পৰিণীতা বৰঠাকুৰ
পৰিণীতা বৰঠাকুৰ (জন্ম- ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা।[1] অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে।
পৰিণীতা বৰঠাকুৰ | |
---|---|
জন্ম | ১৯৮৭ |
বংশদ্ভূত | ভাৰতীয় |
পেচা | অভিনেত্ৰী, গায়িকা |
ধৰ্ম | হিন্দু |
জন্ম আৰু শিক্ষা
সম্পাদনা কৰক১৯৮৭ চনত অসমত জন্মলাভ কৰা পৰিণীতাই কেন্দ্ৰীয় বিদ্যালয়, দুলিয়াজানৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰি কটন কলেজত অধ্যয়ন কৰে। মুম্বাইৰ ছ'ফিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা দৰ্শনশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]
কেৰিয়াৰ
সম্পাদনা কৰকনৱজীৱন নামৰ টেলিফিল্মত অভিনয় কৰি পৰিণীতাই নিজৰ অভিনয় কেৰিয়াৰৰ সূচনা কৰে। প্ৰথম বোলছবি হিচাপে ২০০১ চনত মুনিন বৰুৱা পৰিচালিত নায়ক চলচ্চিত্ৰত তেওঁ অভিনয় কৰে। ইয়াৰ পাছত তেওঁ বাৰুদ (২০০৪), বৰলাৰ সংসাৰ, জীৱন বাটৰ লগৰী (২০০৯), পলে পলে উৰে মন (২০১১) আৰু গানে কি আনে (২০১৬) বোলছবিত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ হিন্দী চলচ্চিত্ৰ চল' দিল্লী (২০১১), চাচ বহু ঔৰ চেনচেক্স (২০১১), হৰ পল (মুক্তি হোৱা নাই), কোৰবান (২০০৯) আদিত অভিনয় কৰাৰ সুযোগ পায়। অভিনয়ৰ লগতে পৰিণীতাই নিজৰ সংগীতৰ কেৰিয়াৰো আগবঢ়াই লৈ যায় আৰু দুই-এখন অসমীয়া চলচ্চিত্ৰত গীত গোৱাৰ লগতে তেওঁ পৰিণীতা শীৰ্ষক নিজৰ এক এলবাম উলিয়ায়।[1]
অভিনীত চলচ্চিত্ৰ
সম্পাদনা কৰকচলচ্চিত্ৰ | বৰ্ষ | পৰিচালক | ভাষা |
---|---|---|---|
নায়ক | ২০০১ | মুনিন বৰুৱা | অসমীয়া |
বাৰুদ | ২০০৪ | মুনিন বৰুৱা | অসমীয়া |
বৰলাৰ সংসাৰ | অসমীয়া | ||
চাচ বহু ঔৰ চেনচেক্স | ২০০৮ | শ্ব'না উৰ্বশী | হিন্দী |
কোৰবান | ২০০৯ | ৰেন্সিল ডি ছিলভা | হিন্দী |
জীৱন বাটৰ লগৰী | ২০০৯ | তিম'থি দাস হান্সে | অসমীয়া |
চল' দিল্লী | ২০১১ | শশান্ত শ্বাহ | হিন্দী |
পলে পলে উৰে মন | ২০১১ | তিম'থি দাস হান্সে | অসমীয়া |
হৰ পল | মুক্তি পোৱা নাই | জাহ্নু বৰুৱা | হিন্দী |
গানে কি আনে | ২০১৬ | ৰাজেশ যশপাল | অসমীয়া |
দ্য আণ্ডাৰৱ'ৰ্ল্ড | ২০১৮ | ৰাজেশ যশপাল | অসমীয়া |
টেলিফিল্ম
সম্পাদনা কৰক- নৱজীৱন (অসমীয়া)
দূৰদৰ্শন ধাৰাবাহিক
সম্পাদনা কৰক- মমতা
- চন্দন
- সোণ পৰী (হিন্দী)
- চি আই ডি (হিন্দী)
- স্পেচিয়েল স্কোৱাড
- আহত
- কৰমচন্দ
- য়েহি ত' হে ৱ'
- বিৰৱালি
- চোচা না থা
- উৰ্মিলা (ডি ডি ১)
- কচমকশ্ব জিন্দগি কি (ডি ডি ১)
- নাৰ্গিচ (ডি ডি ১)
- চপনে চাজন কে' (হি্ন্দী, ডি ডি ১)
- ফিৰ ভি দিল হে হিন্দুস্তানী (ডি ডি ১)
- কব ক্যো কে'চে' (ডি ডি ১)
- অট'গ্ৰাফ (ডি ৱাই ৩৬৫, ২০১৩)
- সাৱধান ইণ্ডিয়া (হিন্দী, লাইফ অ'কে, ২০১৩)
- ক্ৰাইম পেট্ৰল (হিন্দী, চনী, ২০১৪)
- প্ৰীতম প্যাৰে ঔৰ ৱ' (হিন্দী, চব টিভি, ২০১৪)
- স্বৰগ্নি (হিন্দী, কলৰ্চ, ২০১৫)
চুটি ছবি
সম্পাদনা কৰক- দম দম দিগা দিগা (ডেন্সিং ইন দ্য ৰেইন), ২০১৪
বিজ্ঞাপন ছবি
সম্পাদনা কৰক- মেককেইন ফুড্ছ (২০১৩)
- চ্যৱনপ্ৰাশ্ব (২০১৩)
- চফ'লা (২০১৪)
কণ্ঠদান
সম্পাদনা কৰক- পৰিণীতা (নিজস্ব এলবাম, অসমীয়া, শ্ৰব্য আৰু ভিডিঅ')
- পলে পলে উৰে মন (২০১১, অসমীয়া চলচ্চিত্ৰ)
- গানে কি আনে (২০১৬, অসমীয়া চলচ্চিত্ৰ)
সন্মান
সম্পাদনা কৰক- লিমকা ফ্ৰেশ্ব ফে'চ ৰাণাৰ-আপ, ২০০৫
- জ্যোতিৰূপা জইণ্ট মেডিয়া এৱাৰ্ড্ছ (নায়ক বোলছবিৰ বাবে)
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "Parineeta Borthakur". Indpaedia. http://indpaedia.com/ind/index.php/Parineeta_Borthakur। আহৰণ কৰা হৈছে: 13 মাৰ্চ 2015.