বংগৰ নৱজাগৰণ

১৮০০–১৯৩০ৰ দশক বংগত সামাজিক-সাংস্কৃতিক আৰু ধৰ্ম সংস্কাৰ আন্দোলন

বংগৰ নৱজাগৰণ (বাংলা ভাষাত: বাংলার নবজাগরণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈ বংগ অঞ্চলত দেখা দিয়া এক সাংস্কৃতিক, সামাজিক, বৌদ্ধিক আৰু কলাত্মক আন্দোলন।[1] ইতিহাসবিদৰ মতে এই আন্দোলনৰ গুড়ি ১৭৫৭ চনত ঘটা পলাশীৰ যুদ্ধব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিজয় তথা ১৭৭২ৰ চনত জন্ম গ্ৰহণ কৰা সমাজ সংস্কাৰক ৰামমোহন ৰয়ৰ কৰ্মৰাজী, যাক বংগৰ নৱজাগৰণৰ জনকো বোলা হয়।[2] নিতিশ সেনগুপ্তৰ মতে এই আন্দোলনৰ অন্ত হ'ল এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে।[3]

বংগৰ নৱজাগৰণৰ জনক ৰাজা ৰাম মোহন ৰয়

প্ৰভাৱ সম্পাদনা কৰক

প্ৰায় দুই শতিকাৰ বাবে বংগৰ নৱজাগৰণত দেখা গ'ল ভাৰতীয় সমাজৰ মৌলিক পৰিৱৰ্তন, আৰু বংগৰ নৱজাগৰণত বিকশিত ধাৰণাৰেই ঔপনিৱেশিকতাবাদৰ ভাৰতীয় বিৰোধ তথা ভাৰতীয় জাতীয়তাবাদ বিকশিত হ'ল।[4] বংগৰ নৱজাগৰণৰ ভেঁটি উদাৰতাবাদ আৰু আধুনিকতাবাদৰ এক সুকীয়া সংস্কৰণ।[5] সুমিত সৰকাৰৰ মতে, ঊনবিংশ আৰু বিংশ শতিকাৰ সিংহভাগতে বাঙালী নৱজাগৰণৰ গুড়িধৰোঁতাসকলক শ্ৰদ্ধা কৰা হৈছিল, কিন্তু ১৯৭০ৰ দশকৰ পাছত এই আন্দোলনৰ ঔপনিৱেশিক উৎসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, আৰু এক সমালোচনামূলক দৃষ্টিকোণ বিকশিত হৈছে।[6]

উল্লেখনীয় ব্যক্তি সম্পাদনা কৰক

বাঙালী হিন্দুসকলেই প্ৰমুখভাৱে বাঙালী নৱজাগৰণত নেতৃত্ব প্ৰদান কৰিছিল।[7] তাৰে মাজত ৰাজা ৰাম মোহন ৰয়, ৰবীন্দ্ৰনাথ ঠাকুৰ, সত্যেন্দ্ৰনাথ বসু আদি অন্যতম। কিন্তু সোহৰাৱাৰ্দি পৰিয়াল, কাজি নজৰুল ইছলাম আৰু ৰোকেয়া ছখাৱত হুছেইনৰ দৰে মুছলিম লোকেও বিশেষ ভূমিকা পালন কৰিছিল।[8]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Dasgupta, Subrata (2011). Awakening: The Story of the Bengal Renaissance. প্ৰকাশক India: Random House Publishers. পৃষ্ঠা. 2. 
  2. Samanta, Soumyajit (2008). "The Bengal Renaissance : a critique". 20th European Conference of Modern South Asian Studies Manchester (UK), 8th – 11th July 2008. p. 2. Archived from the original on 2022-02-05. https://web.archive.org/web/20220205162900/https://core.ac.uk/download/pdf/33413137.pdf. 
  3. Sengupta, Nitish (2001). History of the Bengali-speaking People. প্ৰকাশক New Delhi, Delhi: UBS Publishers' Distributors. পৃষ্ঠা. 211. ISBN 978-81-7476-355-6. 
  4. Panikkar, K N (3 March 2017). "Three phases of Indian renaissance". Frontline. The Hindu Group (Publishing Private Limited). https://frontline.thehindu.com/the-nation/three-phases-of-indian-renaissance/article9541139.ece. 
  5. Sartori, Andrew (2009). Bengal in Global Concept History. প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 68. 
  6. Sarkar, Sumit (1997). Writing Social History. প্ৰকাশক Delhi, India: Oxford University Press. পৃষ্ঠা. 104. 
  7. Naranyan Dhar, Pulak (1987). "Bengal Renaissance: A Study in Social Contradictions". Social Scientist খণ্ড 15 (1): 26. doi:10.2307/3517400. 
  8. De, Amalendu (April–June 1995). "The Social Thoughts and Consciousness of the Bengali Muslims in the Colonial Period". Social Scientist খণ্ড 23 (4/6): 16–37.