বাগড়ী ভাষা (باگڑی/बागड़ी) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই হাৰিয়ানৱী, ৰাজস্থানী আৰু পাঞ্জাবীক সংযোগ কৰা ভাষা। এই ভাষাৰ নাম বাগড় অঞ্চলৰ পৰা অহা।[4] বাগড়ী ভাষী লোক ঘাইকৈ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ হনুমানগঢ় আৰু শ্ৰী গংগাধৰ জিলা, হাৰিয়ানাৰ সিৰসা জিলা আৰু পাঞ্জাবৰ ফজিল্কা জিলাৰ বাসী। কম সংখ্যাত বাগড়ী ভাষী লোক পাকিস্তানৰ পাঞ্জাবৰ বহৱলপুৰ আৰু বহৱলনগৰতো থাকে।

Bagri
बागड़ी, باگڑی[1]

Bagri in Devanagari and Arabic Nastaliq scripts.
থলুৱা অঞ্চল
অঞ্চল Bagar
জাতীয়তা Bagri
স্থানীয় ভাষিক
1,890,815 (2011 census)[2]
2001 Census 2,081,044 speakers of Bagri Rajasthani and Punjabi Bagri.[3]
ভাষা পৰিয়াল
লিখন প্ৰণালী Devanagari, Arabic Script (Nastaliq)
ভাষা সংকেত
ISO 639-3 bgq

হাৰিয়ানৱী, পাঞ্জাবী আৰু ৰাজস্থানীৰ দৰে অন্য ভাৰতীয়-আৰ্য ভাষাৰ দৰেই বাগড়ীতো বিষয়-বস্তু-ক্ৰিয়া ক্ৰম ব্যৱহাৰ কৰা হয়। বাগড়ীৰ আটইতকৈ চকুত লগা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য হ'ল অৰ্থবহুল সুৰৰ অস্তিত্ব: উচ্চ, মধ্য আৰু নিম্ন, পাঞ্জাবী ভাষাৰ দৰে।[5] এই ভাষাৰ হাৰিয়ানৱী ভাষাৰ সৈতে ৬৫% শব্দ সম্ভাৰৰ সামঞ্জস্য আছে। ২০১১ চনৰ ভাৰতৰ জনগণনাৰ মতে বাগড়ী ৰাজস্থানীৰ ২৩৪২২৭ আৰু পাঞ্জাবী বাগড়ীৰ ১৬৫৬৫৮৮জন কথোঁতা আছিল।[6]

বৈশিষ্ট্য সম্পাদনা কৰক

ধ্বনিতত্ত্ব সম্পাদনা কৰক

বাগড়ীত ৩১টা ব্যঞ্জনধ্বনি আছে, যাৰ মাজত মূৰ্ধন্য ধ্বনিও আছে। তদুপৰি, ১০টা স্বৰধ্বনি, ২টা ডিফটং আৰু ৩টা সুৰ আছে।

ক্ৰিয়া সম্পাদনা কৰক

  • ক্ৰিয়াৰ ৩টা কাল আৰ ৪টা মন আছে

বাগড়ীৰ বিষয়ে গৱেষণা/ অন্য কৰ্ম সম্পাদনা কৰক

  • Grierson, G. A. 1908. (Reprint 1968). Linguistic Survey of India. Volume IX, Part II. New Delhi: Motilal Banarasidass
  • Gusain, Lakhan. 1994. Reflexives in Bagri. M.Phil. dissertation. New Delhi: Jawaharlal Nehru University
  • Gusain, Lakhan. 1999. A Descriptive Grammar of Bagri. Ph.D. dissertation. New Delhi: Jawaharlal Nehru University
  • Gusain, Lakhan. 2000a. Limitations of Literacy in Bagri. Nicholas Ostler & Blair Rudes (eds.). Endangered Languages and Literacy. Proceedings of the Fourth FEL Conference. University of North Carolina, Charlotte, 21–24 September 2000
  • Gusain, Lakhan. 2000b. Bagri Grammar. Munich: Lincom Europa (Languages of the World/Materials, 384)
  • Gusain, Lakhan. 2008. Bagri Learners' Reference Grammar. Ann Arbor, Michigan: Northside Publishers
  • Wilson, J. 1883. Sirsa Settlement Report. Chandigarh: Government Press

তথ্য সংগ্ৰহ সম্পাদনা কৰক

গ্ৰন্থৰ তালিকা সম্পাদনা কৰক

  • Gusain, Lakhan (1999). A Descriptive Grammar of Bagri (PhD). 
  • Gusain, Lakhan (2000). Bagri. Languages of the world. Materials. প্ৰকাশক Munich: LINCOM Europa. ISBN 978-3-89586-398-1. 

বাহ্যিক সংযোগ সম্পাদনা কৰক