শৰৎ আৰু বসন্তৰ যুগ
শৰৎ আৰু বসন্তৰ যুগ (সৰলীকৃত চীনা: 春秋时代; পৰম্পৰাগত চীনা: 春秋時代, পিন্যিন: Chūnqiū Shídài) চীনৰ ইতিহাসৰ এটি সময়, যি আনুমানিক খ্ৰীষ্টপূৰ্ব ৭৭১ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৭৬লৈকে (বা খ্ৰীষ্টপূৰ্ব ৪০৩) ঝৌ সাম্ৰাজ্যৰ শেষৰ ফালে দেখা গৈছিল।[1] এই কাল পূব ঝৌ কালৰ অন্তৰ্গত। এই কালৰ নাম পোৱা যায় খ্ৰীষ্টপূৰ্ব ৭২২ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৭৯ৰ লু ৰাজ্যৰ এটি বিৱৰণীত, যাৰ নাম "শৰৎ আৰু বসন্তৰ ইতিবৃত্ত।" এই সময়ত অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগেই ডাঙৰ ডাঙৰ ৰাজ্য়ৰ মাজত আধিপত্যৰ বাবে প্ৰতিযোগিতা আৰম্ভ হৈছিল। সেই সময়তে সামাজিক ব্যৱস্থাৰ সালসলনি দেখা গৈছিল। তাৰ লগতে, কৃষিকাৰ্যৰ বিভিন্ন সৰঞ্জাম, গৰুৰ সহায়ত খেটি কৰা আদিৰ প্ৰচলন বৃদ্ধি পাইছিল।[2]
ইতিহাস
সম্পাদনা কৰকখ্ৰীষ্টপূৰ্ব ৭৭১ত কুৱানৰং আক্ৰমণৰ ফলত পশ্চিম ঝৌ সাম্ৰাজ্য (ঝৌ সাম্ৰাজ্য) আৰু তাৰ ৰাজধানী হাওজি ধ্বংস হ'ল, যাৰ ফলত সম্ৰাটজন পূবৰ ৰাজধানী লুৱিলৈ পলাই গ'ল। এই ঘটনাৰ পৰিণাম স্বৰূপেই ঝৌ সাম্ৰাজ্যত পূব ঝৌৰ আৰম্ভ হ'ল, আৰু শৰৎ আৰু বসন্তৰ কাল, আৰু তাৰ পাছত যুদ্ধৰত ৰাজ্যৰ কাল আৰম্ভ হ'ল। শৰৎ আৰু বসন্তৰ কালত চীনত জাগীৰ প্ৰথা বা ফেংজিয়াং বিলুপ্ত হৈছিল। ঝৌ ৰাজবংশ যদিও আনুষ্ঠানিকভাৱে বৃহৎ অঞ্চলৰ শাসক আছিল, সেই বংশৰ বাস্তৱিক প্ৰভাৱ কেৱল ৰাজধানীৰ ওচৰৰ কিছু অংশলৈকেহে বিস্তাৰিত আছিল। এনে অৱস্থাৰ ফালত জাগীৰসমূহ লাহে লাহে অধিক স্বাধীন হ'বলৈ ধৰিলে।[3] শৰৎ আৰু বসন্তৰ সুগৰ শেষলৈ আৰম্ভ হৈছিল যুদ্ধৰত ৰাজ্যৰ যুগ, যি যুগত ঝৌ ৰাজবংশই তলতীয়া ৰাজ্যসমূহৰ ওপৰত প্ৰায় সকলো নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু ৰজ্যসমূহ নিজৰ মাজতেই যুদ্ধত ব্যস্ত থাকিছিল।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Hsu 1990, পৃষ্ঠা. 547.
- ↑ "পশ্চিমচৌ ৰাজবংশ ও বসন্ত-শৰত আৰ যুদ্ধমান যুগ". ক্ৰি অনলাইন. http://bengali.cri.cn/chinaabc/chapter14/chapter140103.htm। আহৰণ কৰা হৈছে: ২৭ নভেম্বৰ ২০১৬.
- ↑ Chinn 2007, পৃষ্ঠা. 43.