ফুলটোকা চৰাই
ফুলটোকা চৰাই (ইংৰাজী: Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।
ফুলটোকা চৰাই (Scarlet-backed Flowerpecker) | |
---|---|
Male | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Dicaeidae |
গণ: | Dicaeum |
প্ৰজাতি: | D. cruentatum |
বৈজ্ঞানিক নাম | |
Dicaeum cruentatum (Linnaeus, 1758) |
বিৱৰণ
সম্পাদনা কৰকফুলটোকা চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯ ছে:মি: হোৱা দেখা যায়। ছুটি নেজেৰে সৈতে ই এবিধ সৰু আকাৰৰ চৰাই। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দেখাত বেলেগ বেলগ হয়। . মতা ফুলটোকা চৰাই চৰাইৰ পিঠি অংশ নীলা আৰু ইয়াৰ মাজেৰে এডাল উজ্জ্বল ৰঙা আঁচ মূৰৰ পৰা নেজলৈকে বৈ গৈছে। মাইকী আৰু পোৱালি ফুলটোকা চৰাইৰ দেহৰ বৰণ সাধাৰণতে জলফাই সেউজীয়া বৰণৰ হয়। ইয়াৰ নেজ ক'লা আৰু নেজ অংশ ৰঙা বৰণীয়া হোৱা দেখা যায়। মতা-মাইকী উভয়ৰে পেট অংশ বগা বৰণীয়া, চকু ক'লা আৰু ঠোঁট গাঢ় মুগা হয়। পোৱালি ফুলটোকা চৰাইৰ দেহৰ বাহ্যিক গঠন মাইকীজনীৰদৰেই হয়, কেৱল ইয়াৰ ঠোঁট কমলা বৰণীয়া হোৱা দেখা যায়। [2]
বিতৰণ
সম্পাদনা কৰকএই চৰাইবিধ বংলাদেশ, ভূটান, ব্ৰণেই, কম্বোডিয়া, চীণ, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে। [1]
বাসস্থান
সম্পাদনা কৰকফুলটোকা চৰাই সাগৰ পৃষ্ঠৰ পৰা ১০০০ মিটাৰ উচ্চতাত ক্ৰান্তীয় সেমেকা বনাঞ্চল (tropical moist lowland forests)আৰু উদ্যানসমূহত দেখা পোৱা যায়। I[3]
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকএই চৰাইবিধে প্ৰধানকৈ Ficus fistulosa , F. grossularoides[4] ,Syzygium jambos আদি গছৰ গুটি খোৱা দেখা যায়। [5]
প্ৰজনন
সম্পাদনা কৰকফুলটোকা চৰায়ে গছৰ ডালৰ পৰা ওলমি থকা মোনাৰ দৰে বাহ সাজে। বাহটোৰ একাষে সোমোৱা বাট থাকে। [6]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 BirdLife International (2012). "Dicaeum cruentatum". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106008227। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Brazil, Mark (2009). Birds of East Asia. A&C Black. পৃষ্ঠা. 444. ISBN 0-7136-7040-1. http://books.google.com.au/books?id=SS4_WkC2Pc8C&pg=PA444&dq=Scarlet-backed+Flowerpecker&hl=en&ei=y9lVTpWSO5PUiAKCvM3KCQ&sa=X&oi=book_result&ct=book-preview-link&resnum=7&ved=0CEkQuwUwBg#v=onepage&q=Scarlet-backed%20Flowerpecker&f=false.
- ↑ S. SIVAKUMAR, JEEJO VARGHESE and VIBHU PRAKASH (2006). "Abundance of birds in different habitats in Buxa Tiger Reserve, West Bengal, Indi". Forktail খণ্ড 22: 128–33. http://orientalbirdclub.org/publications/forktail/22pdfs/Sivakumar-Buxa.pdf.
- ↑ Peh, Kelvin S.-H.; Chong, Fong Lin (2003). "Seed dispersal agents of two Ficus species in a disturbed tropical forest". Ornithological Science খণ্ড 2: 119–25. http://www.jstage.jst.go.jp/article/osj/2/2/119/_pdf.[সংযোগবিহীন উৎস]
- ↑ doi:10.1007/s11252-005-3260-x
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand - ↑ Strange, Morten (2000). Photographic Guide to the Birds of Southeast Asia. প্ৰকাশক Singapore: Periplus. পৃষ্ঠা. 365. ISBN 962-593-403-0.