেৰে গঠিত। চেনি গোটৰ সংখ্যা অনুহৰি শৰ্কৰাবোৰ, একশৰ্কৰা (যেনে গ্ল'কজ আৰু ফ্ৰুক্ট'জ), দ্বিশৰ্কৰা (যেনে ছুক্ৰ'জ আৰু লেক্ট'জ), অল্পশৰ্কৰা, আৰু বহুশৰ্কৰা (যেনে শ্বেতসাৰ, গ্লাইক'জেন, আৰু চেলুল'জ) হিচাপে শ্ৰেণীকৰণ কৰা হৈছে।
- প্ৰ'টিনবোৰ হৈছে পেপ্টাইড বন্ধনৰ দ্বাৰা সংযুক্ত এমিন' এচিডৰ বহুযোগী ৰাসায়নিক যৌগ। কিছুমান এমিন' এচিড শৰীৰে সংশ্লেষণ কৰিব নোৱাৰে (অত্যাৱশ্যকীয় এমিন' এচিড); সেইবোৰ খাদ্যৰ পৰা আহৰণ কৰা হয়। পাচন ক্ৰিয়াত প্ৰ'টেইজ নামৰ উৎসেচকৰ প্ৰভাৱত প্ৰ'টিনবোৰ ভাগি পুনৰ এমিন' এচিডলৈ ৰূপান্তৰ ঘটে।
- চৰ্বীৰ গঠনত এটা গ্লিচাৰিন অনু আৰু তিনিটা ফেটী এচিড সংলগ্ন হৈ থাকে। চৰ্বীবোৰ হ'ল শাখাহীন হাইড্ৰ'কাৰ্বন শৃংখল; একক বন্ধনী, দ্বি-বন্ধনী বা ত্ৰি-বন্ধনীৰ দ্বাৰা সংযুক্ত হৈ থাকে। কোষাৱৰণৰ সঠিক কাৰ্যক্ষমতা, বিদ্যুত শ্বকৰ পৰা সুৰক্ষা, দেহৰ উষ্ণতাৰ স্থিৰতা, আৰু চাল আৰু নোমৰ সুস্বাস্যৰ বাবে চৰ্বীৰ প্ৰয়োজন। শৰীৰে সংশ্লেষণ কৰিব নোৱাৰা অত্যাৱশ্যকীয় ফেটী এচিডবোৰ খাদ্যৰ পৰা আহৰণ কৰিব লগা হয়।
পুষ্টিকাৰকবোৰৰ দৰে এলক'হলবোৰেও শক্তি প্ৰদান কৰিব পাৰে। কিন্তু দেহৰ সাধাৰণ কাৰ্যৰ বাবে ই প্ৰয়োজনীয় দ্ৰব্য নহয় বাবে ইয়াক পুষ্টিকাৰক হিচাপে ধৰা নহয়। ভিনেগাৰত দ্ৰৱীভূত এছিটিক এচিডেও সম পৰিমাণৰ শক্তিৰ যোগান ধৰিব পাৰে আৰু উপৰুক্ত একেই কাৰণত ইয়াকো পুষ্টিকাৰকৰ শাৰীত ধৰা নহয়।
প্ৰতি গ্ৰাম চৰ্বীত ৯ কেলৰী (~৩৭.৭ কিলো জুল/গ্ৰাম) , প্ৰ'টিন আৰু শৰ্কৰাত ৪ কেলৰীকৈ (~১৬.৭ কিলো জুল/গ্ৰাম) শক্তি থাকে। ইথান'লত (শস্যজাত এলক'হল বা সুৰা) ৭ কেলৰী (~২৯.৩ কিলো জুল/গ্ৰাম) শক্তি থাকে।[5]
পৰিপাক ক্ৰিয়াত সহায় কৰা পুষ্টিকাৰক
সম্পাদনা কৰক- খাদ্যজ লৱণবোৰ সাধাৰণতে নিমখ বা কপাৰ আৰু আইৰণৰ আয়ন।
- ভিটামিনবোৰ দেহৰ বাবে প্ৰয়োজনীয় জৈৱযৌগ। এইবোৰে সাধাৰণতে সহ-উৎসেচক বা বিভিন্ন প্ৰ'টিনৰ লগত সহ-কাৰক হিচাপে কাৰ্য কৰে।
- পানী হৈছে অতি প্ৰয়োজনীয় পুষ্টিকাৰক। জীৱনৰ সকলো ৰাসায়নিক বিক্ৰিয়াৰে পানীয়েই হৈছে দ্ৰাৱক।
উদ্ভিদে পুষ্টিকাৰক দ্ৰব্যবোৰ মাটি বা বায়ুমণ্ডল বা পানীৰ পৰা (প্ৰধানকৈ জলজ উদ্ভিদে) আহৰণ কৰে। কিন্তু মাংসভোজী উদ্ভিদে প্ৰাণীৰ পৰা পুষ্টি আহৰণ কৰে।[6]
উদ্ভিদে সৰ্বাধিক আহৰণ কৰা ৰাসায়নিক মৌলবোৰ হৈছে কাৰ্বন, হাইড্ৰ'জেন, আৰু অক্সিজেন। এইবোৰ পৰিৱেশত পানী আৰু কাৰ্বন ডাই-অক্সাইড হিচাপে থাকে। উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা শক্তি লাভ কৰে।[7] ইয়াৰোপৰি উদ্ভিদে তুলনামূলক ভাৱে অধিক হাৰত আহৰণ কৰা মৌলবোৰ হৈছে নাইট্ৰ'জেন, ফছফৰাছ, আৰু ছালফাৰ। এই গোটেই কেইটাই হৈছে "বিগ ছিক্স"; সকলো জীৱৰে মৌলিক পৰিপোষক,[8]ইহঁতক প্ৰায়ে CHNOPS বুলি লিখা হয়।[9]সাধাৰণতে এইবোৰৰ উৎস হৈছে অজৈৱ (যেনে কাৰ্বন ডাই-অক্সাইড, পানী নাইট্ৰেট, ফছফেট, ছালফেট) বা জৈৱ (যেনে শৰ্কৰা, লিপিড, প্ৰ'টিন) যৌগবোৰ। আনহাতে নাইট্ৰ'জেন আৰু বিশেষকৈ অক্সিজেনৰ দ্বিপৰমানু বিশিষ্ট মৌলবোৰ প্ৰায়ে ব্যৱহৃত হয়।
জীৱন ক্ৰিয়া আৰু গঠনৰ বাবে অন্য ৰাসায়নিক মৌলবোৰৰো প্ৰয়োজনীয়তা আছে।
কাৰ্বন, হাইড্ৰ'জেন, অক্সিজেন, ফছফৰাছ, পটেছিয়াম, নাইট্ৰ'জেন, ছালফাৰ, কেলছিয়াম, আইৰণ, আৰু মেগনেছিয়ামক স্থূলপোষক হিচাপে ধৰা হয়। এই তালিকাত কেতিয়াবা ছিলিকন, ক্ল'ৰাইড, ছডিয়াম, কপাৰ, জিংক আৰু ম'লিবডেনামকো ধৰা হয, কিন্তু অন্য ক্ষেত্ৰত এইবোৰ সূক্ষ্মপোষক।[10]
পুষ্টিহীনতা আৰু বিষক্ৰিয়া
সম্পাদনা কৰকপ্ৰয়োজনীয় মাত্ৰাৰ পুষ্টিদ্ৰব্যৰ অভাৱেই পুষ্টিহীনতা। খাদ্যত যথেষ্ট পৰিমাণে পুষ্টিদ্ৰব্য নথকা বা দেহে পুষ্টিকাৰকবোৰ ব্যৱহাৰ কৰিব নোৱাৰা আদি বিভিন্ন কাৰণত পুষ্টিহীনতা হব পাৰে।[3] পুষ্টিকাৰকৰ ব্যৱহাৰ কৰাত ব্যাঘাট জন্মোৱা কিছুমান কাৰণ হৈছে, পুষ্টিদ্ৰব্য শোষণৰ সমস্যা, পুষ্টিদ্ৰব্য ধংশ কৰা অৱস্থা, অধিক মাত্ৰাত পুষ্টিদ্ৰব্যৰ ৰেচন (মুত্ৰ আদিৰ দ্বাৰা দেহৰ পৰা নিষ্কাসন কৰা) আদি।[3]
মাত্ৰাধিক পুষ্টিকাৰকে জীৱ দেহত সমস্যাৰ সৃষ্টি কৰিলে তাক বিষক্ৰিয়া বোলা হয়।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Whitney, Elanor and Sharon Rolfes. 2005. Understanding Nutrition, 10th edition, p 6. Thomson-Wadsworth.
- ↑ FRANCES SIZER; ELLIE WHITNEY (12 November 2007). NUTRITION: CONCEPTS AND CONTROVERSIES. Cengage Learning. পৃষ্ঠা. 26–. ISBN 978-0-495-39065-7. http://books.google.com/books?id=mDhMU0Sv6asC&pg=PT26। আহৰণ কৰা হৈছে: 12 October 2010.
- ↑ 3.0 3.1 3.2 Audrey H. Ensminger (1994). Foods & nutrition encyclopedia. CRC Press. পৃষ্ঠা. 527–. ISBN 978-0-8493-8980-1. http://books.google.com/books?id=XMA9gYIj-C4C&pg=PA527। আহৰণ কৰা হৈছে: 12 October 2010. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "Ensminger1994" defined multiple times with different content - ↑ Mark Kern (12 May 2005). CRC desk reference on sports nutrition. CRC Press. পৃষ্ঠা. 117–. ISBN 978-0-8493-2273-0. http://books.google.com/books?id=uOYqeeXWomwC&pg=PA117। আহৰণ কৰা হৈছে: 12 October 2010.
- ↑ Coyle EF. 1995. Fat metabolism during exercise. Sports science exchange 8(6):59-65
- ↑ David Sadava; H. Craig Heller; David M. Hillis; May Berenbaum (2009). Life: The Science of Biology. Macmillan. পৃষ্ঠা. 767–. ISBN 978-1-4292-1962-4. http://books.google.com/books?id=ANT8VB14oBUC&pg=PA767। আহৰণ কৰা হৈছে: 12 October 2010.
- ↑ J. Benton Jones (1998). Plant nutrition manual. CRC Press. পৃষ্ঠা. 34–. ISBN 978-1-884015-31-1. http://books.google.com/books?id=rNP2exwYMJIC&pg=PA34। আহৰণ কৰা হৈছে: 14 October 2010.
- ↑ New Link in Chain of Life, Wall Street Journal, 2010-12-03, accessed 2010-12-05. "Until now, however, they were all thought to share the same biochemistry, based on the Big Six, to build proteins, fats and DNA."
- ↑ CHNOPS: The Six Most Abundant Elements of Life, Pearson BioCoach, 2010, accessed 2010-12-09. "Most biological molecules are made from covalent combinations of six important elements, whose chemical symbols are CHNOPS. ... Although more than 25 types of elements can be found in biomolecules, six elements are most common. These are called the CHNOPS elements; the letters stand for the chemical abbreviations of carbon, hydrogen, nitrogen, oxygen, phosphorus, and sulfur."
- ↑ {{Cite book| last = Perry | first = David A| year = 1994| title = Forest ecosystems| url = http://books.google.com/?id=ZWNtHLz3fXYC&pg=PA340&dq=C.+HOPKiNS+CaFe+Mg%7C isbn = 978-0-8018-4987-9| publisher = Johns Hopkins University Press| location = Baltimore| postscript =