পৰঘুমা
পৰঘুমা (ইংৰাজী: Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় দক্ষিণ এছিয়াত ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।
পৰঘুমা | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Ducula |
প্ৰজাতি: | D. aenea |
বৈজ্ঞানিক নাম | |
Ducula aenea (Linnaeus, 1766) | |
সমাৰ্থক | |
|
বিৱৰণ
সম্পাদনা কৰকপৰঘুমাৰ দেহটো থুপুকা। দেহৰ দৈৰ্ঘ্য ৪৫ ছে:মি। দেহটৌৰ বৰণ পাতল নীলা-বেঙুনীয়া। ডেউকা ধাতব সেউজীয়া বৰণৰ। মূৰ অংশ বগা। মতা আৰু মাইকী দুয়োবিধেই দেখিবলৈ একে হয়।
বিতৰণ
সম্পাদনা কৰকপৰঘুমা সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত চৰাইৰ প্ৰজাতি। ইয়াক প্ৰধানকৈ বাংলাদেশ, ভূটান, ব্ৰুনেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, চিংগাপুৰ, ম্যানমাৰ, ফিলিপাইনছ, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত দেখা পোৱা যায়।
আচৰণ
সম্পাদনা কৰকএই চৰাইবিধে উদ্ভিদজাত সামগ্ৰী খাই জীয়াই থাকে। ইয়াৰ উৰণ দ্ৰুত। ই গছত গছৰ ঠানি আদিৰ বাহ সাজি এটা মাত্ৰ বগা কণী পাৰে। ইহঁতে সৰু সৰু জাক গঠন কৰিব পাৰে।
খাদ্য
সম্পাদনা কৰকপৰঘুমাই সাধাৰণতে গছৰ ওপৰ অংশ (tree canopy)ৰ পৰা পাত আদি খায়। ইহঁতে সৰু সৰু গোটত চৰে। ইয়াৰ মাতটো গভীৰ আৰু অনুনাদীয় (resonant)।
প্ৰজনন
সম্পাদনা কৰকই এবিধ বনাঞ্চলত বাস কৰা চৰাইৰ প্ৰজাতি। ই গছত ডালৰ টুকুৰা আদিৰে বাহ সাজে, এবাৰত এটাকৈ বগা বৰণৰ কণী পাৰে।
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
Illustration by Keulemans, 1893
-
Nominate race
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Ducula aenea". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002715। আহৰণ কৰা হৈছে: 16 July 2012.
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত Ducula aenea সম্পৰ্কীয় মিডিয়া ফাইল।