পেৰেণ জিলা নাগালেণ্ডৰ একদশ জিলা৷ এই জিলা পূৰ্বৰ বৃহত্তৰ কহিমা জিলাক বিভক্ত কৰি গঠন কৰা হৈছিল৷

পেৰেণ জিলা
People dancing
পেৰেণ জিলাৰ পৰম্পৰাগত এটি নৃত্য
নাগালেণ্ডত পেৰেণ জিলাৰ অৱস্থান
নাগালেণ্ডত পেৰেণ জিলাৰ অৱস্থান
স্থানাংক: 25°31′N 93°44′E / 25.517°N 93.733°E / 25.517; 93.733স্থানাংক: 25°31′N 93°44′E / 25.517°N 93.733°E / 25.517; 93.733
ৰাজ্য নাগালেণ্ড
দেশ  ভাৰত
কালি
 • মুঠ
2,300 km2 (900 sq mi)
উচ্চতা
১,৪৪৫ মিটাৰ (৪,৭৪১ ফুট)
জনসংখ্যা
 (২০১১)
 • মুঠ
94,954
 • ঘনত্ব 41/km2 (110/sq mi)

পেৰেণ জিলা পূৰ্বতে কহিমা জিলাৰ এটা মহকুমা আছিল৷ ২০০৩ চনৰ ২৪ অক্টোবৰত এই জিলাক এক পৃথক জিলা হিচাপে স্বীকৃতি দিয়া হয়৷[1]

ভৌগোলিক অৱস্থান

সম্পাদনা কৰক

পেৰেণ জিলাৰ পশ্চিমে অসমডিমা হাছাও আৰু কাৰ্বি আংলং জিলা আৰু উত্তৰ-পূব দিশত ডিমাপুৰ জিলা অৱস্থিত৷ এই জিলাৰ পূবে কহিমা জিলা আৰু দক্ষিণে মণিপুৰ ৰাজ্য৷

পেৰেণ জিলাৰ সদৰঠাই নিউ পেৰেণ (New Peren)৷ এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৮০০ মিটাৰৰ পৰা ২৫০০ মিটাৰ পৰ্যন্ত৷ পেৰেণ জিলাৰ মূল নগৰ অঞ্চলসমূহ হৈছে টেনিং (Tening), জালুকী (Jalukie) আৰু পেৰেণ৷

পেৰেণ জিলাৰ মূল নদী আৰু উপনৈবোৰ হ’ল Tepuiki, Mbeiki, Ntanki, Mungleu, Tesanki, Nguiki, Nkwareu, Techauki, Ngungreu, Tahaiki আৰু Duilumreu (Tepuiki নৈৰ উপনৈ)৷

পেৰেণ জিলাৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বতটো হৈছে মাউন্ট পাউনা (Mt. Paona) যি সাগৰ পৃষ্ঠৰ পৰা ২৫০০ মিটাৰ উচ্চতাত অৱস্থিত৷ এই পৰ্বত নাগালেণ্ডৰ তৃতীয় উচ্চতম পৰ্বত৷

জনসংখ্যা

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি পেৰেণ জিলাৰ মুঠ জনসংখ্যা ৯৪,৯৫৪ জন।[2] গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৬৷[2] পেৰেণ জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৭ গৰাকী৷[2] এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৯%।[2]

পেৰেণ জিলাৰ সংখ্যাগৰিষ্ঠ লোক জেলিয়াং (Zeliang) আৰু কুকী (Kuki) জনজাতিৰ লোক৷[উদ্ধৃতিৰ প্ৰয়োজন]

জৈৱবৈচিত্ৰ্য

সম্পাদনা কৰক

পেৰেণ জিলাত ইনটাংকি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত৷ এই উদ্যানে জিলাখনৰ ২০২ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে৷

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "District Census Handbook - Peren". 2011 Census of India (Directorate of Census Operations, Nagaland). http://www.censusindia.gov.in/2011census/dchb/1311_PART_B_DCHB_PEREN.pdf। আহৰণ কৰা হৈছে: 2015-07-22. 
  2. 2.0 2.1 2.2 2.3 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক