বাঢ়ৈটোকা
বাঢ়ৈটোকা বা কাঠৰোকা (ইংৰাজী : "Woodpecker" আৰু বৈজ্ঞানিক নাম : "picidae") ঠোঁটেৰে গছ খুলি পোক উলিয়াই খোৱা টান ঠোঁটৰ এবিধ মজলীয়া আকৃতিৰ চৰাই। পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে বিভিন্ন প্ৰজাতিৰ বাঢ়ৈটোকা পোৱা যায়।
বাঢ়ৈটোকা | |
---|---|
সোণ বাঢ়ৈটোকা | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | ক'ৰডাটা |
শ্ৰেণী: | চৰাই |
উপশ্ৰেণী: | Neornithes |
অনুশ্ৰেণী: | Neognathae |
মহাবৰ্গ: | Neoaves |
বৰ্গ: | Piciformes |
উপবৰ্গ: | Pici |
পৰিয়াল: | Picidae ভিগৰ্চ, ১৮২৫ |
Subfamily | |
Jynginae – wrynecks |
বাঢ়ৈটোকাৰ পাখিবিলাক বৰ ৰংচঙীয়া। পেটৰ ৰং বগা। মাজে মাজে ক'লা পাখি থাকে। পিঠিৰ ৰং সোণবৰণীয়া। ঠোঁটটো বটালিৰ দৰে টান। জোঙা আৰু মজবুত ঠোঁটটো খুব সঘনাই (মিনিটত এশবাৰ পৰ্যন্ত) গছৰ গাত বা কাঠত মাৰিব পাৰে আৰু এনেকৈ কাঠত ফুটাও উলিয়াব পাৰে। ঠেঙৰ আঙুলিবোৰৰ দুটা আগফাললৈ আৰু দুটা পিচফাললৈ মূৰ কৰি থাকে। আঙুলিৰ মূৰত তীক্ষ্ণ হাকোটা থাকে। ইহঁতে গছত বা আন ঠাইত ভালদৰে খামুচি, যিকোনো অৱস্থানত সুস্থিৰ হৈ ৰৈ থাকিব পাৰে। বাঢ়ৈটোকাৰ মূৰ আৰু ডিঙিৰ গঠনো বিস্ময়কৰ। এই বিশেষ গঠনে মূৰটো সঘনাই লৰচৰ কৰি থকা অৱস্থাত স্প্ৰিঙৰ দৰে কাম কৰি মগজুটোক আঘাতৰ পৰা বচাই ৰাখে। বাঢ়ৈটোকাই গছৰ বাকলা ফুটা কৰি তাৰ তলত সোমাই থকা পোক-পতংগবোৰ খায়। ইহঁতৰ জিভাখন বৰ দীঘল, পলাবলৈ ধৰা পতংগবোৰ সেই দীঘল জিভাখনেৰে ই ধৰি আনে। কিছুমানে শস্যৰ দানাও খায়। বাঢ়ৈটোকাই প্ৰায়ে যোৰ পাতি থাকে। গছত খোৰোং সাজি বা এনেয়ে থকা ধোন্দত বাহ সাজে। খোৰোং বা ধোন্দৰ মুখৰ ব্যাস সাধাৰণতে তিনি ইঞ্চিমানৰ হয়।
জানুৱাৰী পৰা মে' মাহৰ ভিতৰত ইহঁতে কণী পাৰে। তিনি সপ্তাহমান উমনি দিয়াৰ পাচত কণীৰ পৰা পোৱালি জাগে। পোৱালিবোৰ পাঁচসপ্তাহমানৰ পাচত বাহিৰ ওলায়। প্ৰজাতিৰ বিভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি এটা বাঢ়ৈটোক চৰাই ৮ চেণ্টিমিটাৰৰ পৰা ৫৫ চেণ্টিমিটাৰ মানলৈকে দীঘল হ'ব পাৰে। কিছুমান ক'লা-বগা বৰণৰো বাঢ়ৈটোকা আছে। অৱশ্য প্ৰায়বোৰৰে মূৰত ৰঙা বৰণৰ দাগ থাকে।