গানে কি আনে

অসমীয়া চলচ্চিত্ৰ (২০১৬)

গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্‌ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰুৱা। এজন সংগীতশিল্পীৰ জীৱনৰ কাহিনীৰে নিৰ্মিত বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে জুবিন গাৰ্গ, পৰিণীতা বৰঠাকুৰ আৰু ৰিম্পী দাসে। সংগীত পৰিচালনা আৰু আৱহ সংগীত জুবিন গাৰ্গৰ। অসম আৰু মুম্বাইকে ধৰি বিভিন্ন ঠাইত চলচ্চিত্ৰখনৰ শ্বুটিং হয়। জুবিনৰ জীৱনৰ লগত বোলছবিখনৰ কাহিনীৰ যথেষ্ট মিল থকা বুলি জুবিনে নিজে স্বীকাৰ কৰে[1][2][3]

গানে কি আনে

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক ৰাজেশ যশপাল
চিত্ৰনাট্য ৰাজেশ যশপাল
ইবছন লাল বৰুৱা
কাহিনী ৰাজেশ যশপাল
প্ৰযোজক গৌতম চক্ৰৱৰ্তী
সুনীল গগৈ
ৰাজেশ যশপাল
(ৰাগা ফিল্ম্‌ছ)
অভিনয়ত জুবিন গাৰ্গ
পৰিণীতা বৰঠাকুৰ
ৰিম্পী দাস
চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী
সংগীত পৰিচালক জুবিন গাৰ্গ
পৰিবেশক ৰাগা ফিল্ম্‌ছ
মুক্তি
১৪ অক্টোবৰ, ২০১৬
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

বোলছবিখনৰ কাহিনী নীলাভ জোনাক বৰুৱা নামৰ এজন সংগীতশিল্পীৰ জীৱনৰ প্ৰেম আৰু সংঘাতৰ ওপৰত নিৰ্মিত।

অভিনয়ত সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

  • প্ৰযোজনা - গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপাল
  • পৰিচালনা/কাহিনী - ৰাজেশ যশপাল
  • মুখ্য সহ পৰিচালনা - অচিন্ত শংকৰ
  • সহ পৰিচালনা - মানস চাগ্ৰা
  • চিত্ৰনাট্য - ৰাজেশ যশপাল, ইবছন লাল বৰুৱা
  • চিত্ৰগ্ৰহণ - প্ৰদীপ দৈমাৰী
  • সংগীত পৰিচালনা/আৱহ সংগীত - জুবিন গাৰ্গ
  • মেক-আপ - সুভাষ
  • পাবলিচিটী ডিজাইন - ড্ৰীম্‌জ ফিচাৰ্ছ[1][2]

সংগীত সম্পাদনা কৰক

গানে কি আনে
 
চলচ্চিত্ৰ সংগীত
মুক্তি ১৩ মাৰ্চ ২০১৫
ভাষা অসমীয়া
লেবেল টাইম্‌ছ মিউজিক
জুবিন গাৰ্গ কালক্ৰম
ৰ'দৰ চিঠি গানে কি আনে মিছন চাইনা

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। গীতৰ কথা জুবিন গাৰ্গ, হীৰেণ ভট্টাচাৰ্য আৰু শশাংক সমীৰৰ। জুবিনৰ অনামিকা এলবামৰ হীৰেণ ভট্টাচাৰ্যই লিখা 'গানে কি আনে' শীৰ্ষক গীতটি ৰিমেক্ কৰা হৈছে। দুটি গীতৰ সংগীত ব্যৱস্থাপনা অনুৰাগ শইকীয়াৰ।[2] ২০১৫ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটীশ্ৰদ্ধাঞ্জলি কাননত শ্ৰব্য এলবামটি উন্মোচন কৰা হয়।[4]

জুবিন গাৰ্গে লিখা 'শালিকী পুৱাৰ' গীতটি তেওঁৰ জীৱনৰ এটি অন্যতম শ্ৰেষ্ঠ সৃষ্টি বুলি অভিহিত কৰিব পাৰি।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "জানোঁ জানোঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ, পৰিণীতা বৰঠাকুৰ ৫:১৪
2. "গানৰে পথাৰতে"  শশাংক সমীৰজুবিন গাৰ্গ ৪:১৯
3. "শালিকী পুৱাৰ"  জুবিন গাৰ্গমহালক্ষ্মী আয়াৰ ৪:৫৮
4. "Dancing Tonight"  জুবিন গাৰ্গজুবিন গাৰ্গ, অনিন্দিতা পাল ৫:৩০
5. "আহোঁ নাহোঁ"  জুবিন গাৰ্গমধুস্মিতা বৰঠাকুৰ ৫:৩০
6. "তুমি ৰ'দালি"  জুবিন গাৰ্গজুব্‌লী বৰুৱা ৪:০৯
7. "গানে কি আনে"  হীৰেণ ভট্টাচাৰ্যজুবিন গাৰ্গ, পৰিণীতা বৰঠাকুৰ ৫:৩৪

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Raj dweep (১১ জানুৱাৰী ২০১৩). "Gaane Ki Aane : The Real zubeen on screen". Assam Times. http://www.assamtimes.org/node/8964। আহৰণ কৰা হৈছে: ১৫ মাৰ্চ ২০১৫. 
  2. 2.0 2.1 2.2 2.3 ভূষণ পাঠক (১৯ ডিচেম্বৰ ২০১৪). "হৃদয়স্পৰ্শী সংগীত আৰু কাহিনীৰে জুবিন গাৰ্গৰ - গানে কি আনে". আজিৰ দৈনিক বাতৰি. 
  3. Pranjal Borah (২৬ অক্টোবৰ ২০১৪). "Gaane Ki Aane : Zubeen Garg’s life on celluloid". Kothasobi. Archived from the original on 2015-04-02. https://web.archive.org/web/20150402012432/http://www.kothasobi.com/news/gaane-ki-aane-zubeen-gargs-life-celluloid/। আহৰণ কৰা হৈছে: ১৫ মাৰ্চ ২০১৫. 
  4. "Gaane Ki Aane". Times Music. Archived from the original on 2017-07-02. https://web.archive.org/web/20170702030327/http://www.timesmusic.com/album/regional/gaane-ki-aane-3521.html। আহৰণ কৰা হৈছে: ৫ জুলাই ২০১৭. 

বাহ্যিক সংযোগ সম্পাদনা কৰক